মৰমৰ আই – আয়শা ছিদ্দিকা

Pc StockCake

মৰমৰ আই

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

জনমৰ পূৰ্বৰ পৰাই যাৰ লগত
এক নিৰবিচ্ছিন্ন আত্মাৰ সম্পৰ্ক
তেৱেঁই মোৰ মৰমৰ আই।

কোনো প্ৰতিদান নিবিচৰাকৈ মাথোঁ
মৰম-চেনেহ আৰু ভালপোৱা দিয়ে
তেঁৱেই মোৰ মৰমৰ আই।

মোৰ ক্ৰন্দনৰ সামান্যতম শব্দই
যাৰ বুকু কঁপাই, অশান্ত কৰে ক্ষণতে
তেৱেঁই মোৰ মৰমৰ আই।

বেজাৰত মলিন হোৱা মুখখন চাই
যিয়ে অপ্ৰকাশিত কথা থিতাতে বুজি উঠে
তেৱেঁই মোৰ মৰমৰ আই।

অসুৰক্ষিত সমাজৰ কঠিন বাটত
যিয়ে মোক সুৰক্ষিত অনুভৱ কৰাই
তেৱেঁই মোৰ মৰমৰ আই।

হেজাৰ ক্লান্তিময় সময় অতিক্ৰম কৰি
যাৰ এষাৰ মাতে মোক শান্তি দিয়ে
তেৱেঁই মোৰ মৰমৰ আই।

নিজৰ আশা-আকাংক্ষা উৎসৰ্গিত কৰি
উফ্ শব্দ এটাও নকৰা মহীয়সী নাৰী
তেৱেঁই মোৰ মৰমৰ আই।

কেতিয়াবা গুৰু কেতিয়াবা সখি ৰূপ লৈ
যিয়ে সাসহ হৈ কাষত থিয় দিয়ে
তেৱেঁই মোৰ মৰমৰ আই।

যাৰ উদাৰতা, মহানুভৱতাৰ বৰ্ণনা
শব্দ-বন্ধনীৰে সমৰিব নোৱাৰি
তেৱেঁই মোৰ মৰমৰ আই।

পানীৰ দৰে  সৰল, শিল সদৃশ কঠিন
যাক তুলাচনীৰে ঠাৱৰ কৰা টান
তেৱেঁই মোৰ মৰমৰ আই।

আই তুমি যুগান্তকাৰী আই তুমি মহীয়সী
আই তুমি নিৰ্মাতা সোণোৱালী ভৱিষ্যতৰ
তুমিয়েই মহান , তুমিয়েই শ্ৰেয়।