ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ

ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ:: দুগৰাকী অধ্যাপকৰ বাবে গৱেষণাৰ পুঁজি মুকলি

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- আশীবছৰ গৰকা ঐতিহাসিক ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) ইতিহাসত খোদিত হ’ল এক নতুন অধ্যায়। সামাজিক দায়বদ্ধতা আৰু শিক্ষ-গৱেষণাৰ ক্ষেত্ৰত এক নৱ সংযোজন হিচাপে মহাবিদ্যালয়ৰ নিজা পুঁজিৰে গৱেষণা পৰিবেশ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ২০২৬ বৰ্ষৰ গৱেষণা প্ৰস্তাৱ আহ্বানৰ অধীনত অনুমোদিত দুটা শিক্ষক গৱেষণা প্ৰকল্পৰ ক্ষেত্ৰত পুঁজি আৱন্টন কৰা হয়। এই উদ্দেশ্যে মহাবিদ্যালয়ৰ অধ্যক্ষৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই মহাবিদ্যালয়খনৰ গৱেষণা আৰু উন্নয়ন কোষে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সৈতে সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা গৱেষণা প্রকল্পসমূহ আনুষ্ঠানিকভাৱে অনুমোদন জনায়।মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই কয়— এই পদক্ষেপৰ মূল লক্ষ্য হৈছে শিক্ষকসকলৰ মাজত গুণগত গৱেষণা, উদ্ভাৱন আৰু শৈক্ষিক সম্পৃক্ততাক উৎসাহিত কৰা । তেওঁ কয়—ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল উদ্দেশ্যসমূহক প্রতিফলিত কৰাৰ উদ্দেশ্যে মহাবিদ্যালয়ে লোৱা এই পদক্ষেপে গৱেষণা আৰু নতুন শৈক্ষিক উদ্ভাৱনীত এক নতুন মাত্ৰা প্ৰদান কৰিব। ইয়াৰোপৰি এনে পদক্ষেপে অনাগত দিনত ভাৰত চৰকাৰৰ দ্বাৰা আৱন্টিত বিভিন্ন উচ্চ স্তৰীয় গৱেষণাৰ প্ৰকল্প তথা ইয়াৰ অনুমোদন মহাবিদ্যালয়ৰ শৈক্ষিক সমাজক উৎসাহ প্রদান কৰিব।অনুমোদিত গৱেষণা প্ৰকল্পসমূহৰ ভিতৰত এটা ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ড° মধুমিতা পূৰকায়স্থক প্ৰদান কৰা হৈছে। আনটো গৱেষণা প্ৰকল্প যৌথভাৱে প্ৰদান কৰা হৈছে প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° হেমকাঞ্চন ফুকন আৰু ড° সুদর্শনা বৰাক। উল্লেখ্য যে, মহাবিদ্যালয়খনৰ গৱেষণা আৰু উন্নয়ন কোষে নীতি- আধাৰিত পদক্ষেপ,গৱেষণা সহায় ব্যৱস্থা আৰু আন্তঃ বিভাগীয় শৈক্ষিক কাৰ্যসূচীৰ জৰিয়তে এক সজীৱ গৱেষণা সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত সক্রিয়ভাৱেকাম কৰি আহিছে। অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° পার্থ গাংগুলী, শৈক্ষিক পৰিষদৰ সদস্য সচিব ড° জ্যোতি প্ৰসাদ ফুকন, আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড° দীপংকজ গগৈ, গৱেষণা আৰু উন্নয়ন কোষৰ সমন্বয়ক ড° ভাস্কৰ দাসৰ লগতে ভালেসংখ্যক অধ্যাপক- অধ্যাপিকা উপস্থিত থাকে।