ডিব্ৰুগড়ত দিগন্ত তামুলীক টাই আহোম যুৱ পৰিষদ অসমৰ প্রাথমিক সদস্যৰ পৰা বহিষ্কাৰ

ডিব্ৰুগড়ত দিগন্ত তামুলীক টাই আহোম যুৱ পৰিষদ অসমৰ প্রাথমিক সদস্যৰ পৰা বহিষ্কাৰ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ চুকাফা ভৱনত ১০/৫/২০২৬ তাৰিখে অনুষ্ঠিত টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ কেন্দ্রীয় কাৰ্য্যনিৰ্বাহক সভাত যোৱা ২৫ এপ্রিলত টাইপাৰ গুৱাহাটীস্থ উপমুখ্য কাৰ্য্যালয়ত টাইপাৰ কৰ্ণধাৰ সমিতিয়ে লোৱা সিদ্ধান্ত অনুসৰি এটা বিশেষ ৰাজনৈতিক দলৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ প্রার্থীক মুকলিকৈ সমৰ্থন কৰাৰ বাবে টাইপাৰ পৰা সদ্য অপসাৰিত সভাপতি দিগন্ত তামুলীক টাই আহোম যুৱ পৰিষদ অসম, (টাইপা)ৰ প্রাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।সেয়েহে উক্ত ব্যক্তিজনৰ লগত আহোম সমাজ আৰু সকলো দল সংগঠনক টাইপাৰ সাংগঠনিক কামকাজৰ ক্ষেত্রত আজিৰে পৰা কোনোধৰণৰ যোগাযোগ নাৰাখিবলৈ এক বিজ্ঞপ্তিৰ জৰিয়তে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ ভৃগু হাটিমুৰীয়া, যুটীয়া সম্পাদক দীপ দুৱৰাই আহ্বান জনায়।