অসমবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসমবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিৰ ৰাজ্যিক মুখ্য কার্যালয় বাজপেয়ী ভৱনত বিজেপিৰ বিধায়ক তথা এনডিএৰ বিধায়কসকলে সর্বসন্মতিক্রমে এনডিএৰ মুখ্যমন্ত্রী পদৰ প্রার্থী হিচাপে আৰু দলনেতা ৰূপে ড° হিমন্ত বিশ্ব শর্মাক বাছনি কৰে। বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত হোৱাৰ পিছত ড° হিমন্ত বিশ্ব শৰ্মাই এনডিএৰ সকলো বিধায়কৰ প্ৰতি গভীৰ কৃতজ্ঞতা আৰু শ্রদ্ধা জ্ঞাপন কৰে । বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত হোৱাৰ পিছতে বিধায়কসকলক সম্বোধন কৰি দিয়া এক ভাষণত ড° হিমন্ত বিশ্ব শর্মাই অসমবাসীকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। নিজ ভাষণত ড° শৰ্মাই অসমক দেশৰ ভিতৰতে আটাইতকৈ বিকশিত ৰাজ্যৰ মাজলৈ লৈ যোৱাই তেওঁৰ লক্ষ্য বুলি মন্তব্য কৰে আৰু কয় যে ইয়াৰ বাবে তেওঁ আই অসমীৰ সেৱাত সপ্তাহৰ প্ৰতিটো ঘণ্টাই নিয়োজিত থাকিব। নিজ ভাষণত তেওঁ কয়- বিজেপি আৰু এনডিএৰ কাৰণে আজি এটা গৌৰৱৰ দিন। একেৰাহে তিনিটা কাৰ্যকালৰ বাবে চৰকাৰ গঠনৰ এক বিৰল সন্মানৰ আমি অধিকাৰী হৈছোঁ। অসমৰ ৰাইজৰ আশীৰ্বাদত অসমৰ বিকাশৰ বাবে আমাক নির্বাচিত কৰিছে। তাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে নৱনিৰ্বাচিত বিজেপি, অগপ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সকলো বিধায়কৰ প্ৰতি বিজেপি-এনডিএৰ বিধায়িনী দলৰ নেতা হিচাপে বিশ্বাস প্রকাশ কৰাৰ বাবে কৃতজ্ঞ হৈ ৰ’লোঁ। ২০১৬ চনত আৰম্ভ হোৱা উন্নয়ন, সু-শাসন আৰু শান্তিৰ যাত্ৰাক আগুৱাই নিবলৈ প্রধানমন্ত্রী মোদী ডাঙৰীয়া, মাননীয় অমিত শ্বাহ ডাঙৰীয়া, মাননীয় জে পি নাড্ডা ডাঙৰীয়াৰ মাৰ্গ দৰ্শনেৰে টীম এনডিএই পুনৰবাৰ দৃঢ়তাৰে সংকল্পবদ্ধ হৈছে। আই অসমীৰ সেৱাত সপ্তাহৰ প্ৰতিটো ঘণ্টা নিয়োজিত থাকি অসমৰ পূৰ্ণ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ দিশত আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। মা কামাখ্যা আৰু গুৰুজনাৰ আশীৰ্বাদ, ৰাইজৰ মৰম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এক শান্তিপূর্ণ, সুৰক্ষিত আৰু বিকশিত অসম গঢ়াৰ যাত্ৰা অধিক শক্তিশালীৰূপে আগবাঢ়িব। অসমবাসীৰ আশিস, বিশ্বাস আৰু সমর্থনৰ বাবে ভাৰতীয় জনতা পার্টী আৰু মিত্রজোট সদায় কৃতজ্ঞ হৈ ৰ’ব। অসমবাসীক সেৱা কৰিবলৈকে আমি ৰাজনীতিলৈ আহিছোঁ আৰু তিনিটা দলৰ লক্ষ্যই হৈছে অসমৰ বিকাশ আৰু অসমক দেশৰ আটাইতকৈ বিকশিত ৰাজ্যৰ মাজলৈ লৈ যোৱা। এক জনমুখী সু-শাসন ব্যৱস্থা আৰু সকলো ক্ষেত্ৰতে অসমৰ পূৰ্ণ সম্ভাৱনাক অগ্ৰাধিকাৰ দি সময়োচিত পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত আমি সদায় সচেষ্ট হ’ম। অসমবাসী ৰাইজক অত্যন্ত শ্রদ্ধা আৰু আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ। অসমবাসীক এনেদৰে পৰৱৰ্তী দিনতো আশীর্বাদ দিবলৈ মই আকৌ এবাৰ প্ৰাৰ্থনা জনাইছোঁ।