ৰাজ্যপালৰ হাতত বিজয়ী বিধায়কৰ তালিকা অৰ্পণ কৰিলে মুখ্য নির্বাচনী বিষয়াই

ৰাজ্যপালৰ হাতত বিজয়ী বিধায়কৰ তালিকা অৰ্পণ কৰিলে মুখ্য নির্বাচনী বিষয়াই

ৰঙিলী বাৰ্ত্তাসেৱা-ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলসহ ভাৰতৰ নিৰ্বাচন আয়োগৰ এটা প্রতিনিধি দলে অসম বিধানসভাৰ নৱনিৰ্বাচিত ১২৬জনীয়া বিধায়কৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ হাতত দাখিল কৰে। ৰাজ্যত নতুন বিধানসভা গঠন কৰাৰ বাবে মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁৰ হাতত নৱনিৰ্বাচিত বিধায়কসকলৰ তালিকা দাখিল কৰে। উল্লেখ্য যে যোৱা ৪ মে’ত ঘোষণা কৰা ফলাফল অনুসৰি ১২৬জনীয়া বিধানসভাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই ১০২খন আসনত জয়লাভ কৰে। ইয়াৰ ভিতৰত বিজেপিয়ে ৮২খন আসনত, অগপই ১০খন আসনত, বিপিএফ দলে ১০খন আসনত জয়লাভ কৰে। আনহাতে ভাৰতীয় জাতীয় কংগ্রেছ নেতৃত্বাধীন মিত্রজোঁটে লাভ কৰে ২১খন আসন। ইয়াৰ ভিতৰত কংগ্রেছে ১৯খন আৰু ৰাইজৰ দলে লাভ কৰে ২খন আসন। লগতে এআইইউডিএফ দলে ২খন আৰু তৃণমূল কংগ্ৰেছে লাভ কৰে এখন আসন। ৰাজ্যপালক সাক্ষাতৰ লগতে মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে ৰাজ্যজুৰি শান্তিপূর্ণ স্বচ্ছ আৰু সফলভাৱে নির্বাচনী প্রক্রিয়া সম্পন্ন কৰাত সহায় আগবঢ়োৱা সংশ্লিষ্ট সকলোলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। দায়িত্বশীল আৰু উৎসাহেৰে গণতান্ত্রিক মূল্যবোধ ৰক্ষা কৰি নিৰ্বাচনত সক্রিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে অসমৰ ভোটাৰসকলকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ জিলা নির্বাচনী বিষয়া, ৰিটার্নিং বিষয়া, সহকাৰী ৰিটার্নিং বিষয়া, ইলেক্টৰেল ৰেজিষ্ট্ৰেচন বিষয়া, বুথ লেভেল বিষয়া, ভোটগ্রহণ, ভোটগণনাৰ সৈতে জড়িত সকলো বিষয়া-কর্মচাৰীকে তেওঁলোকৰ নিষ্ঠা, পেছাদাৰী মনোভাব আৰু অক্লান্ত পৰিশ্ৰমৰ বাবে বিশেষভাৱে প্রশংসা কৰে। শান্তিপূৰ্ণ আৰু সুচাৰৰূপে নির্বাচন সম্পন্ন কৰাত সহায় আগবঢ়োৱাৰ বাবে অসম আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, হোমগার্ড, আইন বলবৎকাৰী সংস্থা, বিভিন্ন চৰকাৰী বিভাগ, ৰাজনৈতিক দল, সংবাদ মাধ্যমকে ধৰি সকলো অংশীদাৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।