মুখ্যমন্ত্ৰী পদৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম সর্বসন্মতিক্রমে প্ৰস্তাৱ 

মুখ্যমন্ত্ৰী পদৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম সর্বসন্মতিক্রমে প্ৰস্তাৱ 

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে গুৱাহাটীৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ নতুন বিধায়িনী দলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নাম প্রস্তাৱ কৰিছে অসম গণ পৰিষদ দলে।  আনহাতে, দলৰ বিধায়িনী বৈঠকে সভাপতি তথা বোকাখাত সমষ্টিৰ পৰা বিজয়ী হৈ অহা মন্ত্রী অতুল বৰাক দলৰ নেতা হিচাপে নির্বাচিত কৰে। দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তক উপ-দলপতি হিচাপে নির্বাচিত কৰে বিধায়িনী দলৰ বৈঠকে। উল্লেখ্য যে বিগত চৰকাৰৰ দৰেই এইবাৰো অগপ দলে ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰত অংশীদাৰ হ’বলৈ আগবাঢ়িছে। আমবাৰীৰ কাৰ্যালয়ত দলৰ বিজয়ী সদস্যসকল আহি উপস্থিত হোৱাৰ পিছতে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। সভাপতি অতুল বৰাৰ নেতৃত্বত বহু প্রত্যাহ্বানৰ পিছতে ৰাজ্যৰ দহটা সমষ্টিত দলীয় প্রার্থী বিজয়ী কৰাই অনাৰ ক্ষেত্ৰত দলে লোৱা ভূমিকাক কৃতজ্ঞতা জনায় নৱনিৰ্বাচিত বিধায়কসকলে। আনহাতে, সভাপতি তথা বিধায়ক অতুল বৰাৰ সভাপতিত্বত হোৱা বিধায়িনী দলৰ বৈঠকে দলীয় প্রার্থীসকলক জয়ী কৰাই অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গ্ৰহণ কৰা ভূমিকাক কৃতজ্ঞতা আৰু ধন্যবাদ জনায়। বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি সভাপতি অতুল বৰাই বিধায়িনী দলৰ দায়িত্ব লাভ কৰা নেতাসকলৰ নাম ঘোষণা কৰে। মুখ্যমন্ত্রী পদৰ বাবে অগপই ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম সর্বসন্মতিক্রমে প্রস্তাৱ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। সংবাদ মেলত বৰাই কয়, আজিৰ বিধায়িনী দলৰ বৈঠকত বিজয়ী হৈ অহা বিধায়কসকলে অসমৰ মুখ্যমন্ত্ৰী পদৰ বাবে যোৱা পাঁচ বছৰত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত উন্নয়ন আৰু বিকাশৰ জোৱাৰ তোলা দক্ষ নেতা ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম সৰ্বসন্মতিক্রমে প্রস্তাৱ কৰে। এই সভাত উপস্থিত অগপৰ আটাইকেইগৰাকী বিধায়কে নিজা নিজা সমষ্টিত দ্রুত উন্নয়নৰ বাবে কাম কৰাৰ লগতে সমগ্ৰ অসমৰ উন্নয়ন তথা খিলঞ্জীয়া জনসাধাৰণৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান আৰু বিকাশৰ বাবে নিঃস্বার্থভাৱে নিজৰ সৰ্বস্ব উজাৰি দিবলৈ সংকল্পবদ্ধ হয়। বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত হোৱা সভাপতি অতুল বৰাই বিধায়িনী দলৰ দায়িত্বত থকা বিধায়কসকলৰ নামো সদৰী কৰে। সেই অনুসৰি বিধায়ক তথা বিগত চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তক উপ-দলপতি, ডিমৰীয়াৰ পৰা জয়ী হৈ অহা ড° তপন দাসক বিধায়িনী দলৰ সচিব আৰু বজালী সমষ্টিৰ পৰা জয়ী হৈ অহা ধৰ্মেশ্বৰ ৰয়ক দলৰ মুখ্য সচেতক হিচাপে নির্বাচিত কৰা হয়। এই সভাত পর্যবেক্ষক হিচাপে উপস্থিত থাকে দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ফণীভূষণ চৌধুৰী। ইফালে, বিধানসভা নির্বাচনত এনডিএই ১০২খন আসন লাভ কৰাৰ পিছতে মিত্ৰদল বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত এটা প্রতিনিধি দল আমবাৰীৰ কাৰ্যালয়ত উপস্থিত হয়। সভাপতি দিলীপ শইকীয়াৰ লগত আমবাৰীলৈ অহা দলৰ ভিতৰত আছে বিধায়ক, মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু ৰবীন্দ্ৰ ৰাজু, ৰিতুপৰ্ণ বৰুৱা, অশোক ভট্টৰায়, কুইন ওজা, ৰেখাৰাণী দাসবড়ো আদি।  ইয়াৰ পাছতে শেহতীয়া বিধানসভা নিৰ্বাচনৰ ঐতিহাসিক সফলতা আৰু সাফল্যৰ বিষয়ে আলোচনা কৰিবলৈ দুয়োটা দলৰ নেতাসকলে এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। দিলীপ শইকীয়াই অগপৰ সভাপতি তথা নৱনিৰ্বাচিত বিধায়িনী দলৰ নেতা অতুল বৰা, উপনেতা কেশৱ মহন্ত আৰু অগপৰ সকলো নৱনিৰ্বাচিত বিধায়কলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। যৌথ সভাত ভাষণ দি শইকীয়াই অনাগত পাঁচ বছৰত অগপৰ বিধায়কসকলে অসমৰ জনসাধাৰণৰ সেৱাত নিজকে সমর্পিত কৰি ৰাজ্যৰ সামাজিক আৰু উন্নয়নমূলক অগ্রগতিত অৰিহণা যোগাব বুলি আশা প্রকাশ কৰে। তেওঁ কয় ‘স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত ৪ মে’ক সোণালী আখৰেৰে লিপিবদ্ধ কৰা হ’ব। অসমৰ ১২৬খন আসনৰ ভিতৰত এন ডি এ মিত্রজোঁটে ১০২খন আসনত জয়লাভ কৰে। এই বিজয় অসমৰ জনসাধাৰণৰ, ৰাজ্য আৰু জাতিক ভালপোৱা প্ৰতিজন নাগৰিকৰ। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এই নির্বাচনত সবল নেতৃত্বৰ বাবে কঠোৰ পৰিশ্ৰমী, জনকেন্দ্ৰিক আৰু দূৰদৰ্শী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ড° শৰ্মাৰ নেতৃত্বত এন ডি এয়ে একেৰাহে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব বুলি আস্থা প্রকাশ কৰে।