নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ ফাইনেল মেচ
ৰঙিলী বাৰ্ত্তাসেৱা- বেংগালুৰুৰ পৰা স্থানান্তৰিত হ’ল অহা ৩১ মে’ত অনুষ্ঠিত হ’ব লগা চলিত আইপিএলৰ ফাইনেল মেচখন। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ৩১ মে’ ২০২৬ত অনুষ্ঠিত হ’বলগীয়া ফাইনেলখন এতিয়া আহমেদাবাদস্থিত নৰেন্দ্ৰ মোডী ষ্টেডিয়ামলৈ স্থানান্তৰ কৰা হৈছে। বুধবাৰে বিচিচিআয়ে ঘোষণা কৰিলে নতুন স্থান। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডে বুধবাৰে আইপিএলৰ প্লে’অফৰ সূচী ঘোষণা কৰে। কোটিপতি লীগখনৰ নিয়ম অনুসৰি ডিফেণ্ডিং চেম্পিয়ন দলৰ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হয় আইপিএলৰ ফাইনেল। যোৱা বছৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেম্পিয়ন হোৱাৰ বাবে চিন্নাস্বামী ষ্টেডিয়ামত এইবাৰৰ আইপিএলৰ ফাইনেল মেচখন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বুধবাৰে ঘোষণা কৰা হ’ল যে বেংগালুৰুত ফাইনেল মেচখন অনুষ্ঠিত নহ’ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খিতাপ যুঁজৰ মেচখন। ব’ৰ্ডে ঘোষণা কৰা সূচী অনুসৰি, ২৬ মে’ত ধৰমশালাত অনুষ্ঠিত হ’ব প্ৰথমখন কোৱালিফায়াৰ। এলিমিনেটৰ আৰু দ্বিতীয়খন কোৱালিফায়াৰ ক্ৰমে ২৭ আৰু ২৯ মে’ত মুলনপুৰত অনুষ্ঠিত হ’ব। ব’ৰ্ডৰ বিবৃতিত কয় যে বিচিচিআয়ে আইপিএলৰ প্লে’অফৰ সময়সূচী ঘোষণা কৰিছে। ৭০খন ৰোমাঞ্চকৰ লীগ মেচৰ অন্তত এতিয়া আমি প্রতিযোগিতাখনৰ মূল পর্যায়লৈ আগবাঢ়িছোঁ। প্রথম কোৱালিফায়াৰত পইন্ট তালিকাৰ শীৰ্ষ স্থানপ্রাপ্ত দল দুটা মুখামুখি হ’ব। ২৬ মে’ত ধৰমশালাত অনুষ্ঠিত হ’ব এই মেচখন। ২৭ মে’ত চণ্ডীগড়ৰ নিউ ইণ্টাৰনেচনেল ক্রিকেট ষ্টেডিয়ামত এলিমিনেটৰ মেচখন অনুষ্ঠিত হ’ব। তৃতীয় আৰু চতুর্থ স্থানপ্রাপ্ত দল দুটা মুখামুখি হ’ব। ২৯ মে’ত একেটা স্থানতে অনুষ্ঠিত হ’ব দ্বিতীয়খন কোৱালিফায়াৰ। ইপিনে, ৩১ মে’ত আহমেদাবাদত অনুষ্ঠিত হ’ব আইপিএলৰ মেগা ফাইনেল। উল্লেখ্য যে এই সিদ্ধান্তৰ আঁৰত স্থানীয় ৰাজনীতিবিদ আৰু কৰ্তৃপক্ষৰ অযুক্তিকৰ দাবী মূল কাৰণ বুলি এক সূত্ৰত প্ৰকাশ । বিশেষকৈ বিধায়কৰ টিকটৰ দাবীয়ে ফাইনেল মেচখন আয়োজনত সমস্যাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ বাবেই ফাইনেল মেচখন আহমেদাবাদলৈ স্থানান্তৰ কৰা হয়।
