নেজাল তৰা
মিতালি বৰঠাকুৰ,মালিগাওঁ ,গুৱাহাটী
এটা নীল বৰণীয়া চৰাই আকাশ ধিয়াই গৈ আছে
ৰিং মাৰি সুধিলো কিবা খবৰ পাইছা নে কি
সেই নেজাল তৰা বোৰৰ?
মইয়ো আকাশ ধিয়াই চাই আছো এটা মেজাল তৰা
প্ৰাৰ্থনা কৰি চাম কিজানিবা আনে
তোমাৰ সুখৰ বতৰা
তুমি জানা নে – –
মেঘে মেঘে কিয়নো ওফোণ্ড পাতে !
যাৰ বাবে চিপ্ চিপ্ বৰষুণ সৰে
আজি ৰাতি তৰাবোৰক সুধি চাম
ডাৱৰৰ বুকুত জোনটোৱে কিয়নো চকুলো টোকে !
