মোৰ সংকল্প
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
নাই কোনো দুৰাশা
নকওঁ মনৰ কথা
নিজকে চিন্তামুক্ত কৰি
ব্ৰতি হ’ম আনৰ সেৱাত
এয়ে মোৰ সংকল্প।
দুখ বেদনা বিষাদেৰে আৱৰা
এই ক্ষুদ্র জীৱনত মৃত্যু আহিলেও
নাযাওঁ কাৰোবাক ক’বলৈ
হৃদয়ৰ গোপন কথা।
জীয়াই আছোঁ তথাপি মৃত
কাক বুজাম কোনে বুজিব
সুখৰ সন্ধান বিচাৰি
পাওঁ দুখৰ জোলোঙা!
বাৰে বাৰে আঘাত সানে
এয়া আমাৰ বংশধৰ
কিনো ভুল আছিল মোৰ
নাজানো কিমান দিন
আপোন হৈ থাকিব পৃথিৱীখন।
নোৱাৰোঁ সহিব মই
হঠাতে এদিন যাম গৈ
এই মায়াময় পৃথিৱী এৰি
সহস্র সপোন মোৰ
কিনো হ’ব এই জগতৰ?
