সদৌ অসম ভিত্তিত স্ব-ৰচিত কবিতা প্ৰতিযোগিতালৈ কবিতা আহ্বান
ৰঙিলী বাৰ্ত্তাসেৱা- শব্দৰ দলিচা সাহিত্য মঞ্চৰ দ্বাৰা অনুষ্ঠিত কৰা স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ বাবে কবিসকলৰ পৰা যিকোনো বিষয়ৰ কবিতা বিচৰা হৈছে। বিষয়ববীয়া সকলে জানিবলৈ দিয়ামতে কবিতাৰ কোনো নিৰ্দিষ্ট বিষয় নিৰ্ধাৰিত কৰা হোৱা নাই। কবিসকলে কবিতাৰ লগত নিজৰ সম্পূৰ্ণ ঠিকনা আৰু একোখনকৈ ফটো দিয়াটো বাঞ্ছনীয় বুলি অৱগত কৰিছে । কবিসকলৰ মাজত কবিতা লিখাৰ অভ্যাস গঢ়ি তুলিবলৈ পৰৱৰ্তী সময়ত তেওঁলোকে শব্দৰ দলিচা সাহিত্য মঞ্চৰ” বৰ্ষশ্ৰেষ্ঠ কবি ” সন্মান প্ৰদান কৰাৰ কথা মুখ্য সম্পাদক মনোৰঞ্জন বৰাই ঘোষণা কৰে। কবিতা প্ৰতিযোগিতাৰ বাবে তেওঁলোকে কিছু নিয়ম বান্ধি দিছে – প্ৰতিযোগিতালৈ কবিসকলে স্ব-ৰচিত তিনিটা কবিতা প্ৰেৰণ কৰিব লাগিব। প্ৰতিযোগিতালৈ দিয়া কবিতাসমূহৰ মাধ্যম অসমীয়া, ইংৰাজী আৰু হিন্দী হ’ব পাৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে লগতে তেওঁ কয় যে প্ৰতিযোগিতাৰ মাচুল হিচাপে প্ৰতিযোগী সকলে ষাঠি টকা দিব লাগিব। প্ৰতিযোগিতাত কোনো বয়সৰ সীমা নাই । কবিতা সমূহ টাইপিং কৰি হোৱাটচএপ যোগে 8099617629 এই নম্বৰত প্ৰেৰণ কৰিব লাগিব বুলি জনায় লগতে কয় যে কবিতা প্ৰেৰণৰ অন্তিম তাৰিখ ২৫ মে’ ।
প্ৰতিযোগিতাৰ অন্তত বিজয়ী তিনিগৰাকীক পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। লগতে তেওঁলোকে ” কাব্য প্ৰেৰণা বঁটা ” ৰ বাবে কবিতা আহ্বান কৰিছে সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে হোৱাটচএপ যোগে 8099617629 এই নম্বৰত ।
