মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি লোকভৱনত উপস্থিত হৈ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ হাতত মুখ্যমন্ত্রী পদৰ পদত্যাগ পত্র দাখিল কৰে। ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান কৰি ইতিমধ্যে তেওঁ নতুনকৈ চৰকাৰ গঠন কৰিবৰ বাবে অনুমতি গ্ৰহণ কৰে ৷ সাংবিধানিক বিধি অনুসৰি ৰাজ্যপালে পদত্যাগ পত্ৰ গ্ৰহণ কৰিলেও নতুনকৈ শপতগ্ৰহণ নোহোৱা পৰ্যন্ত ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হৈ থাকিব ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ লোকভৱনত ৰাজ্যপাল আচাৰ্যৰ সৈতে সাক্ষাৎ কৰাৰ পাছতে ড০ শৰ্মাই নতুন চৰকাৰ গঠনৰ বাবে পৰৱৰ্তী কাৰ্যসূচীৰ দিশে আগবাঢ়ে। এই সময়ছোৱাত মন্ত্ৰী ৰণোজ পেগু, বিধায়ক মানৱ ডেকা উপস্থিত আছিল। কেন্দ্ৰীয় পৰ্যৱেক্ষক জেপি নাড্ডা আৰু নায়াব সিং ছৈনীৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰি তাতেই নেতা নিৰ্বাচন কৰা হ’ব ৷ সেই বৈঠকৰ পাছত এনডিএৰ বৈঠক হ’ব ৷ তাতেই মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীৰ বিষয়ে আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে জনোৱা মতে অহা ১১ মে’ৰ পিছতহে অসমত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ মুখ্যমন্ত্ৰীয়ে অকলেই শপত গ্ৰহণ কৰিব নে নতুনকৈ মন্ত্ৰীসভা গঠন কৰি সকলো সদস্যৰ সৈতে শপত ল’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ প্ৰধানমন্ত্ৰী তথা জেপি নাড্ডা আৰু নায়াব সিং ছৈনীৰ সেউজ সংকেতৰ পাছতেই চূড়ান্ত কৰা হ’ব শপত গ্ৰহণৰ তাৰিখ ৷ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী উপস্থিত থকাৰ সম্ভাৱনা আছে ৷ তাৰ পাছতেই অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বিশেষ বৈঠক ৷ এই বৈঠকতেই সকলো বিধায়কে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰিব ৷ বৈঠকৰ পূৰ্বেই নিৰ্বাচন কৰা হ’ব প্ৰ’টেম অধ্যক্ষ ৷ তেৱেঁই বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব ৷ উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত এক ঐতিহাসিক জনাদেশ লাভ কৰিলে এনডিএই ৷ বিজেপিয়ে ৮২ খন আসনত বিজয় সাব্যস্ত কৰাৰ লগতে অগপই ১০ খন আৰু বিপিএফে ১০ খন আসন লাভ কৰে । ইফালে এইবাৰৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় বিৰোধী । কংগ্ৰেছে ১৯ খন আসন লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলে দুখন আসন লাভ কৰে । তাৰোপৰি এআইইউডিএফে দুখন আৰু তৃণমূল কংগ্ৰেছে এখন আসন লাভ কৰিছে ।
