বহু প্রতীক্ষাৰ অন্তত সোমবাৰে অনুষ্ঠিত হ’ব ভোটগণনা
ৰঙিলী বাৰ্ত্তাসেৱা- মাজত মাথোঁ আৰু এটা দিন। নির্বাচন আয়োগৰ পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰি সোমবাৰে অনুষ্ঠিত হ’ব ভোটগণনা। ইতিমধ্যে নির্বাচন আয়োগে পুৱা আঠ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ভোট গণনাৰ বাবে সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। সেইদিনাই ৰাজ্যৰ ৩৫ জিলাৰ ৪০টা ভোটগণনা কেন্দ্রত শাসক-বিৰোধী-নির্দলীয় ৭২২ প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব। কোকৰাঝাৰ, তিনিচুকীয়া আৰু যোৰহাট জিলাত দুটাকৈ ভোটগণনা কেন্দ্ৰৰ ব্যৱস্থা কৰাৰ বিপৰীতে নগাঁও জিলাত থাকিব তিনিটা। বাকী জিলাসমূহত এটাকৈ ভোটগণনা কেন্দ্ৰৰ পৰিকল্পনা কৰা হৈছে। সোমবাৰে পুৱা আঠ বজাৰ লগে লগে প্রথমে প’ষ্টেল বেলটসমূহ গণনা কৰা হ’ব। ইয়াৰ পাছত ই ভি এমত থকা ভোট গণনা কৰা হ’ব। আনহাতে, ভোট গণনাৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ভোট গণনা কেন্দ্ৰতে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। আনকি প্রতিটো ভোট গণনা কেন্দ্ৰৰ এশ মিটাৰ ব্যাসার্ধৰ ভিতৰত মোতায়েন কৰা হ’ব অসম আৰক্ষীৰ দল। একেদৰে ভোট গণনা কেন্দ্রত প্রতিটো মুহূর্ততে সক্রিয় হৈ থাকিব উচ্চ ক্ষমতাসম্পন্ন চি চি কেমেৰাও। ইতিমধ্যে প্রতিখন জিলা প্রশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰিছে। সেই অনুসৰি ভোট গণনা কেন্দ্ৰৰ এশ মিটাৰ ব্যাসার্ধৰ ভিতৰত কোনো কাৰণতেই পাঁচজন বা ততোধিক ব্যক্তি সমৱেত হ’ব নোৱাৰিব। একেদৰে ভোট গণনা কেন্দ্ৰৰ এশ মিটাৰ এলেকাত গাড়ী পার্কিং কৰিব নোৱাৰিব আৰু কোনো অস্থায়ী দোকানো খুলিব নোৱাৰিব। বৈধ পৰিচয় থকা লোকসকলহে কেন্দ্র গণনাৰ চৌহদত প্ৰৱেশ কৰিব পাৰিব। আনকি সেইদিনা কোনোৱে লাঠী বা অস্ত্র হাতত লৈ সমদল কৰিব নোৱাৰিব। ফুটাব নোৱাৰিব কোনো ফটকা বা আতচবাজীও। মাইক, ডি জে আদিও ব্যৱহাৰ কৰাত বাধা আৰোপ কৰা হৈছে। ইতিমধ্যে নির্বাচন আয়োগে ভোটগণনাৰ বাবে সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বিশেষকৈ সমগ্র প্রক্রিয়াটো যাতে স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিব পৰা যায়, তাৰ ওপৰত প্ৰধানতঃ গুৰুত্ব আৰোপ কৰিছে নির্বাচন আয়োগে। পূর্বে উল্লেখ কৰি অহা হৈছে যে ৪০টা কেন্দ্রত সম্পন্ন হ’ব ভোটগণনা। কোকৰাঝাৰ, তিনিচুকীয়া আৰু যোৰহাট জিলাত দুটাকৈ ভোটগণনা কেন্দ্ৰৰ ব্যৱস্থা কৰাৰ বিপৰীতে নগাঁও জিলাত থাকিব তিনিটা। বাকী জিলাসমূহত এটাকৈ ভোটগণনা কেন্দ্ৰৰ পৰিকল্পনা কৰা হৈছে। ৰাজ্যৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে এজনকৈ অর্থাৎ ১২৬জন কাউন্টিং অৱজাৰভাৰ নিয়োগ কৰিছে নির্বাচন আয়োগে। তদুপৰি ভোটগণনাত নিয়োজিত থাকিব ৫,৯৮১জন বিষয়া আৰু ২,৩৪৮জন মাইক্ৰ’ অৱজাৰভাৰ। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি নিৰাপত্তাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। সম্প্রতি ষ্ট্ৰং ৰুমসমূহৰ লগতে ভোটগণনাৰ বাবে মোতায়েন কৰা হৈছে কেন্দ্ৰীয় সশস্ত্র বাহিনীৰ ২৫টা কোম্পানীৰ উপৰি বিশেষ সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১৩টা কোম্পানী আৰু এটা প্লাটুন। ইয়াৰ উপৰি ষ্ট্ৰং ৰুমসমূহত ৮০০ আৰক্ষী জোৱান নিয়োজিত হৈ আছে। লগতে ষ্টেটিক ডিউটীত কেন্দ্ৰীয় সশস্ত্র বাহিনীৰ দুটা, জিলাসমূহত অসম আৰক্ষীৰ বিশেষ সশস্ত্র বাহিনীৰ ৯৩টা কোম্পানী আৰু ৮৫ কমাণ্ডোক সাজু কৰি ৰাখিছে নির্বাচন আয়োগে। উল্লেখ্য যে এইবাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৭২২ প্ৰাৰ্থীৰ ভিতৰত সৰ্বাধিক ২৫৮জন হৈছে নির্দলীয়। ইয়াৰ পিছতে কংগ্ৰেছৰ ৯৯জন প্রার্থীয়ে ভোটযুদ্ধত অৱতীৰ্ণ হৈছে। বাকী প্রার্থীসকলৰ ভিতৰত বিজেপিৰ ৯০জন, আপৰ ১৮জন, চিপিআইএমৰ দুজন, অগপৰ ২৬জন, এআইইউডিএফৰ ৩০জন, বিপিএফৰ ১১জন, ইউপিপিএলৰ ১৮জন, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ ২জন, তৃণমূল কংগ্ৰেছৰ ২২জন, অগ্নি জনতা পাটীৰ ২জন, অজাপৰ ১০জন, ভাৰতীয় গণ পৰিষদৰ ৪জন, চিপিআইৰ ৩জন, চিপিআই (এমএল) ৰ ৩জন, গণ সুৰক্ষা পাটীৰ ১০জন, গোগুৱানা গণতন্ত্ৰ পাৰ্টীৰ ৩জন, ঝাৰখণ্ড মুক্তি মৰ্চাৰ ১৬জন, নেচনেল পিপল পার্টীৰ ২জন, ৰাইজৰ দলৰ ১৩জন, ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ ১০জন, ৰিপাব্লিকান পার্টী অৱ ইণ্ডিয়া (আঠাৱালে) ৰ ৪জন, ৰিভল্যুচনেৰী কমিউনিষ্ট পার্টী অৱ ইণ্ডিয়া (ৰসিক ভট্ট)ৰ ১জন, এছইউচিআই (কমিউনিষ্ট)ৰ ৪১জন, দ্য নেচনেল ৰোডমেপ পার্টী অৱ ইণ্ডিয়াৰ ২জন, বিকাশ ইণ্ডিয়া পার্টীৰ ৫জন আৰু ভোটাৰ্ছ পার্টী ইণ্টাৰনেচনেলৰ ১৭জন। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এইবাৰ বিধানসভা নির্বাচনত অভিলেখসংখ্যক ৮৫.৩৮ শতাংশ ভোটদান হৈছে অসমত। ইয়াৰ পূৰ্বে ২০০১ চনত ৭৫.১৬, ২০০৬ চনত ৭৫.৭২, ২০১১ চনত ৭৬.০৫, ২০১৬ চনত ৮৪.৬৪ আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮২.০২ শতাংশ।
