১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ছামিম আহমেদক
ৰঙিলী বাৰ্ত্তাসেৱা- মঠঘৰীয়াত দেওবাৰে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিগৰাকী যুৱতী আকাংক্ষা শইকীয়া, পূজা সাহা আৰু আৰ্মিনা আহমেদে। দুৰ্ঘটনাৰ পাছত মহানগৰ আৰক্ষীয়ে চলোৱা তদন্তত নিত্যনতুন তথ্য পোহৰলৈ আহিছে। ত্ৰিপুৰা নহয়, অসমৰ গোৱালপাৰাৰ নামপাৰাৰ বাসিন্দা আছিল অভিশপ্ত গাড়ীখনৰ চালক ছামিম আহমেদ। ২০১৩ চনত গুৱাহাটীলৈ আহি জিএছটিৰ কাম-কাজৰ সৈতে জড়িত হৈ পৰা ছামিমে নিজৰ ঠিকনা ত্ৰিপুৰা বুলি কৈ আৰক্ষীক বিভ্রান্ত কৰিবলৈ আৰম্ভণিৰ পৰাই চেষ্টা চলাই আহিছিল। কিন্তু আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তোলাৰ পাছতে এফালৰ পৰা পোহৰলৈ আহিছে ছামিমৰ নিকৃষ্ট কাণ্ডসমূহ। উল্লেখ্য যে মহানগৰ আৰক্ষীয়ে জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাছত ছামিমক আদালতত হাজিৰ কৰে। আদালতে শনিবাৰে ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত ছামিম আহমেদক। অহা ১২ এপ্ৰিললৈকে ন্যায়িক জিম্মাত থাকিব লাগিব ছামিম আহমেদ। ছামিমক লৈ শেহতীয়াকৈ বহু তথ্য পোহৰলৈ আহিছে। এই সন্দৰ্ভত বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, এছক’ৰ্ট ছাৰ্ভিচৰ নামতো ছামিমে দীর্ঘদিন ধৰি বেপাৰ চলাই আহিছিল। ছামিমক গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীয়ে ম’বাইল ফোন পৰীক্ষা কৰাৰ পাছত বহু তথ্য লাভ কৰিছে। সূত্ৰটোৱে সদৰী কৰা মতে, ধৃত ছামিমৰ কললিষ্টত বহু যুৱতীৰ নম্বৰ লাভ কৰা হৈছে। অকল সেয়াই নহয়, মহানগৰীৰ বহু হাইপ্রফাইল লোকৰো নম্বৰ আৰক্ষীয়ে লাভ কৰিছে। ম’বাইল ফোনত এনেধৰণৰ বহু যুৱতী তথা হাইপ্রফাইল লোকৰ বাৰ্তালাপৰ তথ্যও তদন্তকাৰী দলে লাভ কৰিছে। লক্ষণীয় যে কোনোধৰণৰ কাম নকৰাকৈ এটা আভিজাত জীৱন যাপন কৰি আহিছিল ছামিম আহমেদে। মৃত তিনি যুৱতীৰ বাদেও প্রতিদিনে নতুন নতুন যুৱতীৰ সৈতে মহানগৰীৰ আভিজাত বাৰত দুপৰনিশালৈকে পার্টী কৰিছিল ছামিম আহমেদে। এই যুৱতীসকল ছামিমৰ এছক’ৰ্ট ছাৰ্ভিচৰ সৈতে জড়িত থকাৰ সম্ভাৱনা সূত্ৰটোৱে কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি অধিক তথ্য আহৰণৰ বাবে চেষ্টা চলাইছে। ইয়াৰ বাদেও ২০১৩ চনত গুৱাহাটীলৈ আহি জিএছটিৰ কাম-কাজৰ সৈতে জড়িত হৈ পৰা ছামিম আহমেদৰ নামত জিএছটি কেলেংকাৰিৰো অভিযোগ উত্থাপিত হৈছে। এই সন্দর্ভতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই। শেহতীয়াকৈ আৰক্ষীয়ে মঠঘৰীয়াৰ এটা নলাৰ পৰা ছামিম আহমেদৰ তেজলগা কাপোৰ-কানি জব্দ কৰিছিল। এই সন্দর্ভত অধিক তথ্য আহৰণৰ বাবে ছামিম আহমেদৰ তেজৰ নমুনা সংগ্ৰহৰ অনুমতি বিচাৰি আদালতত আৰক্ষীয়ে আবেদন জনোৱাৰ পিছত আদালতে এই অনুমতি প্রদান কৰে। ন্যায়িক জিম্মাত কাৰাগাৰলৈ প্ৰেৰণ কৰিলেও কাৰাগাৰৰ পৰাই নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব পাৰিব আৰক্ষীয়ে। প্রয়োজনত ছামিম আহমেদক সোধা-পোছাও কাৰাগাৰত চলাব পাৰিব আৰক্ষীয়ে।
