গুৱাহাটীত বিৰোধী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটীত বিৰোধী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- নিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাজত মাত্র এটা দিন বাকী থকা অৱস্থাত শনিবাৰে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্রজোঁটে গুৱাহাটীৰ গুৱাহাটীৰ বশিষ্ঠস্থিত হোটেল ৰত্নমৌলী পেলেচত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কর্ণাটকৰ উপ-মুখ্যমন্ত্রী তথা অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ নিৰ্বাচনী পর্যবেক্ষক ডি কে শিৱকুমাৰ, চত্তীশগড়ৰ প্রাক্তন মুখ্যমন্ত্রী ভূপেশ ৱাঘেল, ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্রী বন্ধু তিকী আৰু অসমৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, মিত্ৰদল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিআইএম আৰু চিপিআইএমএলৰ নেতৃবৰ্গৰ লগতে কাৰ্বি পাহাৰৰ দল এপিএইচএলচিৰ সভাপতি জন ইংতি কাথাৰেও অংশগ্ৰহণ কৰে। নির্বাচনত অৱতীৰ্ণ হোৱা বিৰোধী দলসমূহৰ প্ৰাৰ্থীসকলৰ উপস্থিতিত আয়োজিত এই বৈঠকত আটায়েই ৪ মে’ৰ ফলাফলত কংগ্ৰেছ নেতৃত্বাধীন মিত্রজোঁটে এনডিএ চৰকাৰক ওফৰাবলৈ সমৰ্থ হ’ব বুলি দৃঢ় মত পোষণ কৰে আৰু সেই অনুযায়ী ভৱিষ্যৎ কার্যপন্থা সম্পর্কে আলোচনা কৰে। ভোটগণনাৰ সময়ত যাতে কোনো এটা ভোটগণনা কেন্দ্রতে শাসকপক্ষই খেলিমেলি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ল’বলগীয়া প্রয়োজনীয় ব্যৱস্থা সন্দর্ভতো বৈঠকত আলোচনা কৰা হয়। বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান, বিকাশ উপাধ্যায়, সাংসদ ৰকিবুল হুছেইন, দেৱব্রত শইকীয়া, চিপিআইএম দলৰ ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰকে আদি কৰি কেইবাগৰাকী জ্যেষ্ঠ নেতাই অংশগ্রহণ কৰে। এই বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে দৃঢ়তাৰে কয় যে উজনি, নামনি, বৰাক, পার্বত্য অঞ্চলকে ধৰি সমগ্ৰ অসমতে সৰ্বস্তৰৰ ৰাইজে এইবাৰ নতুন এখন চৰকাৰ গঢ় দিবলৈ নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। ৪ মে’ৰ ফলাফলত ইয়াৰ স্পষ্ট প্রতিফলন দেখিবলৈ পোৱা যাব বুলিও দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ লগতে কয় যে ভোটগ্রহণৰ দিনৰ পৰা আজিলৈকে বিভিন্ন ঠাইত শাসনাধিষ্ঠিত দলটোৱে নিজৰ প্ৰভাৱ খটুৱাই বেমেজালিৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল যদিও তৃণমূল পর্যায়ত কাম কৰি থকা বিৰোধীৰ নেতা-কর্মী তথা সচেতন ৰাইজে খবৰ দিয়া মাত্রকে তেনে বেমেজালি সন্দর্ভত প্রশাসনক অভিযোগ দাখিল কৰি তৎপৰতাৰে সেয়া নাইকিয়া কৰা হৈছে। ভোটগণনাৰ সময়ত যাতে কোনোধৰণৰ পক্ষপাতিত্বমূলক কাণ্ড-কাৰখানা সংঘটিত হ’ব নোৱাৰে সেই সন্দৰ্ভত বিৰোধীৰ প্ৰাৰ্থী তথা আন কর্মকর্তাসকলৰ সৈতে উক্ত বৈঠকত বিশদভাবে আলোচনা কৰা হয় বুলিও জানিবলৈ দিয়ে গৌৰৱ গগৈয়ে। ইফালে এগজিট প’ল সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে এগজিট প’লৰ জৰিয়তে যি বিভ্রান্তিৰ সৃষ্টি কৰিবলৈ শাসক পক্ষই চেষ্টা চলাইছে, সেই বিভ্রান্তিত বিৰোধী দলৰ কোনো নেতা-কর্মীয়ে ভৰি দিয়া নাই আৰু অসমৰ ৰাইজেও ভৰি দিয়া নাই। আনহাতে, সংবাদমেলত কর্ণাটকৰ উপ-মুখ্যমন্ত্রী ডি কে শিৱকুমাৰে কয় যে অসমত এইবাৰ নতুন চৰকাৰ হোৱাটো নিশ্চিত। ভোটগণনাৰ দিনা শাসক পক্ষই বিভিন্ন কূট-কৌশল অবলম্বন কৰিবলৈ চেষ্টা চলাব। প্রশাসন যন্ত্ৰকো ব্যৱহাৰ কৰিবলৈ অপচেষ্টা চলাব। বিজেপিৰ বিৰুদ্ধে আমি বহু নির্বাচন খেলিছোঁ আৰু অভিজ্ঞতাৰ দিশৰ পৰা এই কথা আমি ভালকৈয়ে জানো। সেয়ে আমি সকলোৱে সষ্টম হৈ আছোঁ। দিল্লীত আমাৰ ৱাৰৰূম সষ্টম হৈ থাকিব। আমাৰ লিগেল দলো অসমত সক্রিয় হৈ আছে। আমি আমাৰ প্ৰাৰ্থীসকলক সকলো সময়তে সুৰক্ষিত কৰি ৰাখিবলৈ বদ্ধপৰিকৰ। আনহাতে, এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিতে কয় যে ভয়-ভাবুকি প্ৰদান কৰি বিজেপি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । কোটি কোটি টকা বিজেপিয়ে নিৰ্বাচনত ব্যয় কৰিছিল । ভোট ক্ৰয় কৰাৰ কাম কৰিছিল । তথাপিও কংগ্ৰেছ আৰু মিত্রদলে শক্তিশালীভাৱে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । বিজেপি যদি ইমান আত্মবিশ্বাসী তেন্তে কিয় প্ৰধানমন্ত্রী, গৃহমন্ত্রী বাৰে বাৰে অসমলৈ আহিবলগীয়া হৈছিল । মুখ্যমন্ত্রীৰ ভাষাত হতাশা স্পষ্টৰূপে প্ৰতিফলিত হয় । এগজিট প’ল সম্পূৰ্ণ ভুল । মেনেজ কৰি এগজিট প’ল প্ৰকাশ কৰা হৈছে । এইবাৰ কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। সংবাদমেলত ভাগ লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে ৪ মে’ত বিৰোধীৰ মিত্রজোট জয়ী হ’ব আৰু গৌৰৱ গগৈ অসমৰ নতুন মুখ্যমন্ত্রী হ’ব। অখিল গগৈয়ে কয় যে, ১৯৯৩ চনৰ পৰা মই মানুহৰ লগত আছোঁ। সভা-সমিতি, আন্দোলন কৰি আহিছোঁ। মানুহৰ মনৰ কথা মই বুজি পাওঁ। এইবাৰ আমাৰ চৰকাৰ হোৱাটো নিশ্চিত। আমি ৭০খনতকৈ অধিক আসন লাভ কৰিম। অহা ৪ মে’ত দিনৰ ১ বজাৰ ভিতৰত অসমৰ ৰাইজে সেয়া দেখিবলৈ পাব। আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীপজ্যোতি গগৈয়েও ৪ মে’ত বিজেপি চৰকাৰ পতন ঘটাটো নিশ্চিত বুলি দাবী কৰে। ২০১৬ আৰু ২০২১ চনৰ পৰিসংখ্যাও লুৰীণজ্যোতি গগৈয়ে দাঙি ধৰি লুৰীণজ্যোতি গগৈয়ে কয় যে ২০১৬ চনত মোদীৰ ঢৌ থকাৰ পিছতো বিজেপিয়ে মাত্র ৬০ খন আসনতহে জয়ী হৈছিল আৰু সেইবাৰ বিজেপি মিত্রজোটে ৮৬ খন আসন লাভ কৰিছিল। ২০২১ চনত বিৰোধী বহুধাবিভক্ত হৈ আছিল যদিও সেইবাৰো বিজেপিয়ে ৬০খন আসনতহে জয়ী হৈছিল আৰু এনডিএ মিত্রজোটৰ আসন ৭৫ খনলৈ হ্রাস পাইছিল। এইবাৰ যিহেতু বিৰোধীয়ে একত্রিতভাবে অৱতীৰ্ণ হৈছে আৰু শক্তিশালীভাবে নির্বাচন খেলিছে, লগতে অসমৰ ৰাইজ বিজেপি চৰকাৰৰ অতপালিত অতিষ্ঠ হৈ পৰিছে তেনে সময়ত এগজিট প’লে বিজেপি ১০০ খন পর্যন্ত আসন পাব বুলি কৰা দাবী হাস্যকৰ। বিজেপিৰ প্ৰাৰ্থীসকল এইবাৰ চিপৰাং ৰাজনীতিৰ বলি হোৱাৰ কথা দিল্লীৰ পৰা এগজিট প’ল কৰাসকলে দেখা নোপোৱাটোৱেই স্বাভাবিক বুলিও লুৰীণজ্যোতি গগৈয়ে উল্লেখ কৰে। ২০২৪ ৰ লোকসভা নির্বাচনত এগজিট প’লে যিদৰে মুখথেকেচা খাইছিল এইবাৰো তেনেকুৱা হ’ব বুলি দাবী কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে। আনহাতে, এপিএইচএলচিব সভাপতি জন ইংতি কাথাৰে কয় যে কাৰ্বি আংলং জিলাত বিৰোধীৰ ফলাফল আশাব্যঞ্জক হ’ব। তেওঁ লগতে কয় যে অসমৰ জনতাই বিজেপিৰ মিছা প্রতিশ্রুতি এইবাৰ ভালকৈ বুজি পাই ভোটদান কৰিছিল। সেয়ে এগজিট প’ল ভুল প্রতিপন্ন হ’ব বুলি উল্লেখ কৰি কাথাৰে এইবাৰ অসমত বিৰোধীৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰে।