শ্ৰমিক হ’ল সমাজৰ মূল চালিকা শক্তি
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
বৰ্তমান সময়ত মানৱ সভ্যতাৰ যি সুউচ্চ স্তৰ আজি আমি দেখিবলৈ পাওঁ তাৰ প্ৰতিটো স্তৰত নিহিত হৈ আছে শ্ৰমিকৰ কেঁচা তেজৰ পানী (ঘাম)। একোজন শ্ৰমিক হ’ল সমাজৰ মেৰুদণ্ড আৰু প্ৰাণস্পন্দনস্বৰূপ। এই শ্ৰমজীৱী মানুহসকলৰ ত্যাগ, সংগ্ৰাম আৰু বিজয়ক স্বীকৃতি দি সমগ্ৰ বিশ্বতে মে মাহৰ ১ তাৰিখটো ‘মে দিৱস’ বা ‘আন্তৰ্জাতিক শ্ৰমিক দিৱস’ হিচাপে পালন কৰা হয়,শোষিতৰ কণ্ঠস্বৰ আৰু শ্ৰমৰ মৰ্যাদা প্ৰতিষ্ঠাৰ এক বৈপ্লৱিক স্মাৰক ৰূপে।
ঊনবিংশ শতিকাৰ শেষৰ ফালে শিল্প বিপ্লৱৰ সময়ত শ্ৰমিকসকলক পশুতকৈও হীন জ্ঞান কৰা হৈছিল। দিনটোৰ বেছি সময় কাম কৰিও তেওঁলোকে লাভ কৰিছিল অতি স্বল্প মজুৰি। এই অমানৱীয় শোষণৰ বিৰুদ্ধে ১৮৮৬ চনত আমেৰিকাৰ চিকাগো চহৰত হাজাৰ হাজাৰ শ্ৰমিকে ‘আঠ ঘণ্টা কামৰ সময়’ৰ দাবীত এক ঐতিহাসিক ধৰ্মঘট আৰম্ভ কৰিছিল। ৪ মে’ তাৰিখে চিকাগোৰ হে-মাৰ্কেট স্কোৱাৰত সমবেত হোৱা শ্ৰমিকৰ ওপৰত আৰক্ষীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে, য’ত কেইবাজনো শ্ৰমিক শ্বহীদ হয়। এই মৰ্মান্তিক ইতিহাসক স্মৰণ কৰি ১৮৮৯ চনত পেৰিছত অনুষ্ঠিত আন্তৰ্জাতিক সন্মিলনত ১ মে’ তাৰিখটো বিশ্বজুৰি শ্ৰমিক দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়।
ভাৰতবৰ্ষত ১৯২৩ চনৰ ১ মে’ তাৰিখে মাদ্ৰাজত প্ৰথমবাৰৰ পৰা এই দিৱস পালনৰ সূচনা হয়। শ্ৰমিক দিৱসৰ মূল উদ্দেশ্য আছিল শ্ৰমৰ মৰ্যাদা প্ৰতিষ্ঠা কৰা। কোনো কামেই সৰু বা তুচ্ছ নহয় এজন চাফাই কৰ্মীৰ পৰা আৰম্ভ কৰি কাৰখানাৰ কাৰিকৰলৈকে সকলোৰে শ্ৰমৰ সমান গুৰুত্ব আছে।শ্ৰমিকসকলক ধৰ্ম, বৰ্ণৰ উৰ্ধত ঐক্যবদ্ধ হোৱাৰ প্ৰেৰণা দিছিল। আজিৰ বিশ্বত শ্ৰমিকসকলে যি ৮ ঘণ্টা কামৰ সময় বা সাপ্তাহিক ছুটীৰ দৰে আইনী সুৰক্ষা লাভ কৰিছে, সেয়া সেই ঐতিহাসিক সংগ্ৰামৰে ফলস্বৰূপ।
সাম্প্ৰতিক সময়ত গোলকীকৰণ আৰু প্ৰযুক্তিৰ দ্ৰুত প্ৰসাৰৰ যুগত শ্ৰমিকৰ প্ৰত্যাহ্বানসমূহ নতুন ৰূপত দেখা দিছে। যান্ত্ৰিকীকৰণে কামৰ ধৰণ সলনি কৰিছে যদিও মানৱ শ্ৰমৰ প্ৰয়োজনীয়তা কেতিয়াও শেষ হৈ যোৱা নাই।বৰ্তমানৰ ‘গিগ ইকনমী’ অৰ্থাৎ অনলাইন ডেলিভাৰী বা যাতায়ত সেৱাত জড়িত শ্ৰমিকসকলৰ কামৰ কোনো নিৰ্দিষ্ট সময়সীমা নোহোৱা হৈছে। একেদৰে ক’ৰ্পোৰেট খণ্ডত কাম কৰা শ্ৰমিকসকলো মানসিক চাপ আৰু অতিৰিক্ত কৰ্ম কৰিব লগা হৈছে। ইয়াৰ উপৰি অসংগঠিত খণ্ডৰ শ্ৰমিকসকল আজিও নূন্যতম মজুৰি আৰু সামাজিক সুৰক্ষাৰ পৰা বঞ্চিত হৈ থকাটো পৰিলক্ষিত হয়।
অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰাটো প্ৰয়োজন।
প্ৰতিজন ব্যক্তিয়ে শ্ৰমিকক ঘৃণাৰ চকুৰে চোৱাৰ পৰিৱৰ্তে শ্ৰদ্ধা কৰিব আৰু তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ হকে থিয় দিয়া উচিত । শ্ৰমিক মানেই কাৰিকৰ আৰু তেওঁলোকৰ হাতৰ পৰশতে দেশৰ উন্নয়ন সচল হৈ থাকে। গতিকে শ্ৰমৰ উচিত মূল্য দি আৰু শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰিহে এখন প্ৰকৃত উন্নত আৰু সমতাপূৰ্ণ সমাজ গঢ়ি তোলাটো সম্ভৱ হ’ব। সমাজত শ্ৰমৰ বিভাজনৰ পৰিৱৰ্তে শ্ৰমৰ সম-মৰ্যাদা প্ৰতিষ্ঠা হ’ব। এজন চাফাই কৰ্মীৰ পৰা এজন উচ্চপদস্থ বিষয়ালৈকে সকলোৰে শ্ৰমৰ মূল্য যে অপৰিহাৰ্য, সেই মানসিকতা আমাৰ সমাজত গঢ়ি উঠিব লাগিব। কেৱল আনুষ্ঠানিক বন্ধ বা সভা-সমিতিৰ মাজত শ্ৰমিকৰ সন্মান, মৰ্যদা আৱদ্ধ নাৰাখি শ্ৰমিকৰ আৰ্থ-সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাটোতহে গুৰুত্ব আৰোপ কৰা উচিত ।
সমাজৰ প্ৰতিজন শ্ৰমিকৰ প্ৰাপ্য সন্মান আৰু মৰ্যাদা প্ৰদান কৰাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য। শ্ৰমৰ জৰিয়তেহে এখন সমাজ সুন্দৰ আৰু শক্তিশালী হয়।শ্ৰমিক হ’ল সমাজৰ মূল চালিকাশক্তি , শ্ৰমিক অবিহনে সমাজ এখনৰ উন্নতি অলিক কল্পনা হে মাথোঁ।
মাথোঁ নিৰ্দিষ্ট এটা দিন বুলি নহয় শ্ৰমিক সকলক উপযুক্ত সম্মান, মৰ্যদা দিয়া উচিত।
প্ৰতিজন শ্ৰমিকলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ তেখেতসকলৰ কঠোৰ শ্ৰমদানৰ বাবেই আমি শান্তিৰ জীৱন উপভোগ কৰিব পাৰিছোঁ।
