চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ১০৩ ৰানত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ
ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছক ১০৩ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি ইতিহাস ৰচিলে চেন্নাই ছুপাৰ কিংছে। বৃহস্পতিবাৰে নিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এই মেচত চেন্নাইৰ পৰাক্ৰমত বিধ্বস্ত হৈ পৰে মুম্বাইৰ বেটিং লাইনআপ। আইপিএলৰ ইতিহাসত প্ৰথম দল হিচাপে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১০০ৰ অধিক ৰানৰ ব্যৱধানত জিকাৰ বিৰল অভিলেখ এতিয়া চেন্নাইৰ দখলত।চেন্নাইয়ে প্রথমে বেটিং কৰি ২০৭ ৰান সংগ্ৰহ কৰে, য’ত সঞ্জু ছেমছনৰ শতকৰ ইনিংছ অন্তর্ভুক্ত আছিল। উত্তৰত মুম্বাই দলটো পূর্ণ ২০ অভাৰো খেলিব নোৱাৰি মাত্র ১০৪ ৰানতে অলআউট হৈ পৰে। চেন্নাই ছুপাৰ কিংছে আইপিএলত মুম্বাই ইণ্ডিয়ানছক ৰানৰ আটাইতকৈ ডাঙৰ ব্যৱধানত পৰাস্ত কৰাৰ ৰেকৰ্ড স্থাপন কৰিছে। ইয়াৰ আগতে আইপিএলত মুম্বাইৰ আটাইতকৈ ডাঙৰ পৰাজয় আছিল ৮৭ ৰান, যিটো ২০১৩ চনত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে হৈছিল। চেন্নাইৰ বিৰুদ্ধেও মুম্বাইৰ আগৰ আটাইতকৈ ডাঙৰ পৰাজয় আছিল ৪৮ ৰান, কিন্তু এইবাৰ চেন্নাইয়ে সেই ৰেকৰ্ড ভাঙি ১০৩ ৰানত জয় লাভ কৰে। ইয়াও চেন্নাই ছুপাৰ কিংছৰ আইপিএলত ৰানৰ হিচাপত আটাইতকৈ ডাঙৰ জয়। ইয়াৰ আগতে চেন্নাইৰ আটাইতকৈ ডাঙৰ জয় আছিল ৯৭ ৰান, যিটো ২০১৫ চনত কিংছ ইলেভেন পঞ্জাব (বর্তমান পঞ্জাব কিংছ)ৰ বিৰুদ্ধে আহিছিল। চেন্নাই ছুপাৰ কিংছৰ জয়ৰ দুটা আটাইতকৈ ডাঙৰ নায়ক আছিল। প্রথমে সঞ্জু ছেমছনে তেওঁৰ আইপিএল কেৰিয়াৰৰ পঞ্চম শতক অৰ্জন কৰে। তেওঁ ৫৪টা বলত ১০১ ৰান সংগ্ৰহ কৰে। তেওঁৰ সহায়ত চেন্নায়ে ২০৭ ৰানৰ বৃহৎ স্ক’ৰ স্থাপন কৰিবলৈ সক্ষম হয়। ২০৮ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰিবলৈ নামি তাচপাতৰ ঘৰৰ দৰে খহি পৰে মুম্বাইৰ ইনিংছ। ইম্পেক্ট প্লেয়াৰ হিচাপে অহা ৱেষ্ট ইণ্ডিজৰ স্পীনাৰ আকিল হোছেইনে অকলে ৪টা উইকেট দখল কৰি মুম্বাইক শ’লঠেকত পেলায়। মাত্ৰ ১৭ ৰান দি ৪টা উইকেট দখল কৰে তেওঁ। আনহাতে, নুৰ আহমেদেও দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। চিএছকেৰ বলিঙৰ সন্মুখত ১৯ অভাৰত মাত্ৰ ১০৪ ৰানতে সমাপ্ত হয় মুম্বাইৰ ইনিংছ।মুম্বাইৰ হৈ তিলক বাৰ্মাই ৩৭ আৰু সূৰ্যকুমাৰ যাদৱে ৩৬ ৰান কৰিলে বাকীসকলৰ ব্যৰ্থতাই দলক লজ্জাজনক পৰাজয়ৰ মুখলৈ ঠেলি দিয়ে।
