শ্ৰীশ্ৰীপোৰাভিঠা সত্ৰ
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- সত্ৰ-নামঘৰ সমূহৰ সমাজখন সু-শৃংখলভাবে চলাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা আছে। হাজো–ৰামদিয়াৰ শ্ৰী শ্ৰী পোৰাভিঠা সত্ৰখনত দূৰ -দূৰণিৰ পৰা ভক্তৰ সমাগম হয়।বিশেষকৈ ব’হাগৰ মাহত সত্ৰ-নামঘৰ দৰ্শন কৰা অসমীয়া সকলৰ এক পৰম্পৰা ।৪’বহাগৰ দিনা শ্ৰী শ্ৰী দামোদৰ দেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি আধ্যাত্মিক ভাবে পালন কৰে।ইমান সু-শৃংখল পবিত্ৰ অনুষ্ঠানটো ভক্তিৰ দোলেৰে বান্ধ খাই সেই গাঁওৰ আৰু ওচৰৰ পাজৰৰ লোক সকলে একত্ৰিত হৈ অনুষ্ঠিত কৰি আহিছে।এইবাৰো ৭লাখ লাৰু বনাই প্ৰতিজন ভক্তত মাহ-প্ৰসাদৰ সৈতে আগবঢ়াইছে। এই লাৰু বনাবলৈ সত্ৰত জড়িত লোক সকলে বহুত কষ্ট কৰিব লগা হয় কিন্তু তেওঁলোকৰ মুখত প্ৰশান্তি ভৰা হাঁহিৰে ভক্তপ্ৰাণ ৰাইজক আদৰণি জনোৱাৰ লগতে মাহ-প্ৰসাদ আৰু চাউলৰ পিঠাগুৰি গুৰৰ সংমিশ্ৰণ কৰি তৈয়াৰ কৰা অমৃত সদৃশ লাৰু সকলোৰে হাতত তুলি দিয়ে।
