পঞ্জাব আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে অমৃতপাল সিঙক
ৰঙিলী বাৰ্ত্তাসেৱা- তিনি বছৰীয়া কাৰাবন্দিত্বৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্রশস্ত হোৱাৰ সময়তে পুনৰ আৰক্ষীৰ জালত ৱাৰিছপঞ্জাব দে’ৰ মুৰববী তথা সাংসদ অমৃতপাল সিং। মাজনিশা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তিনি বছৰীয়া বন্দিত্বৰ ম্যাদৰ অন্ত পৰিছিল যদিও মাত্র কেইটামান ঘণ্টাৰ পাছতে পঞ্জাব আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে অমৃতপাল সিঙক। ২০২৩ চনৰ অজনালা থানা আক্ৰমণৰ গোচৰত গ্ৰেপ্তাৰ কৰি পঞ্জাব আৰক্ষীয়ে দুদিনৰ জিম্মাত গ্রহণ কৰে সাংসদ সিঙক। ইফালে, অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ পিছতে ডিব্ৰুগড় মহানগৰত কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তোলা হৈছিল। কেন্দ্ৰীয় কাৰাগাৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মানকটা পথ আৰু থানা চাৰিআলিৰ পৰা আৰকেবি পথ হৈ ডিব্ৰুগড় সদৰ থানালৈকে গ্রীন কৰিডৰৰ ব্যৱস্থা কৰা হৈছিল। পঞ্জাব আৰক্ষী আৰু অসম আৰক্ষীৰ ব্লেক কমাণ্ডেৰে গঠিত ১১খন বাহনৰ এটা কনভয়ৰ জৰিয়তে সাংসদ অমৃতপাল সিঙক কেন্দ্রীয় কাৰাগাৰৰ পৰা প্রায় ৮০০ মিটাৰ দূৰত্বত অৱস্থিত ডিব্ৰুগড় সদৰ থানালৈ ব্যাপক তথা কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ যোৱা হয়। পঞ্জাব আৰক্ষীৰ এজন উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ দলটোক সহযোগিতা আগবঢ়াইছিল ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অতুল কুমাৰে। আনহাতে, অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ পাছতে ডিব্ৰুগড় সদৰ থানাৰ পৰাই ভার্চুৱেলী আদালতত হাজিৰ কৰোৱা হয়। সম্প্রতি ডিব্ৰুগড় সদৰ থানাত কেইবাতৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাখি পঞ্জাব আৰক্ষীয়ে অমৃতপাল সিঙক চলাব জেৰা। দুদিনীয়া আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছত পুনৰ ভার্চুৱেলী অমৃতপাল সিঙক আদালতত হাজিৰ কৰোৱাব বুলি জানিব পৰা গৈছে। উল্লেখ্য, ২০২৩ চনৰ ২৩ এপ্ৰিলত এনএছএৰ অধীনত গ্ৰেপ্তাৰ কৰি অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰলৈ অনা হৈছিল। তিনি বছৰীয়া কাৰাবন্দিত্বৰ ম্যাদ বুধবাৰে মাজনিশা অন্ত পৰাৰ পাছত ১৯ এপ্ৰিলৰ পৰা ডিব্ৰুগড়ত বাহিৰ পাতি থকা পঞ্জাব আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দলে কাৰাগাৰৰ পৰাই গ্ৰেপ্তাৰ কৰে অমৃতপাল সিঙক। ইফালে, সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত অমৃতপাল সিঙৰ অধিবক্তা যশবীৰ কৌৰে কয় যে অমৃতপাল সিঙক পঞ্জাব আৰক্ষীয়ে দুদিনৰ আৰক্ষী জিম্মাত লৈছে। অজনালা থানা আক্ৰমণৰ ঘটনা সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত জেৰা চলোৱা হ’ব। ইয়াৰ পিছত তেওঁক পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অহা হ’ব আৰু তাতেই ৰখা হ’ব। উল্লেখযোগ্য যে এনএছএৰ অধীনত বন্দী হৈ থকাৰ বাবে অজনালা গোচৰটো তিনি বছৰ ধৰি ওলমি ৰৈ আছিল। ২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত অমৃতপাল সিঙৰ নেতৃত্বত অমৃতসৰৰ উপকণ্ঠত থকা অজনালা থানাৰ বেৰিকেড ভাঙি ভিতৰত প্ৰৱেশ কৰি এজন সহযোগীক মুকলি কৰি আনিবলৈ আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈছিল। এই ঘটনাটোৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত অমৃতপালসহ ৪১জন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা (হত্যাৰ চেষ্টা ৩০৭, অপৰাধমূলক ষড়যন্ত্র ১২০বি, চৰকাৰী কৰ্মচাৰীক আক্রমণ ৩৫৩, দাংগা (১৪৮) আৰু অবৈধ সমাৱেশ (১৪৯)ৰ লগতে অস্ত্র আইনৰ ২৫নং ধাৰাৰ অধীনত পঞ্জীভূত হৈ আছিল। ইফালে, আজি অমৃতপাল সিঙক পুনৰ গ্ৰেপ্তাৰৰ পাছতে আজিৰ দিনটোৰ পৰা আৰম্ভ হ’ব অজনালা কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া। পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে যোৱা সপ্তাহত পঞ্জাব চৰকাৰক এনএছএ বন্দিত্বৰ ম্যাদ শেষ হোৱাৰ পিছত অমৃতপালক গ্ৰেপ্তাৰৰ অনুমতি দিছিল আৰু তেওঁক ডিব্ৰুগড় কাৰাগাৰতে আবদ্ধ কৰি ৰাখিবলৈ সন্মতি দিছিল। আদালতে আৰক্ষী আৰু ন্যায়িক জিম্মাকে ধৰি সকলো প্রক্রিয়া ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে কৰিবলৈ অনুমতি দিছে। অজনালা গোচৰৰ উপৰি অমৃতপাল আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে অমৃতসৰ (গ্ৰাম্য), জলন্ধৰ আৰু মোগাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ দৰে ১২টা গোচৰ আছে। সমান্তৰালভাৱে ২০২৪ চনৰ ৯ অক্টোবৰত কোটকাপুৰাত গুলীয়াই হত্যা কৰা ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ গুৰপ্ৰীত সিং ওৰফে হৰি নৌৰ হত্যাকাণ্ডৰো অমৃতপাল সিঙক মূল ষড়যন্ত্রকাৰী হিচাপে অভিযুক্ত কৰা হৈছে। উল্লেখ্য, ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে অমৃতপাল সিঙে ২০২৪ চনৰ লোকসভা নির্বাচনত নির্দলীয় প্রার্থী হিচাপে খাদুৰ চাহাব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হৈছিল। ইয়াৰ পাছতে প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ ৫ জুলাইত শপত গ্রহণ কৰিবলৈ সংসদ ভৱনত প্ৰৱেশৰ সুযোগ লাভ কৰিছিল অমৃতপাল সিঙে। পৰৱৰ্তী সময়ত সংসদীয় অধিৱেশনত অংশগ্ৰহণৰ বাবে পেৰ’ল বিচাৰি কৰা দুখন আবেদন পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল।
