পশ্চিমবংগ আৰু তামিলনাডুত অভিলেখসংখ্যক ভোটদান

Pc NDTV

পশ্চিমবংগ আৰু তামিলনাডুত অভিলেখসংখ্যক ভোটদান

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিমবংগত নিৰ্বাচনী সূচী অনুসৰি দুটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হয়। পশ্চিমবংগ বিধানসভাৰ মুঠ ১৫২টা সমষ্টিত প্ৰথমটো পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হয়। এই ভোটদান পর্বত অভিলেখসংখ্যক ভোটদান হয়। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৰাজ্যখনত ৯২.৫৯ শতাংশ ভোটদান হয় পশ্চিমবংগত। ৰাজ্যখনত এইবাৰৰ নিৰ্বাচনত মুখ্যতঃ ভোটাৰ তালিকাৰ সংশোধনক লৈ মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ সৈতে নির্বাচনী প্রতিদ্বন্দ্বিতা হয়। ভোটগ্রহণ পর্ব সামগ্রিকভাবে শান্তিপূর্ণ আছিল যদিও তাৰ মাজতে দুই-এটা বিক্ষিপ্ত ঘটনা ঘটাৰ বাতৰিও পোৱা গৈছে। নির্বাচনী প্ৰস্তুতিৰ মাজতে মঙলবাৰে নিশা মুৰ্চিদাবাদ জিলাৰ নাওডাত ক্ৰুড বোমা নিক্ষেপৰ ঘটনা সংঘটিত হয়। ভোটগ্ৰহণৰ পূৰ্বে সংঘটিত এই ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰে। এই ঘটনাত এগৰাকী মহিলা আহত হয়।  নিৰ্বাচনৰ ভোটগ্রহণ পৰ্ব চলি থকাৰ সময়তে মুৰ্চিদাবাদৰ ভৰতপুৰ আৰু বহৰমপুৰত অনিয়ম সংঘটিত হয় বুলি অভিযোগ কৰে কংগ্ৰেছে। বুথ দখলৰ পৰা আৰম্ভ কৰি ইভিএম বিকললৈকে বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হয় বুলি কংগ্রেছে অভিযোগ কৰে। এনেদৰে শিলিগুৰিতো ভোটগ্রহণৰ সময়ত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। কুইক ৰেছপনছ টীম আৰু প্ৰশাসনৰ তৎপৰতাত উত্তেজনা প্রশমন হয় বুলি জানিব পৰা গৈছে। দিনহাটাতো উত্তেজনাৰ সৃষ্টি হয়। উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অহা ২৯ এপ্রিলত অনুষ্ঠিত হ’ব আৰু সামগ্রিকভাৱে ভোটগণনা অনুষ্ঠিত হ’ব অহা ৪ মে’ত। আনহাতে তামিলনাডু বিধানসভাৰ ২৩৪খন আসনৰ বাবে একেটা পৰ্যায়তে বৃহস্পতিবাৰে হোৱা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৫.১৪ শতাংশ। দুয়োখন ৰাজ্যৰে নিৰ্বাচনী ইতিহাসত সৰ্বপ্ৰথমবাৰৰ বাবে সৰ্বাধিক ভোটদান হয়।