বৰষুণ জাকে কয় কিবা কাণে কাণে – নীলমণি গগৈ

Pc photoAC

বৰষুণ জাকে কয় কিবা কাণে কাণে

নীলমণি গগৈ

বৰষুণ জাক নামি আহে
নামি আহি যেন কয়হি
কিবা কাণে কাণে
পৰ্বতটোৰ হেলনীয়াতে
তেও ৰৈ থাকে,সপোন ৰচে
যেতিয়া পৰ্বতেও ক্ষণ গণে
নিদ্ৰাই ৰিঙিয়াই মাতে
অতীতটোক হয় ক্লান্তিময়
ভাগৰুৱা অতীতে
তাতেই জিৰণি লয় চাগে!
স্মৃতিবোৰে ও তাতে পৰি থাকে
স্মৃতিক জাগ্ৰত কৰিবলে লওঁতেই
বৰষুণে জাকে তেওঁক
ক’লেহি হেনো কাম কাণে
অতীত নাহে উভতি বৰ্তমানলে
আহা আগবাঢ়ি স্নিগ্ধ সমীৰ
এচাটিৰ সৈতে তোমাৰো যে
তোমাৰো যে সপোন আছে
আমি কৰা সিক্ততাৰে,
আমি কৰা সিক্ততাতে
বসন্তত বিৰিখে কুঁহিপাত মেলে।