মল্লিকার্জুন খাৰ্গেলৈ জাননী নির্বাচন আয়োগৰ

Pc The News Mill

মল্লিকার্জুন খাৰ্গেলৈ জাননী নির্বাচন আয়োগৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী মোদীক সন্ত্ৰাসবাদী আখ্যা দি নিৰ্বাচন আয়োগৰ ৰোষত পৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ৷ কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেলৈ জাননী পঠিয়াইছে নির্বাচন আয়োগে। কংগ্ৰেছ সভাপতিগৰাকীৰ মন্তব্যক ‘নির্বাচনী আচৰণবিধিৰ উলংঘন’ আখ্যা দি ২৪ ঘণ্টাৰ ভিতৰত তেওঁৰ পৰা উত্তৰ বিচাৰিছে আয়োগে। বুধবাৰে খাৰ্গেৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হৈছিল বিজেপিৰ এটা প্রতিনিধি দল। দলটোত আছিল কেন্দ্রীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কিৰেণ ৰিজিজু, অর্জুনৰাম মেঘৱাল আৰু অন্যান্য নেতৃবৃন্দ। প্রতিনিধি দলটোৰ অভিযোগৰ কেইঘণ্টামানৰ ভিতৰত কংগ্ৰেছ সভাপতিগৰাকীলৈ জাননী পঠিয়ায় নির্বাচন আয়োগে। ৷ সম্প্রতি নির্বাচনী প্ৰচাৰত তামিলনাডুত আছে খার্গে।মঙলবাৰে এখন সংবাদ মেলত এআইএডিএমকে-বিজেপি মিত্রজোঁট সম্পর্কে ক’বলৈ গৈ তেওঁ মন্তব্য কৰে-‘এআইএডিএমকেয়ে মোদীৰ সৈতে হাত মিলালে কিদৰে। মোদীতো এজন সন্ত্রাসবাদী। তেওঁ কোনো সমতাক বিশ্বাস নকৰে। তেওঁৰ দলটোৱেও সমতা বা ন্যায় বিচাৰত ভৰসা নাৰাখে। যিসকলে মোদীৰ সৈতে হাত মিলাইছে, সকলোৱেই গণতন্ত্রক দুর্বল কৰিছে।’ প্রধানমন্ত্রীক ‘সন্ত্রাসবাদী’ বুলি আক্ৰমণ ভাৰতীয় গণতন্ত্ৰত নজিৰবিহীন ঘটনা। অৱশ্যে পিছত খাৰ্গেই নিজৰ মন্তব্যৰ স্পষ্টীকৰণ দি কয়- ‘মই কেতিয়াও প্রধানমন্ত্রীক সন্ত্রাসবাদী বুলি কোৱা নাই। মই মাথোঁ কৈছোঁ মোদীয়ে আমাক ভয় দেখুৱায়। বিৰোধীসকলক সকলো সময়তেই হুমকি দিয়ে। ইডি আৰু অন্যান্য কেন্দ্রীয় এজেঞ্চীক ব্যৱহাৰ কৰে বিৰোধীক আতংকিত কৰিবলৈ।’ মঙলবাৰে বিজেপিয়ে নিৰ্বাচন আয়োগক আহ্বান জনাইছিল যে কংগ্ৰেছৰ সভাপতিগৰাকীৰ মন্তব্যৰ প্ৰতি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ উপৰিও ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিব লাগে ।