আজি পশ্চিমবংগ-তামিলনাডুত বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ

Pc NDTV

আজি পশ্চিমবংগ-তামিলনাডুত বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ

ৰঙিলী বাৰ্ত্তাসেৱা- আজি পশ্চিম বংগ আৰু তামিলনাডুত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। দেশৰ ৪খন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ সূচী অনুসৰি ইতিপূৰ্বে ৯ এপ্ৰিলত প্রথম পর্বত ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ পিছত আজি দ্বিতীয়টো পর্বত পশ্চিমবংগ আৰু তামিলনাডুত অনুষ্ঠিত হৈছে নিৰ্বাচনৰ ভোটগ্রহণ। পশ্চিমবংগত আজি প্রথম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ পিছত ২৯ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। পশ্চিম বংগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা ৭ বজাৰ পৰা অব্যাহত আছে। ৰাজ্যখনৰ ১৫২টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ ১৬খন জিলাক সামৰি লোৱা সমষ্টিসমূহত স্থাপন কৰা ২,৯৫৮টা অতিৰিক্ত বুথকে ধৰি ৪৪,৩৭৬টা ভোটগ্রহণ কেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হৈছে। প্রথম পৰ্যায়ৰ ভোটগ্রহণৰ বাবে সংশ্লিষ্ট অঞ্চলসমূহত সশস্ত্র আৰক্ষী বাহিনীৰ ২,৪০৭টা গোটক মোতায়েন কৰা হৈছে। সকলো ভোটগ্রহণ কেন্দ্রতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। প্রায় ৩.৬০ কোটি ভোটাৰে আজি পশ্চিমবংগত ১,৪৫২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। মুখ্যতঃ ৰাজ্যখনৰ শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হাইভল্টেজ প্ৰচাৰ অভিযান চলে নির্বাচনী প্ৰচাৰৰ সময়ছোৱাত। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ নাগৰিকসকললৈ এক গুৰুত্বপূৰ্ণ বাৰ্তা দিছে। মোদীয়ে কয়, ‘‘আজি পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। মই সকলো নাগৰিককে এই গণতন্ত্ৰৰ উৎসৱত পূৰ্ণ উদ্যমেৰে অংশগ্ৰহণ কৰাৰ আহ্বান জনাইছো।’’ আনহাতে, তামিলনাডুতো আজি পুৱা ৭ বজাৰ পৰা অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।  তামিলনাডুত প্রায় ৫.৭৩ কোটি ভোটাৰে আজি ৰাজ্যখনৰ বিধানসভা নির্বাচনত ভোটদান কৰিব। আজি একেটা পর্যায়তে তামিলনাডু বিধানসভা সমষ্টিত ২৩৪টাৰ আটাইকেইটাতে ভোটগ্রহণ সম্পন্ন হ’ব। ভোটগ্রহণৰ বাবে ৰাজ্যখনৰ বিভিন্ন সমষ্টিত ৭৫,০৬৪টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্রহণ পর্ব সুকলমে সম্পন্ন কৰাৰ বাবে ৮৩,৮৭৫ আৰক্ষী মোতায়েন কৰা হৈছে। তদুপৰি, ফ্লায়িং স্কোৱাড, ছার্ভিলেঞ্চ টীম আৰু ষ্টেটিক মনিট’ৰিং ইউনিটসমূহকো মোতায়েন কৰা হৈছে। সমগ্ৰ ৰাজ্যখনত ৪,১৮,৫৪১টা প’ষ্টেল ভোট লাভ কৰা হৈছে বুলি মুখ্য নির্বাচন বিষয়া অর্চনা পাটনায়কে জনায়।