২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল
ৰঙিলী বাৰ্ত্তাসেৱা- জল্পনা-কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ তাৰিখ ৷ অহা ২৮ এপ্ৰিলত উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ফলাফলৰ তাৰিখ সামাজিক মাধ্যমযোগে ঘোষণা কৰে ৷ জানিব পৰা মতে, পুৱা ১০ বজাৰ লগে লগে ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। কলা, বিজ্ঞান আৰু বাণিজ্য-তিনিওটা শাখাৰ ফলাফল একেলগে ঘোষণা কৰা হ’ব।ফলাফল চোৱাৰ সুবিধাৰ বাবে শীঘ্ৰে কেইবাটাও অনলাইন ৱেবছাইট মুকলি কৰা হ’ব। ফলাফল ঘোষণাৰ পূর্বে ৰাজ্যজুৰি ছাত্ৰ-ছাত্ৰীৰ মাজত উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে চলিত বৰ্ষত ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । সময়সূচী অনুসৰি দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈকে পৰীক্ষা অনুষ্ঠিত হৈছিল । ১৬ মাৰ্চত অন্ত পৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল । পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে বলৱৎ কৰা হৈছিল ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা ৷ পৰীক্ষা গৃহত স্থাপন কৰা হৈছিল চিচিটিভি কেমেৰা আৰু নিয়োগ কৰা হৈছিল ফ্লায়িং স্কোৱাড ৷ সমগ্ৰ ৰাজ্যৰ ৮২১ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা ৷ এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষত কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাত মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ২,৪৭,৮৬৫ গৰাকী ৷ ইয়াৰ ভিতৰত ১,০২,৬৪৮ গৰাকী ছাত্ৰ, ১,৪৫,২১৬ গৰাকী ছাত্ৰী আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছিল এজন ৷ ইফালে বিজ্ঞান শাখাত মুঠ ৬১,৫৬৮ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । ইয়াৰ ভিতৰত ৩৪,৮০১ ছাত্ৰ, ২৬,৭৬৬ ছাত্ৰী আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছিল এগৰাকী । আনহাতে বাণিজ্য শাখাত এইবাৰ মুঠ ১৯, ৮০৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । ইয়াৰ ভিতৰত ১৩,৭৮২ গৰাকী ছাত্ৰ আৰু ৬,০২৪ গৰাকী ছাত্ৰী । বৃত্তিমুখী শাখাত ১,৫০৫ পৰীক্ষাৰ্থী পৰীক্ষাত অৱৰ্তীণ হৈছে । ইয়াৰ ভিতৰত ৮৮৭ গৰাকী ছাত্ৰ আৰু ৬১৮ গৰাকী ছাত্ৰী ।
