বিন দা বিহীন ৰঙালী বিহুৰ নীৰৱ শূন্যতা – উৰিশ্মা নাথ 

    জুবিন দা বিহীন ৰঙালী বিহুৰ নীৰৱ শূন্যতা
উৰিশ্মা নাথ 
 গৰুখুটি (দৰং)
জুবিন দা বিহীন ৰঙালী বিহু যেন নীৰৱৰ মাজত লুকাই থকা এক গভীৰ হাহাকাৰ, এক অনামিকা শূন্যতাৰ অনুভৱ। বিহু মানেই উচ্ছলতা। ঢোলৰ তালে তালে প্ৰাণ পোৱা মাটি, পেঁপাৰ সুৰত উৰি ফুৰা বসন্তৰ বতাহ, গীতৰ মাজেৰে মুকলি হোৱা মানুহৰ অন্তৰৰ আনন্দ। কিন্তু জুবিন দাৰ কণ্ঠৰ অভাৱত এই সকলো উলাহ যেন ক’ৰবাত থমকি ৰয়, যেন কোনো এক গুপ্ত অভাৱৰ ছাঁই ইয়াক আৱৰি ৰাখে। তেওঁৰ গীতত আছিল অসমৰ মাটিৰ উষ্ণতা, মানুহৰ অন্তৰৰ কোমল স্পৰ্শ আৰু এক অম্লান আত্মাৰ সুৰ। যি সুৰ আজি যেন ধীৰে ধীৰে নীৰৱৰ বুকুত বিলীন হৈ গৈছে। গাঁৱৰ পথাৰৰ পৰা চহৰৰ মঞ্চলৈকে বিহুৰ ৰং এতিয়াও মলমলাই আছে। মানুহে নাচে, গায় আৰু হাঁহি-ধেমালি কৰে। তথাপি হৃদয়ৰ নিভৃত কোণত এক সৰু অথচ গভীৰ শূন্যতা সদায় জাগি উঠে। মনত এই বিশেষ প্ৰশ্নটোৱে অগা-ডেৱা কৰে যে, “তেওঁ থাকিলে এই আনন্দৰ ৰূপটো হয়তো আৰু অলপ বেছি সম্পূৰ্ণ হ’লহেঁতেন?” তেওঁৰ কণ্ঠই বিহুক কেৱল উৎসৱৰ সীমাত আবদ্ধ কৰি ৰখা নাছিল; ই তাক ৰূপ দিছিল এক গভীৰ,অনুভৱময় জীৱনানুভূতিলৈ।
        এইবাৰৰ ব’হাগ বা ৰঙালী বিহু আহিছে বসন্তৰ ৰং লৈ কিন্তু বুকুত কঢ়িয়াই লৈ আহিছে স্মৃতিৰ এক মৃদু বিষাদ। তথাপি এটা সত্য অটল। মানুহৰ মনত জীয়াই থকা সুৰ কেতিয়াও নিঃশেষ নহয়। জুবিন দাৰ গীতবোৰ আজিও মানুহৰ কণ্ঠত ধ্বনিত হয়, হৃদয়ত অনুৰণিত হয়। কিন্তু তেওঁ নিজে নথকাৰ বোধে অন্তৰত এক নীৰৱ কম্পনৰ সৃষ্টি কৰে। হয়তো এই স্মৃতিবোৰেই তেওঁক চিৰজীৱী কৰি ৰাখিব সময়ৰ সীমা অতিক্ৰম কৰি। জুবিন দা নাথাকিলেও তেওঁৰ সুৰ, তেওঁৰ অনুভৱ আৰু তেওঁৰ ভালপোৱাই চিৰদিন অসমৰ বিহুত, মানুহৰ হৃদয়ত আৰু প্ৰতিটো বসন্তৰ মৃদু বতাহত জীয়াই থাকিব।