ব’হাগৰ সাত বিহু পৰম্পৰা – পংকজ দাস

ব’হাগৰ সাত বিহু পৰম্পৰা

পংকজ দাস, ব্ৰক্ষ্মাজান 

অসম তথা বৃহত্তৰ অসমীয়া সমাজ আৰু সাংস্কৃতিক জীৱনৰ সৈতে বিহু উৎসৱ এনেদৰে সংপৃক্ত হৈ পৰিছে যে প্রতিজন অসমীয়াৰ বাবেই বিহুও হিয়াৰ আমঠু, আঁচলৰ ধন।বিহু হৈছে জাতি-ধর্ম-ভাষা-বর্ণ নির্বিশেষে অসমত বসবাস কৰা প্ৰতিটো জাতি-উপজাতি-জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক। বৃহত্তৰ অসমীয়া জাতিৰ ঐক্য-সম্প্রীতি, সমন্বয়-সম্ভাৱনাৰ অন্যতম মুখ্য আধাৰ। সকলো ধৰণৰ প্ৰভেদ, বিভেদ আৰু ভেদা-ভেদৰ বিপৰীতে বিহু হৈছে একতা আৰু সাৰ্বজনীনতাৰ সর্বোৎকৃষ্ট মাধ্যম আৰু নিদর্শন।

বসন্তৰ আগমনৰ লগে লগে ব’হাগ আহে। বসন্তৰ আগমনত প্রকৃতি ন-ৰূপত সাজি উঠে। নতুনৰ উন্মেষত উজ্জীৱিত হৈ পৰা বৃহত্তৰ অসমীয়া জাতিয়ে প্রৱল উৎসাহেৰে ব’হাগক আদৰণি জনায় ।বসন্তৰ আগমনত প্ৰকৃতিও যেন গাভৰুজনী হৈ উঠে৷ চালে চকু জুৰোৱা চৌদিশৰ সেউজীয়া পৰিৱেশে মন মুহি নিয়ে৷ সমগ্ৰ অসমবাসীৰ মনবোৰো বসন্তৰ সৌন্দৰ্যই সেউজীয়া কৰি প্ৰতিগৰাকী অসমীয়াৰ মনবোৰো উৎসৱৰ পাৰ ভগা সুবাসে অহৰহ আনন্দিত কৰি ৰাখে৷

অসমীয়াৰ বাপতিসাহােন ৰঙালী বিহু চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰা বহাগ মাহৰ ছয় তাৰিখলৈকে সাত দিন ধৰি পালন কৰে। এই সাত দিন জুৰি পালন কৰা বিহুকে সাতবিহু বােলে। এই সাতবিহু হ’ল গৰু বিহু, মানুহ বিহু, গােসাঁই বিহু, চেনেহী বিহু বা তাত বিহু, নাঙল বিহু, মেলা বিহু বা হাট বিহু আৰু চেৰা বিহু। অৱশ্যে ঠাইভেদে এই সাতবিহুৰ নাম আৰু উদ্যাপন ৰীতিৰ পার্থক্য পৰিলক্ষিত হয়। কোনাে কোনাে ঠাইত মানুহ বিহুক চেনেহী বিহু বুলিও কয়।

(১) গৰু বিহু :- সাতবিহুৰ প্ৰথম দিনাই গৰু বিহু। গৰু বিহুৰ দিনা পুৱাই বাঁহৰ শলাত লাও, বেঙেনা আদি সী ‘চাট’ সাজে। এই চাট  সাজিবলৈ  জাতিবাঁহৰ পাব দুটা আনি মিহিলৈ চুঁচি-চাঁচি উলিয়াই। চাটৰ আভিধানিক অৰ্থ হৈছে (ব’হাগৰ বিহুৰ দিনা গৰুৰ গাত মাৰিবলৈ যুগুত কৰা বেঙেনা, কেৰেলা আৰু হালধি সীয়া বাঁহৰ শলা)। এই চাট সাধাৰণতে তিনিডাল বনোৱা হয়। এডালত দুডাল, এডালত, তিনিডাল আৰু আনডালত পাঁচডাল পাতল বাঁহৰ শলা চাঁচি উলিওৱা হয়। আৰু এই শলাকেইডালত লাও, বেঙেনা, থেকেৰা, তিতা কেৰেলা, হালধি ইত্যাদি সী ল’বলৈ শলাকেইডাল জুইত গৰম কৰি অলপ ফাক ফাক কৰি লোৱা হয় আৰু শলাকেইডালৰ মূৰটো কটাৰীৰে চাঁচি জোঙা কৰি লোৱা হয়। মাহ-হালধিৰে নােৱাই নৈ, বিল, পুখুৰী আদিত গৰুক গা ধুওৱাৰ পাছত ‘চাট’ৰপৰা খুলি গৰুৰ গালৈ লাও, বেঙেনা আদি দলিয়াওঁতে গোৱা হয়—

“লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু তই হ’বি বৰ গৰু।”

সন্ধিয়া পথাৰৰ পৰা গৃহস্থই গৰু দীঘলতিৰ পাতেৰে গৰু গাত  মাৰি খেদি ঘৰলৈ আনোতে এফাকি প্ৰবচন গোৱা হয় এনেদৰে

” দীঘলতিৰ দীঘল পাত
মাখি মাৰো জাত জাত
মাৰ সৰু বাপেৰ সৰু
তই হ’বি বৰ গৰু।”

তাৰ পাছত মাখিয়তী-দীঘলতি ঠালকেইটা পুনৰ গোহালিৰ ঘৰৰ ছালত থৈ দিয়া হয়। ফলত বছৰটোলৈ গৰুৰ বেমাৰ নহয়।

গৰু বিহুৰ দিনা সন্ধিয়া গোহালি আৰু পদূলিমুখত চৰা মহ-ডাঁহ নহ’বৰ বাবে খেৰ, তুঁহ, ভাং গছৰ পাত আদি গোটাই জাগ  দিয়া হয়।তদুপৰি গৰু বিহুৰ দিনাখন গৰুৰ ডিঙিৰ নতুন পঘা পিন্ধাই দি গধূলিলৈ ভজা পিঠা-পনা খুওৱা হয়‌ আৰু গৰুক বিচনীয়ে বিচা হয়। সেই দিনাৰ পৰাই মানুহে বিচনী মৰা কাৰ্য‌ আৰম্ভ হয়। গৰু বিহুৰ দিনাখন কোনো কোনো অঞ্চলত আমৰলি টোপ খোৱাটো এক পৰম্পৰা আছে। এই আমৰলি টোপ খালে বছৰটোলৈ বেমাৰ-আজাৰ হোৱাৰ সম্ভাৱনা নাথাকে বুলি জনবিশ্বাস। আনহাতে গৰু বিহুৰ দিনা  ১০১ বিধ শাক খোৱাটো এটা নিয়ম। এই এশ এবিধ শাক হৈছে-  ১। সৰু মানিমুনি, ২। বৰ মানিমুনি, ৩। মাটি কাদুৰী, ৪। কেঁহেৰাজ, ৫। পনৌনোৱা, ৬। শুকলতি, ৭। মচন্দবি, ৮। ঢেঁকীয়ালতি, ৯। টংলতি, ১০। ভোমলতি, ১১। কেৰেলালতি, ১২। সৰু টেঙেচী, ১৩। বৰ টেঙেচী, ১৪। ওলকচু, ১৫। তলীকচু, ১৬। দহিকচু, ১৭। পানীকচু, ১৮। ল-বাবা, ১৯। টিকনি বৰুৱা, ২০। বনজালুক, ২১। বনতিয়হ, ২২। বন খুতুৰা, ২৩। তিতা কেৰেলা, ২৪। ভাতকেৰেলা, ২৫। তাঁতীকেৰেলা, ২৬। বৰ বেঙেনা, ২৭। খৰুৱাবেঙেনা, ২৮। বর্হমথুৰি, ২৯। সৰু বিলাহী, ৩০। বৰ বিলাহী, ৩১। কোঁটাহী বেঙেনা, ৩২। নৰসিংহ, ৩৩। ভেদাইলতা, ৩৪। মিঠামৰা, ৩৫। তিতামৰা, ৩৬। টেঙামৰা, ৩৭। ছেংমৰা, ৩৮। তিতাফুল, ৩৯। লেহেতি, ৪০। জিলমিল, ৪১। চুতিয়ালফা, ৪২। পচলা, ৪৩। তৰা গজালি, ৪৪। দোৰোণ বন, ৪৫। বগা বাহক, ৪৬। মেচাকী মেজেঙা, ৪৭। নেফাফু, ৪৮। মেটেকা, ৪৯। লচকছি, ৫০। তিতাকচি, ৫১। ভেকুৰি, ৫২। হাতীভেকুৰি, ৫৩। উৰহি, ৫৪। হাতীউৰহি, ৫৫। বৰপূৰৈ, ৫৬। সৰুপূৰৈ, ৫৭। ৰঙাপূৰৈ, ৫৮। ঢেঁকীয়া, ৫৯। কপৌ ঢেঁকীয়া, ৬০। ভোটমলা, ৬১। বেতগাজ, ৬২। ঔ টেঙা, ৬৩। নলটেঙা, ৬৪। ৰঙালাউ, ৬৫। জাতিলাউ, ৬৬। মাঠুকঠুকা, ৬৭। বাঘ আঁচোৰ, ৬৮। মধুসোলেং, ৬৯। দুপৰটেঙা, ৭০। ভীমৰাজ, ৭১। বিহলঙনি, ৭২। হাতীখুতুৰা, ৭৩। কলমৌ, ৭৪। মনোৱা, ৭৫। হাঁচিয়তী, ৭৬। বনতুলসী, ৭৭। লাই,৭৮। লফা, ৭৯। পালেং, ৮০। বাবৰি, ৮১। চুকা, ৮২। ভেবেলীলতা, ৮৩। মূলা, ৮৪। ঢেৰৱা, ৮৫। তুমুকীলতা, ৮৬। মেমেধু, ৮৭। বালি বাবৰি, ৮৮। মালভোগ খুতুবা, ৮৯। ধেপাই তিতা, ৯০। মহানিম, ৯১। সৰু বিলাহী, ৯২। পাতিসোন্দা, ৯৩। উৰিয়াম, ৯৪। মজ, ৯৫। মদাৰ, ৯৬। মধুৰি কোঁহ, ৯৭। কটাৰীডবুৱা মাহ, ৯৮। জেতুলীপকা, ৯৯। কাঠ আলু, ১০০। পদিনা, ১০১। লাই জাবৰি ইত্যাদি।

গৰু বিহুৰ দিনা গধূলি জীয়ৰী-বােৱাৰীয়ে হাতত জেতুকা বােলায়। জেতুকাই ছাল, নখ আদিৰ বেমাৰ নিয়ন্ত্রণ কৰে বুলি বিশ্বাস কৰে। সেইদিনা পৰাই  হুঁচৰি গােৱা আৰম্ভ হয়।

(২) মানুহ বিহু – গৰু বিহুৰ পাছদিনাখন, অৰ্থাৎ ব’হাগ মাহৰ প্ৰথম দিনটোক মানুহ বিহু বোলা হয়৷ সেইদিনা ৰাতিপুৱা সোনকালে উঠি মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক মৰম আৰু আৰ্শীবাদ দিয়ে৷ পৰস্পৰে পৰস্পৰক বিহুৰ শুভেচ্ছা জনাই বিহুৱান যাচে৷ গুৰু-ভকতক জা-জলপান খুৱায় আৰু নতুন বছৰ উপলক্ষে ‘বিহুৱান’ দি ইজনে সিজনক শুভেচ্ছা যাচে। মানুহ বিহুৰ দিনাই নামঘৰত বছৰটোৰ মংগল কামনাৰ বাবে নাম-কীর্তন কৰে।এই দিনটোতে আত্মীয়-স্বজন আৰু আপোনজনৰ মাজত বিহুৱানৰ আদান-প্ৰদানকৰা হয় ৷ এই  বিহুৰ দিনাই নতুন বছৰটো যাতে কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ বতাহ, ধুমুহা, ব্ৰজপাত আদিৰ পৰা ৰক্ষা পায়  তাৰবাবে কোনো ব্ৰাহ্মণ বা গুৰুস্থানীয় লোকৰ হতুৱাই নতুবা নিজ হাতে নাহৰ পাতত লিখাই ঘৰৰ দুৱাৰ মুখত আঁৰি থয়।

“দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ,
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্ততে”

(৩)গােসাঁই বিহু :- সাতবিহুৰ তৃতীয় দিনা গােসাঁই বিহু। এই দিনটোত নামঘৰ, মন্দিৰ আদিত পূজা-সেৱা আগবঢ়ায় যাতে বছৰটো কুশলে যায় নেদেখাজনৰ পৰা আশীষ গ্ৰহণ কৰা হয় ৷কোনো কোনোৱে ঘৰখনৰ  কুশল মঙ্গল কামনা কৰি ঘৰৰ গোঁসাইৰ থাপনাৰ আগত মাহ প্ৰসাদ আগবঢ়ায় ৷  আনহাতে এই দিনটোতে জী-জোঁৱাইসকল মাকৰ ঘৰলৈ যায় । ইষ্ট-কুটুম্বই পৰস্পৰক আদৰ কৰে ৷ঘৰখনৰ  কুশল মঙ্গল কামনা কৰি ঘৰৰ গোঁসাইৰ থাপনাৰ আগত মাহ প্ৰসাদ আগবঢ়ায় ৷

(৪) চেনেহী বিহু বা তাত বিহু :-তাঁতশাল অসমীয়াৰ অতিকে আদৰৰ ৷ তাঁতশালত সপোন ৰঁচে অসমীয়া শিপিনীয়ে ৷  অসমীয়া শিপিনীৰ অতি আদৰৰ তাঁতশালখনক লৈ এই বিহু আয়ােজন কৰে। সেইদিনা শিপিনীসকলে তাঁতশালৰ সঁজুলিবােৰ ধুই-পখালি চাফ-চিকুণ কৰে।যিহেতু  বিহুৰ পাছৰেপৰা  কৃষিকাৰ্যত ধৰিব লাগিব সেয়ে কিছুদিনলৈ তাঁতশালৰ কামৰ পৰা আঁতৰি থাকিব। তাঁতৰ সঁজুলি সমূহত যাতে ঘূণে নধৰে সেয়ে যতনেৰে ৰাখিব লগা হয়।সেয়ে ব’হাগ বিহুৰ চতুৰ্থটো দিনত  তাঁতৰ বিহু পালন কৰে ।‌

(৫) নাঙল বিহু:- সাতবিহুৰ পঞ্চমটো দিন নাঙলৰ বিহু হিচাপে পালন কৰা হয় ৷ জাতিৰ পৰম্পৰা ৰক্ষা কৰি কৃষিজীৱী অসমীয়াই নাঙল বিহু পালন কৰে । কৃষিকাৰ্যত ব্যৱহৃত সা-সজুঁলিসমূহৰ ওচৰত চাকি-বন্তি জ্বলোৱা হয় যাতে বছৰটো কৃষি কৰ্ম সুকলমে পাৰ হয়।

(৬) মেলা বিহু বা হাট বিহু: এই দিনটোত বন্ধু বান্ধৱ, চিনাকি প্ৰতিজন ইঘৰ সিঘৰলৈ গৈ বিহুৰ শুভেচ্ছা আদান-প্ৰদান কৰে, বিহুৰ জা-জলপান খায়৷ পথাৰ বা মুকলি ঠাইত ডেকা-গাভৰুৱে মৰা বিহু চাবলৈ যায় সকলোৱে৷ এক কথাত, জাতি ধৰ্ম নিৰ্বিশেষে সংহতি স্থাপনত এই বিহুৰ অৱদান অসীম৷ হাটত যেনেকৈ বয় বস্তু ক্ৰয়-বিক্ৰয় কৰিবলৈ সকলো যাব পাৰে, ঠিক তেনেকৈ এই মেলা বা হাট বিহুতো পৰস্পৰে পৰস্পৰৰ লগত মিলা-মিচাৰ সুন্দৰ ব্যৱস্থা থাকে৷ পূৰ্বতে যেতিয়া বিহুক জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিয়া হৈছিল তেতিয়া এই বিহুলৈ ৰজাৰ পৰা ডা-ডাঙৰীয়া বা প্ৰজাগণ সকলোৱে মিলি এই বিহু অনুষ্ঠানথলীলৈ যাব পাৰিছিল৷ অৱশ্যে, আজিকালি এই মেলা বা হাট বিহুৰ লেখীয়া কোনো বিশেষ বিহু অনুষ্ঠিত কৰা নহয়৷

(৭) চেৰা বিহু :-  সাতবিহুৰ অন্তিম দিনা চেৰা বিহু। সেইদিনা বৰগছৰ গুৰিত গামােচা মেৰিয়াই বিহু উৰুৱায়। সেই বাবেই ইয়াক চেৰা বিহু বােলে।

ব’হাগ! ব’হাগ মানেই ৰং-ৰহইচ, মিঠা প্রতিশ্রুতি। আমাৰ দেহ-মনত প্রাণ সঞ্জীৱনী ঢালি দিব পৰা প্ৰকৃতি, অসমীয়াৰ বাপতি-সাহোন সংস্কৃতি বিহু। বিহু বুলি ক’লেই আমাৰ দেহ-মন আনন্দৰে ভৰি পৰে। প্ৰকৃতিৰ সেউজীয়া পর্বত-পাহাৰ, জান-জুৰি, নদ-নদী সকলোটিয়ে যেন বিলাই দিয়েহি বসন্তৰ বতৰা। গছ-লতাই ন-কুঁহিপাত মেলে। পলাশ, শিমলু, নাহৰ, মদাৰ, কেতেকী, কপৌ আদি ফুলে চৌদিশে জাতিষ্কাৰ কৰি তোলে। আনফালে আকৌ বাৰীৰ ঢাপত গছৰ ডালত কুলি, কেতেকী চৰায়ে সুৰীয়া মাতত গোটেই চুবুৰীটোতে জনাই দিলে ব’হাগ আহিছে বুলি। ব’হাগে আনে বহু আশা-আকাংক্ষাৰ জোৱাৰ, ইজনে-সিজনক দিয়ে মিঠা প্রতিশ্রুতি। ভেদাভেদৰ প্ৰাচীৰ ভাঙি সম্প্রীতি এনাজৰীত বুৰ যাও এক নতুন সংকল্প, আনন্দ, উন্মাদনাত- এইয়েই ব’হাগ।

error: Content is protected !!