নিশাৰ নীৰৱ সংলাপ – নুৰ ইছলাম ক্বাদৰী

Pc Pexels

নিশাৰ নীৰৱ সংলাপ

 নুৰ ইছলাম ক্বাদৰী
জামনগৰ, গুজৰাট

মোৰ বুলি ক’বলৈ আছে কেৱল
এই গভীৰ নিশাৰ নিস্তব্ধতা,
য’ত ক’বলগীয়া বহু কথাই বিচাৰি পায়
এটি সঠিক ঠিকনা।
উজ্জ্বল দিনটোৱে মোৰ পৰা কাঢ়ি নিয়ে
স্বাভাৱিক হাঁহিবোৰ,
মুখা পিন্ধি থকা পৃথিৱীখনত
মই মাথো এজন অচিনাকি যাযাবৰ।

খুব আপোন লাগে এন্ধাৰৰ এই কোলাত
নিজক নিঃসংকোচে উজাৰি দিবলৈ,
দিনৰ পোহৰত হেৰাই যোৱা
অভিমানবোৰক আকৌ এবাৰ জুমি চাবলৈ ।
ভয় লাগে কেৱল সেই স্বাৰ্থৰ পৃথিৱীখনলৈ
য’ত সম্পৰ্কৰ হিচাপ চলে লাভ-লোকচানৰ তুলাচনীৰে,
য’ত প্ৰেমৰ সংজ্ঞা লিখা হয়
কেৱল প্ৰয়োজনৰ চিয়াঁহীৰে।

মোৰ বিষাদবোৰৰ সঁচা সাক্ষী এই এন্ধাৰ,
য’ত নাই কোনো প্ৰতিযোগিতাৰ ধামখুমীয়া,
নাই কোনো নিৰ্দয় জয়ৰ অহংকাৰ।
ভঙা সপোনবোৰ জুকিয়াই লওঁ
মোৰ একাকীত্বৰ গোপন কক্ষত,
য’ত নিশাৰ নীৰৱতাই সাহস যোগায়
আকৌ জীয়াই থকাৰ পক্ষত।

নিশাবোৰ মোৰ বাবে এটি সুৰক্ষিত আশ্ৰয়,য’ত মোৰ মৌনতাৰো আছে
এক সুকীয়া ভাষা;
পোহৰতকৈ এন্ধাৰেই চাগে বেছি স্বচ্ছ-
যি মোক দিয়ে নিজৰ হোৱাৰ অকুণ্ঠ আশা।