বাটবোৰৰ চেহেৰা সলনি হলেও একেই আছে কিন্তু কাম
শুৱলা দাস,যোৰহাট
বাটবোৰৰ চেহেৰা সলনি হলেও
একেই আছে কিন্তু কাম !
অনাদি কালৰ পৰাই
সকলোকে নিৰবে বহন কৰাই
বাটৰ কাম!
কোনোকালে বাটবোৰ ৰোৱা নাই থমকি
এটা বাটে সহস্ৰ বাটৰ
জনম দি
বাটৰুৱাৰ বাট কৰে মুকলি।
বাটৰুৱাক অজুহাতৰ সুবিধা নিদি
বাটবোৰে পুন: নতুন বাটৰ
কৰে মুকলি।
সেয়ে বাটবোৰত চলি থাকে
অবিৰত গতি।
আপোন-পৰ নাই
তল – ওপৰ নাই
বাটৰ মাথোঁ এটাই মতি
বহন কৰা সকলোৰে
অবিৰত গতি !
এই সহনশীল বাটবোৰদি
সময়ৰ চিৰিৰে
চলি আছে অন্তহীন গতি
কোনো দিন কোনো কালে
নলৈ বিৰতি।
মাথোঁ,
এই বাটেৰেই গৈ থকা
বাটৰুৱা বোৰৰ কোনোবা কোনোবাজনৰ
ওঁঠত ফুলিছে কুসুমৰ পাহি।
কোনবাজনৰ গতিৰ নদীত
চৰিছে অনেক খৰালি!
তাৰে মাজৰ কোনোজনৰ আকৌ
খহি আহিছে নদীৰ গৰাটি।
নেদেখা জুই একোৰাৰ তাপত
চোলাৰ তলতে সোকাইছে মঙহ।
ধূলিয়ৰি বতাহত
সেমেকা ফাগুনৰ দুটোপাল
বৰষুণৰ চকুলো!
যেন অব্যক্ত বেদনা
মৰহা যৌৱনৰ…
ফাগুনৰ লঠঙা গছবোৰৰ তলেদি নিৰবে বৈ থকা নদীখনে
আকুলতাৰে আকাশলৈ চাই থাকোতে
নামি আহে দোপাল-পিটা বৰষুণৰ নদী!
আৰু এই নদীয়ে যেতিয়া
চৌপাশ পখালে
দুগুণ সজীৱতাৰে
আলিবাটবোৰ প্ৰাণৱন্ত হৈ
পুনঃ নিৰলস চলাই নিয়ে
অবিৰত আৰু অনন্ত গতি।
