প্রধানমন্ত্রী মোদীক নৰৱে’ৰ সৰ্বোচ্চ সন্মান দ্য ৰয়েল নৰৱেইয়ান অৰ্ডাৰ অৱ মেৰিট প্ৰদান

প্রধানমন্ত্রী মোদীক নৰৱে’ৰ সৰ্বোচ্চ সন্মান দ্য ৰয়েল নৰৱেইয়ান অৰ্ডাৰ অৱ মেৰিট প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেদাৰলেণ্ডছ-ছুইডেন ভ্রমণসূচী সামৰি সোমবাৰে নৰৱে’ৰ অছলোত উপস্থিত হয় । দেশখনত উপস্থিত হোৱাৰ পিছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক  উষ্ম আদৰণি জনোৱা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নৰৱে’ত উপস্থিত হোৱাত দেশখনৰ প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্টোৰে বিমানবন্দৰত তেওঁক আদৰণি জনোৱাত কৃতজ্ঞতা প্রকাশ কৰি কয় যে তেওঁৰ এই ভ্রমণে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বন্ধুত্বক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি তেওঁ আত্মবিশ্বাসী। নৰৱে’ত উপস্থিত হোৱাৰ পিছত প্রধানমন্ত্রী মোদীক দেশখনত থকা প্রবাসী ভাৰতীয়সকলে সাংস্কৃতিক অনুষ্ঠানেৰে বিপুল আদৰণি জনায়। প্রধানমন্ত্রী মোদীৰ এই ভ্রমণকালতে তেওঁক নৰৱেৰ সৰ্বোচ্চ সন্মান গ্ৰেণ্ড ক্ৰছ অৱ দ্য ৰয়েল নৰৱেইয়ান অৰ্ডাৰ অৱ মেৰিট প্ৰদান কৰে। এয়া মোদীক প্ৰদান কৰা ৩২সংখ্যক গোলকীয় সন্মান। অছলোত  আয়োজিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত নৰৱেৰ ৰজা প্ৰথম হেৰণ্ড আৰু প্রধানমন্ত্রী জোনাছ গাহৰ ষ্ট’ৰেৰ উপস্থিতিত মোদীক এই সন্মান অর্পণ কৰা হয়। এই ঐতিহাসিক বঁটা প্রধানমন্ত্রী মোদীয়ে ১৪০ কোটি ভাৰতীয়ৰ চৰণত উৎসর্গা কৰে। তেওঁ উল্লেখ কৰে যে এই সন্মান ব্যক্তিগত নহয়, ভাৰত আৰু নৰৱেৰ দীর্ঘদিনীয়া সুদৃঢ় বন্ধুত্বৰ অনন্য স্বীকৃতি। দুয়োখন দেশৰ মাজত থকা এই মধুৰ সম্পৰ্কক আগন্তুক দিনত অধিক শক্তিশালী কৰি তোলাৰ বাবে ভাৰত চৰকাৰ সদায় দায়বদ্ধ বুলিও তেওঁ প্রকাশ কৰে। দ্বিপাক্ষিক আলোচনাৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহৰ ষ্ট’ৰে কেইবাটাও গুৰুত্বপূর্ণ চুক্তি আৰু অংশীদাৰিত্বৰ কথা ঘোষণা কৰে। বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়া আৰু নৱীকৰণযোগ্য শক্তি খণ্ডৰ উন্নয়নৰ বাবে নৰৱে চৰকাৰে ভাৰতৰ সৈতে মিলি এক যৌথ পুঁজি গঠনৰ সিদ্ধান্ত লৈছে। এই চুক্তি অনুসৰি নৰৱেৰ চৰকাৰী জলবায়ু পুঁজিৰ পৰা ভাৰতৰ সৌৰ আৰু বায়ুশক্তি প্রকল্পসমূহৰ বিকাশৰ বাবে প্রায় ২,৫০০ কোটি টকা বিনিয়োগ কৰা হ’ব। দুয়োগৰাকী বিশ্ব নেতাই সাগৰীয় অর্থনীতি, ডীপ-ছেইলিং প্রযুক্তি আৰু সেউজ হাইড্র’জেন উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ৫ বছৰীয়া কাৰ্যসূচীৰ ৰূপৰেখা প্ৰস্তুত কৰে, যাৰ ফলত ভাৰতৰ পৰিৱেশ-অনুকূল উদ্যোগসমূহ যথেষ্ট উপকৃত হব। আন্তঃৰাষ্ট্ৰীয় পর্যায়ত ভ্ৰমণৰ গুৰুত্ব প্ৰকাশ কৰি নৰৱেৰ প্ৰধানমন্ত্ৰী ষ্ট’ৰে কয় যে ভাৰত হৈছে বৰ্তমান বিশ্বৰ আটাইতকৈ দ্রুতগতিত বৃদ্ধি পোৱা বৃহৎ অর্থনীতি আৰু গোলকীয় সুস্থিৰতাৰ বাবে ভাৰতৰ ভূমিকা অপৰিসীম। এই সর্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ জৰিয়তে নৰৱে আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পর্ক এক নতুন উচ্চতালৈ গতি কৰিব। প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণতনৰৱেৰ ৰাজপৰিয়াল আৰু জনসাধাৰণক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই বঁটা সমগ্ৰ বিশ্বতে সিঁচৰতি হৈ থকা প্ৰতিগৰাকী প্রবাসী ভাৰতীয়ৰ কঠোৰ পৰিশ্ৰম আৰু কৃতিত্বৰ প্রতিফলন বুলি অভিহিত কৰে। প্রধানমন্ত্রী মোদীয়ে এক্স হেণ্ডেলত পোষ্ট কৰি কয়- ‘মই নৰৱে’ৰ অছলোত অৱতৰণ কৰিছোঁ। বিমানবন্দৰত প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্টোৰৰ ফালৰ পৰা উম্ম আদৰণি জনোৱাৰ বাবে মই কৃতজ্ঞ। ৪০ বছৰতকৈ অধিক সময়ৰ পিছত ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰীৰ এইটোৱেই প্রথম নৰৱে’ ভ্রমণ। মই নিশ্চিত যে এই ভ্রমণে ভাৰত আৰু নৰৱে’ৰ মাজৰ বন্ধুত্ব অধিক শক্তিশালী কৰি তুলিব।’  ছুইডেন ভ্ৰমণৰ সামৰণি মাৰি দুদিনীয়া আনুষ্ঠানিক ভ্রমণসূচীৰে নৰৱে’ত উপস্থিত হয় প্রধানমন্ত্রী মোদী। প্রধানমন্ত্রী মোদীৰ এয়া প্রথম নৰৱে’ ভ্রমণ আৰু ৪৩ বছৰৰ পিছত ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথম নৰৱে’ ভ্রমণ। পূৰ্বৰ এটা বিবৃতিত বৈদেশিক মন্ত্রালয়ে কয়- ‘এই ভ্রমণে ভাৰত-নৰৱে’ৰ সম্পৰ্কত হোৱা অগ্রগতি পর্যালোচনা কৰাৰ লগতে ইয়াক অধিক শক্তিশালী কৰাৰ পথ বিচাৰি উলিওৱাৰ সুযোগ প্রদান কৰিব। বাণিজ্য আৰু বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰত-ইএফটিএ বাণিজ্য আৰু অর্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ মূলধন হিচাপে লৈ স্বচ্ছ আৰু সেউজ প্রযুক্তি তথা নীলা অর্থনীতিৰ ওপৰতো গুৰুত্ব দিব।’ ইয়াত লগতে কোৱা হৈছে- ‘এই ভ্রমণে প্রায় ২.৭৩ বিলিয়ন ডলাৰ (২০২৪) মূল্যৰ দ্বিপাক্ষিক বাণিজ্যত গতিশীলতা প্ৰদান কৰাৰ সুযোগ আনি দিব আৰু ভাৰতীয় মূলধনী বজাৰত নৰৱে’ৰ চৰকাৰী পেন্সন পুঁজিৰ (জিপিএফজি) প্রায় ২৮ বিলিয়ন ডলাৰৰ বিনিয়োগ হ’ব।’