শদিয়াত সাংস্কৃতিক মহাসভা, অসমৰ ৪২ জনীয়া জিলা সমিতি গঠন

শদিয়াত সাংস্কৃতিক মহাসভা, অসমৰ ৪২ জনীয়া জিলা সমিতি গঠন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  সংস্কৃতি সমন্বয়ৰ সোপান-এই মূলমন্ত্ৰকে সাৰোগত কৰি বিগত ১৬ টা বছৰে, সাংস্কৃতিক মহাসভা,অসমে বিভিন্ন কৰ্ম আঁচনিৰে সমগ্ৰ ৰাজ্যৰ  সংস্কৃতিপ্ৰেমী ৰাইজৰ মাজত জনপ্ৰিয় হৈ উঠিবলৈ সমৰ্থ হোৱাৰ মাজতেই ১৭ মে’ত শদিয়াৰ চপাখোৱাত অনুষ্ঠিত হোৱা এখনি ৰাজহুৱা সভাত সাংস্কৃতিক মহাসভা, অসমৰ শদিয়া জিলা সমিতিখন গঠন কৰা হয়| শিক্ষাবিদ ডঃ কৰুণাকৰ পাণ্ডাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথি ৰূপে কমল বৰা, ডঃ জয়দয়াল মালি,ধ্ৰুৱ কুমাৰ দাহাল, বিমল ডেকা, ৰাজেন দিহিঙীয়া, ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দনজ্যোতি কলিতা, ডিব্ৰুগড় জিলা উপ-সভাপতি মৃদুল শৰ্মা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিবি বড়া আদি বিশিষ্ট ব্যক্তিসকল উপস্হিত থাকি ব্যক্তব্য দাঙি ধৰে | কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি বিনোদ কুমাৰ বড়া উপস্হিত থাকি সাংস্কৃতিক মহাসভা, অসমৰ লক্ষ্য-আদৰ্শৰ ওপৰত বক্তব্য দাঙি ধৰে | সভাত  নৃত্যশিল্পী মমী শইকীয়াক সভাপতি, ৰমেন গগৈক সাধাৰণ সম্পাদক, শিখা গগৈ আৰু বিমল ডেকাক উপ-সভাপতি, কালিচৰণ দাস আৰু ভৱেশ গগৈক সহকাৰী সম্পাদক, জিন্টুমনি গগৈক সাংগঠিনক সম্পাদক, কমল বৰা আৰু নিৰঞ্জন দাসক সাংস্কৃতিক সম্পাদক, চিত্ৰলতা গগৈক পত্ৰিকা সম্পাদক,জিতু গগৈক কোষাধ্যক্ষ, ডঃ জয়দয়াল মালিকক কাৰ্য্যলয় সম্পাদক, লগতে ঊষাৰাণী হাজৰিকা, ধ্ৰুৱ কুমাৰ দাহাল,ডঃ কৰুণাকৰ পাণ্ডা, ৰাজেন দিহিঙীয়াক উপদেষ্টা হিচাপে লৈ আৰু অন্যান্য ৩০ গৰাকী ব্যক্তিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ ৪২ জনীয়া এখন শক্তিশালী জিলা সমিতি গঠন কৰা হয়  বুলি সম্পাদক চন্দনজ্যোতি কলিতাই জানিবলৈ দিয়ে।