নাচনী
প্ৰভাত বণিয়া
গৰুম গুৰুম মেঘে গাজিছে
আকাশ ধোৱা বৰণীয়া হ’ল
বৰষুণে ধুৱাব নোৱাব
বহাগৰ আলি পদূলি
উদুলি মুদুলি
আহি পালে আমাৰ বিহু ৰঙালী
চেনেহা চেনেহী হিয়া দিয়া হিয়া নিয়া
সাঁচতীয়া প্ৰেম পিৰিতি
নাই ধনী দুখীয়া জাতি অজাতি
দলদোপ হেন্দোলদোপ হেঁপাহৰ
বিহু তলি
ৰূপহী তুমি নাচনী ওলাই আহা
এপাক নাচো উলাহত
মন ৰঙীন হ’ল
আজি সুৰীয়া দিন
সপোন পূৰণ হ’ব
বিহু বিহু লাগিছে গাত।
