প্ৰেমৰ ৰং ৰঙা – নিকুঞ্জ শর্মা

Pc Vecteezy

প্ৰেমৰ ৰং ৰঙা

নিকুঞ্জ শর্মা

প্ৰেম এক স্বৰ্গীয় অনুভূতি, এক আত্মিক শান্তি। যাৰ ৰং ৰঙা। ৰঙা গোলাপেৰে প্ৰেমক প্রতিপন্ন কৰা হয় আৰু মই অনুভৱ কৰোঁ যে প্ৰেমৰ আচল ৰংও ৰঙাই। হয়তো ৰঙা ৰঙৰ মাজেৰে মানুহে প্ৰেমৰ নিভাঁজ সংজ্ঞা বিচাৰি পায়।

প্ৰেম এনে এক পৱিত্ৰ অনুভূতি, যি অনুভূতি হয় মাথোঁ এগৰাকী বিশেষ ব্যক্তিৰ সৈতে, যি গৰাকীয়ে হৃদয়ৰ নিভৃত কোণত থিতাপি লয়। আমাৰ মন-মগজু, চিন্তাধাৰা সকলোতে মাথোঁ সেই বিশেষ ব্যক্তি গৰাকীৰ উপস্থিতি মূর্ত হৈ উঠে। যি গৰাকী ব্যক্তিৰ সান্নিধ্য আৰু স্পর্শই আমাৰ ওঁঠত হাঁহি বিৰিঙাই তোলে। তেওঁৰ উপস্থিতি আমাৰ জীৱনৰ সুখৰ উৎস, অমাৰ বাবে এক আশীৰ্বাদ স্বৰূপ হৈ পৰে।

এই পৃথিৱীৰ অসংখ্য ব্যক্তি, অগণন ব্যক্তিত্বৰ মাজত আমাৰ হৃদয়ে মাথোঁ সেই বিশেষ ব্যক্তি গৰাকীক বাছনি কৰি লয়, যি গৰাকী আমাৰ বাবে হৈ পৰে অদ্বিতীয় আৰু অনন্য। যাৰ সৈতে হয় মোৰ আত্মাৰ সংযোগ, আমাৰ হৃদয়ৰ এক পৱিত্ৰ বান্ধোন।

প্ৰেমত কেৱল এটা ৰঙেৰে ৰঙীন নহয়, বৰঞ্চ সেই বিশেষ ব্যক্তি গৰাকীৰ ৰঙেৰে ৰঙীন হৈ পৰে, যাক আমি হিয়া উজাৰি ভাল পাওঁ। যাক আমি আমাৰ হৃদয়ত এক বিশেষ স্থান দিওঁ। সকলো ৰঙৰ ভিতৰত ৰঙা এনেকুৱা এটা ৰং, যিয়ে আন সকলো ৰঙকে এনেভাৱে সুন্দৰকৈ সাবটি ল’ব পাৰে যে সি নিজৰ অস্তিত্বই পাহৰি যায়, তথাপি দেখিবলৈ মোহনীয় হৈ থাকে।

ইয়াৰ সৌন্দৰ্যৰ এক বিশেষত্ব আছে, ইয়াৰ মাদকতাই সুকীয়া। এয়াই হয়তো প্ৰেমৰ সৌন্দৰ্য, য’ত আমি সেই বিশেষ ব্যক্তি গৰাকীৰ চিন্তাধাৰা, দৃষ্টিভংগী, ধৰণ-কৰণ, শ্রদ্ধা আৰু মৰমেৰে এনেভাৱে সজ্জিত হৈ পৰোঁ যে কেতিয়াবা আমি নিজৰ অস্তিত্বও পাহৰি যাওঁ। এয়া আমা বাবে প্ৰেমৰ এক নিঃস্বাৰ্থ আৰু গভীৰ দিশ।

প্ৰেমৰ ৰং ৰঙা—এইষাৰ কথা আমাৰ বাবে চিৰন্তন। ৰঙা ৰঙে গভীৰ আবেগ, সাহসিকতা আৰু প্ৰেমাস্পদৰ প্ৰতি থকা অকৃত্ৰিম আকৰ্ষণক প্ৰতিনিধিত্ব কৰে। ৰঙা গোলাপক আদিম যুগৰ পৰাই প্ৰেমৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে, যিয়ে শব্দবিহীনভাৱে হৃদয়ৰ অনুভূতি প্ৰকাশ কৰে।

ৰঙা গোলাপক প্ৰেম আৰু ৰোমাঞ্চৰ প্ৰতীক বুলি গণ্য কৰা হয়। যেতিয়া আমি কাৰোবাক ৰঙা গোলাপ দিওঁ, তেতিয়া ইয়াৰ অৰ্থ হয় যে তেওঁৰ প্ৰতি আমাৰ প্ৰেম, ৰোমাঞ্চ তথা আৱেগৰ গভীৰ অনুভূতি আছে।

এই ৰঙা ৰঙেই প্ৰেমিক-প্ৰেমিকাৰ মনত ৰোমাঞ্চ আৰু হেঁপাহৰ সৃষ্টি কৰে। মোৰ দৃষ্টিত, ৰঙা গোলাপ হৈছে প্ৰেমৰ প্ৰকাশৰ এক সৰ্বোত্তম মাধ্যম। যেতিয়া এজন প্ৰেমিকে তেওঁৰ সংগীক ৰঙা গোলাপ আগবঢ়ায়, তেতিয়া সেয়া কেৱল এটা ফুল নহয়—সেয়া হয় হৃদয়ৰ নিভৃত অনুভৱৰ এক নীৰৱ ভাষা। ৰঙা ৰঙে কেৱল ভালপোৱাই নহয়, ইয়াত সন্নিহিত হৈ থাকে সাহস, আত্মবিশ্বাস আৰু অদম্য আকৰ্ষণ।

প্ৰেমৰ প্ৰস্তাৱ হওক বা হৃদয়ৰ কথা প্ৰকাশ কৰা হওক—আমাৰ মতে ৰঙা ৰঙৰ কোনো বিকল্প নাই। এই ৰঙা ৰঙেই প্ৰেমৰ অনুভূতিক সজীৱ কৰি ৰাখে আৰু প্ৰেমক আমাৰ মনত এক বিশেষ শিহৰণ আৰু মধুৰ অনুভৱৰ সৃষ্টি কৰে, যিটো আমাৰ বাবে জীৱনৰ আটাইতকৈ শক্তিশালী আৰু পৱিত্ৰ অনুভূতি।

ইয়াৰ লগতে, ৰঙা ৰঙৰ সৈতে মানুহৰ ব্যক্তিত্বৰো এক গভীৰ সম্পৰ্ক আছে। সকলোৰে নিজৰ এক প্ৰিয় ৰং থাকে, আৰু এই ৰঙে ব্যক্তিৰ ব্যক্তিত্বৰ বিষয়ে বহু কথা কয়। ৰঙা ৰং বিশেষ কৰি ওৰ্জা আৰু শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। যিসকল লোকে ৰঙা ৰং পচন্দ কৰে, তেওঁলোক সাধাৰণতে আত্মবিশ্বাসী আৰু সাহসী স্বভাৱৰ হয়।

ৰঙা ৰং ভালপোৱা সকলে জীৱনত সকলো কাৰ্য্য হৃদয়ৰ পৰা কৰিবলৈ পচন্দ কৰে আৰু কোনো কাৰ্য্য আধৰুৱা কৰি ৰাখিবলৈ পচন্দ নকৰে। তেওঁলোকে সমস্যাসমূহলৈ ভয় নকৰে; বৰঞ্চ সাহসেৰে সকলো সমস্যাৰ সৈতে সন্মুখীন হ’ব পাৰে। এনেলোকৰ ভিতৰত এক বিশেষ আত্মবিশ্বাস থাকে, যিয়ে তেওঁলোকক সকলো ঠাইতে নিজৰ পৰিচয় দেখুৱাবলৈ সহায় কৰে।

এইসকল লোক সাধাৰণতে মহত্বাকাংক্ষী হয় আৰু নিজৰ জীৱনত উচ্চ স্থান লাভ কৰিবলৈ চেষ্টা কৰে। তেওঁলোকৰ সপোন ডাঙৰ হয়, আৰু সেই সপোন পূৰণ কৰিবলৈ তেওঁলোকে অক্লান্ত পৰিশ্ৰম কৰে। সাহস আৰু দৃঢ়তা ৰঙা ৰং ভালপোৱা লোকসকলৰ এক ডাঙৰ পৰিচয়।

ৰঙা ৰং প্ৰেম আৰু উষ্ণতাৰ প্ৰতীক হোৱা বাবে, ৰঙা ৰং ভালপোৱা লোকসকল নিজৰ সম্পৰ্কতো একেবাৰে আন্তৰিক হয়। তেওঁলোকে নিজৰ বন্ধু আৰু পৰিয়ালৰ সৈতে গভীৰ সম্পৰ্ক বজাই ৰাখে আৰু নিজৰ প্ৰিয়জনক সুখী কৰি ৰাখিবলৈ সদায়ে চেষ্টা কৰে।

যদিও ৰঙা ৰং শক্তি আৰু উৰ্জাৰ প্ৰতীক, তথাপি কেতিয়াবা ই ক্ৰোধৰো প্ৰতীক হৈ পৰে। ৰঙা ৰং ভালপোৱা লোকসকল কেতিয়াবা সোনকালে ক্ৰোধিত হৈ পৰে, কিন্তু তেওঁলোকৰ ক্ৰোধ বেছি সময় স্থায়ী নহয় আৰু সোনকালে শান্ত হৈ যায়।

সেয়েহে মই হৃদয়ৰে ক’বলৈ বিচাৰোঁ— প্ৰেমৰ ৰং ৰঙা।