পৰিয়ালৰ পৰা আঁতৰত থকা একোজন আৰক্ষী বিষয়া – শংকৰ দেৱ

Pc Shutterstock

পৰিয়ালৰ পৰা আঁতৰত থকা একোজন আৰক্ষী বিষয়া 

শংকৰ দেৱ,  দেৰগাঁও

সমাজৰ শান্তি, শৃংখলা আৰু আইন ৰক্ষাৰ দায়িত্ব যাৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁলোকেই হ’ল একো একোজন আৰক্ষী বিষয়া । কৰ্তব্য পালনৰ বাবে তেওঁলোকে নিজৰ ব্যক্তিগত সুখ-শান্তি আৰু পৰিয়ালৰ স্নেহ-মমতাৰ পৰা প্ৰায়ে আঁতৰি থাকি জনহিত জনসেৱাৰ্থে নিজ কৰ্তব্যত নিয়োজিত হৈ থাকিব লগীয়া হয় । তেওঁলোকৰ বাবে দিন-ৰাতি, ৰ’দ-বৰষুণ, উৎসৱ-পৰ্ব নাইকিয়া হৈ পৰে, কেৱল সমাজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈহে ব্যস্ত হৈ থাকিব লগীয়া হয়। বহু সময়ত তেওঁলোকে নিজৰ পৰিয়াল, সন্তান বা পিতৃ-মাতৃৰ অসুখ-বিয়োগৰ সময়তো উপস্থিত থাকিব নোৱাৰে তথা সেৱা আগবঢ়োৱাৰ পৰা বিৰত থাকিব লগীয়া হয়। কিন্তু তেওঁলোকৰ মন সদায় পৰিয়ালৰ বাবে চিন্তিত হৈ থাকে। দেশ আৰু সমাজে তেওঁলোকৰ ওপৰত বিশ্বাস ৰাখে বাবে তেওঁলোকৰ বাবে কৰ্তব্য পালন কৰাই জীৱনৰ উদ্দেশ্য হৈ পৰে।  তেওঁলোকৰ জীৱনত পৰিয়ালৰ আনন্দতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ পৰে কৰ্তব্যৰ প্ৰতি নিষ্ঠা। দিন নিশাৰ সময় নোচোৱাকৈ পাহাৰ-ভৈয়াম , গাঁও-চহৰ আদি অঞ্চল পৰিদৰ্শন কৰা,  বিভিন্ন অপৰাধ নিবাৰণ কৰা আদি সকলো ক্ষেত্ৰতেই তেওঁলোকৰ সৰ্বোচ্চ ত্যাগ নিহিত হৈ থাকে।তেওঁলোকৰ এই নিঃস্বাৰ্থ কৰ্মস্পৃহাই সমাজক নিৰাপত্তা আৰু বিশ্বাসৰ বোধ প্ৰদান কৰে। পৰিয়ালৰ পৰা আঁতৰত থাকিলেও তেওঁলোকৰ মন-মগজুত থাকে মাতৃভূমিৰ প্ৰতি অগাধ প্ৰেম আৰু শ্ৰদ্ধা যাৰ বাবে তেওঁলোকে পৰিয়ালৰ প্ৰতি আঁতৰি থাকিবলৈ মানসিক শক্তি লাভ কৰে।

দেশৰ সুৰক্ষা আৰু সমাজৰ শান্তিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা আৰক্ষী বিষয়া এজন সত্য সেৱকৰ প্ৰতিচ্ছবি। তেওঁলোকে নিজৰ সুখ-স্বাচ্ছন্দ্য, পৰিয়ালৰ সান্নিধ্য আৰু জীৱনৰ আনন্দৰ পৰা আঁতৰি সমাজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰন্তৰ কৰ্মৰত হৈ থাকে। অসমৰ বিভিন্ন দায়িত্বপূৰ্ণ স্থানত নিযুক্ত হৈ থকা এনে বিষয়াসকলে বহু সময়ত বহু কষ্ট আৰু ত্যাগৰ মাজেৰে সময় অতিবাহিত কৰিব লগীয়া হয়।

এই কথা প্ৰমাণ কৰে যে, কৰ্তব্যৰ বাবে তেওঁলোকৰ ত্যাগ কোনো সাধাৰণ কথা নহয়। সমাজে যেতিয়া শান্তিৰ নিশ্বাস লয়, তেতিয়া সেই শান্তিৰ পৃষ্ঠত থাকে এনে বিষয়াসকলৰ নিদ্ৰাহীন আৰু কঠোৰ পৰিশ্ৰম তথা ত্যাগ। তেওঁলোকৰ পৰিয়ালৰ জীৱনতো অনিশ্চয়তা ভৰপূৰ হৈ থাকে কাৰণ যথাসময়ত সন্তানৰ বিদ্যালয়ৰ অনুষ্ঠান, উৎসৱ বা অসুখ-বিয়োগত বহুজন বিষয়া উপস্থিত থাকিব নোৱাৰে। তথাপিও তেওঁলোকৰ পৰিয়ালে গৌৰৱেৰে তেওঁলোকৰ কৰ্মক সমৰ্থন কৰে, কাৰণ সেই বিষয়া সকলৰ কৰ্ম ৰাষ্ট্ৰৰ গৌৰৱৰ সৈতে জড়িত।

বিশেষকৈ দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ অধীনত নৱ নিযুক্ত সকলে বুনিয়াদী প্ৰশিক্ষণৰ বাবে বা কৰ্মৰত আৰক্ষী সকলে পদোন্নতিৰ বাবে অহা বহুসংখ্যক আৰক্ষী বিষয়াই বছৰত কেইবামাহ ধৰি পৰিয়ালৰ পৰা আঁতৰি থাকিব লগীয়া হয়। এনে একো একোজন বিষয়া কাৰোবাৰ বাবে এজন পিতৃ, স্বামী বা পুত্ৰ যিসকলে এই প্ৰশিক্ষণ সম্পন্ন কৰিবৰ বাবে নিজৰ পৰিয়ালৰ স্নেহৰ পৰা আঁতৰি থাকিব লগীয়া হয়।

কৰ্তব্যৰ বাবে পৰিয়ালৰ পৰা আঁতৰত থকা একো একোজন আৰক্ষী বিষয়া সমাজৰ সত্য ত্যাগৰ প্ৰতিচ্ছবি। তেওঁলোকে মানুহৰ শান্তি আৰু নিৰাপত্তাৰ বাবে নিজৰ সুখ-স্বাচ্ছন্দ্য বিসৰ্জন দিয়ে। সমাজে তেওঁলোকক যথাযথ সন্মান আৰু কৃতজ্ঞতাৰ দৃষ্টিৰে চাব লাগে কাৰণ তেওঁলোকৰ এই নিষ্ঠা পূৰ্ণ কৰ্তব্যই আমাৰ সুৰক্ষিত জীৱনৰ আধাৰ।