আজি ঘোষণা কৰা হ’ব অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি

Pc ETV Bharat

আজি ঘোষণা কৰা হ’ব অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি

ৰঙিলী বাৰ্ত্তাসেৱা- আজি ঘোষণা কৰা হ’ব  অভি-নীল হত্যাকাণ্ডৰ দোষীসকলৰ শাস্তি। নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে আজি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰকাশ কৰিব। ইয়াৰ পূৰ্বে, ২০ এপ্ৰিলত আদালতে এই ঘটনাৰ সৈতে জড়িত ২০জনক দোষী সাব্যস্ত কৰিছিল। আজি তেওঁলোকৰ বিৰুদ্ধে কি শাস্তি দিয়া হ’ব, তাৰ ওপৰতেই সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। উল্লেখ্য যে, ২০১৮ চনৰ ৮ জুনত ডকমকাৰ পাণজুৰি গাঁৱত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডটো। এদল উত্তেজিত লোকে দুজন যুৱক-অভি আৰু নীলক নির্দয়ভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল। এই ঘটনাই সমগ্ৰ ৰাজ্যত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছিল আৰু দীৰ্ঘদিন ধৰি ন্যায়ৰ অপেক্ষাত আছিল লোকসকল।