৪ মে’ৰ পাছত অনুপ্ৰৱেশকাৰীক ওভতাই পঠিওৱা হ’বঃমুখ্যমন্ত্ৰী ড০ শৰ্মা

৪ মে’ৰ পাছত অনুপ্ৰৱেশকাৰীক ওভতাই পঠিওৱা হ’বঃমুখ্যমন্ত্ৰী ড০ শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম বংগৰ দক্ষিণ উলুবেড়িয়া বিধানসভা সমষ্টিৰ লগতে হৰিণঘাট বিধানসভা সমষ্টিত দুখনকৈ জনসভা আৰু বনগাঁও বিধানসভা সমষ্টিত এখন ৰ’ড শ্ব’ত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই তৃণমূল কংগ্রেছক তীব্র ভাষাৰে সমালোচনা কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয়- আই লক্ষ্মীৰ নামত পশ্চিমবংগত টিএমচিয়ে যি আঁচনি গ্রহণ কৰিছে তাৰ পৰা না কৃষক উপকৃত হৈছে, না শিক্ষিত যুৱ সমাজে সংস্থাপন লাভ কৰিছে। এই আঁচনিৰ দ্বাৰা মা-ভগ্নীয়েও ঘৰ-সংসাৰ চলাবলৈ সুবিধা পোৱা নাই। মুখ্যমন্ত্রীয়ে মমতা বেনাৰ্জীক উদ্দেশ্যি পুনৰ কয়- দিদি আপুনি আল্লাৰ নাম লোৱাত কোনো আপত্তি নাই। কিন্তু আল্লাৰ লগতে ঈশ্বৰো থাকিব লাগিব। পশ্চিমবংগত আজি কৃষকক প্রতি কুইণ্টল ধানৰ বাবদ ন্যূনতম সমর্থিত মূল্য মাত্র ২,৩৫০ টকা দিয়া হয়। কিন্তু বিজেপিশাসিত ছত্তিশগড় আৰু মধ্যপ্ৰদেশত ৩,১০০ টকা দিয়া হয়। সেয়েহে পশ্চিমবংগত মা লক্ষ্মীৰ আগমন বিজেপিয়ে লৈ আহিব। বিজেপি চৰকাৰ আহিলে ঘৰে ঘৰে সুখ-সমৃদ্ধিৰ মা লক্ষ্মীৰ আগমন হ’ব। ৰাজ্যখনৰ অনুপ্ৰৱেশকাৰীৰ ইছ্যু উত্থাপন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই নির্বাচনী সভাত কয়-‘৪ মে’ৰ পাছত প্ৰথমতে অনুপ্ৰৱেশকাৰীসকলক চুবুৰীয়া ৰাষ্ট্ৰলৈ ওভতাই পঠিওৱা হ’ব। আৰু তাৰ পাছত কোনোদিনে উভতিব নোৱৰাকৈ সীমান্তত এটা বৃহৎ তলা লগাই দিয়া হ’ব।’ অনুপ্ৰৱেশকাৰীয়ে অসমৰ লগতে বংগৰ জনগাঁথনি সলনি কৰি পেলাইছে বুলি মত প্রকাশ কৰি তেওঁ লগতে কয় যে আমাৰ চৰকাৰ হ’লে চাৰি মে’ৰ পাছত তীব্ৰ অভিযান চলিব। বংগৰ পৰা অনুপ্ৰৱেশকাৰীসকল অসম, ওড়িশা আৰু বিহাৰলৈ যাবলৈ চেষ্টা কৰিব যদিও এই তিনিওখন চৰকাৰে সীমান্ত বন্ধ কৰি দিব। শেষত অনুপ্ৰৱেশকাৰীসকল বংলাদেশলৈ উভতি যাবলৈ বাধ্য হ’ব। বাংলাদেশলৈ পাৰ হোৱাৰ পাছতেই সীমান্তত এটা ডাঙৰ তলা লগাই দিয়া হ’ব বুলিও কয় ড° শর্মাই। দক্ষিণ উলুবেড়িয়াত এখন নির্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্রীয়ে কয়- ভাৰতত হিন্দুসকল অতীজৰে পৰা আছিল আৰু সদায় থাকিব। হিন্দুসকলক কোনেও ক্ষতি কৰিব নোৱাৰে। পশ্চিমবংগত তৃণমূল কংগ্রেছে হিন্দুক ক্ষতি কৰাৰ যি চেষ্টা কৰিছে, তাত সফল হ’ব নোৱাৰে। ৫০০ বছৰৰ অন্তত আমি ৰাম মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। মাথোঁ ১৫ বছৰৰ তৃণমূল কংগ্ৰেছ আমাৰ বাবে কিদৰে বাধা হ’ব? মই মমতা দিদিক ক’ব বিচাৰোঁ- হিন্দুৰ লগত সংঘাতত নাহিব। ভাৰতত হিন্দু আছে, থাকিবই। ইফালে সংবাদ মাধ্যমৰ আগত পশ্চিমবংগত থকা মতুয়া সম্প্ৰদায়ৰ সৈতে বিজেপিৰ সম্পৰ্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- মতুয়া সম্প্ৰদায়ৰ সৈতে বিজেপিৰ সম্পৰ্ক পুৰণি। এই নির্বাচনত মতুয়া সম্প্রদায় বিজেপিৰ লগত থাকিব, তাত কোনো সন্দেহ নাই। মুখ্যমন্ত্রীয়ে বনগাঁও উত্তৰত এক বিশাল ৰোডশ্ব’ত অংশ লয়।