ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন সুৰৰ সম্ৰাজ্ঞী আশা ভোছলেৰ শেষকৃত্য
ৰঙিলী বাৰ্ত্তাসেৱা- কিংবদন্তি সংগীতশিল্পী আশা ভোছলেৰ শেষকৃত্য সোমবাৰে বিয়লি শিৱাজী পাৰ্কত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব । ৯২ বছৰীয়া এইগৰাকী মহান গায়িকাই তেওঁৰ কালজয়ী গীতৰ জৰিয়তে সাতটাতকৈও অধিক দশক ধৰি সংগীতৰ জগতত ৰাজত্ব কৰিছিল । বিগত শনিবাৰে বুকুৰ সংক্ৰমণৰ বাবে গায়িকাগৰাকীক ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । দেওবাৰে চিকিৎসকে জনোৱা মতে, একাধিক অংগ বিকল হোৱাৰ (multi-organ failure) ফলত ‘সুৰৰ ৰাণী’গৰাকীয়ে মৃত্যুক আঁকোৱালি লয় । সোমবাৰে পুৱাৰে পৰা মুম্বাইৰ লোৱাৰ পেৰেলত অগণন গুণমুগ্ধৰ ভিৰ। শিল্পীগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ বাবে চলচ্চিত্ৰ উদ্যোগৰ পৰা ৰাজনৈতিক, সামাজিক, ক্রীড়া জগতকে ধৰি বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য লোকসকল উপস্থিত হয়। সোমবাৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজাপৰ্যন্ত কাছা গ্ৰেণ্ডৰ ঘৰত ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি ৰখা অৱস্থাত চিৰনিদ্ৰাত আছিল আশা ভোছলেৰ নশ্বৰদেহ। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ, ৰাজনীতিক উদ্ধৱ থাকৰে, ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, অভিনেতা ৰাকেশ ৰৌশন, জেকি শ্রফ, টাবু, ৰীতেশ দেশমুখ, শচীন পিলগাওগকৰ, আশুতোষ গোৱাৰিকৰ, সংগীত শিল্পী অনুৰাধা পড়োৱাল, এ আৰ ৰহমান আদি অনেক বিশিষ্ট ব্যক্তিয়ে তালৈ গৈ শ্রদ্ধা জনায় ।

ইয়াৰ পাছতেই আয়োজন কৰা হয় প্রয়াত সংগীত শিল্পীগৰাকীৰ শেষযাত্রা। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, শেষযাত্ৰাৰ বাবে লোৱাৰ পেৰেলৰ পৰা দাদৰপৰ্যন্ত ১,০০০ আৰক্ষী কৰ্মীক মোতায়েন কৰা হয়। ৰাস্তাত ট্রেফিক আৰু যাতায়াত ব্যৱস্থা যাতে লংঘিত নহয় তাৰ বাবে এই ব্যৱস্থা লোৱা হয়। ফুলৰ মালাৰে সজ্জিত আশা ভোছলেক লৈ যোৱা হয় শিৱাজী পার্কলে। বিয়লি ৪ বজাত শিৱাজী পাৰ্কত সম্পন্ন কৰা হয় কিংবদন্তি শিল্পীগৰাকীৰ শেষকৃত্য। তাৰ পূৰ্বে পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে শ্রদ্ধার্ঘ্য জনোৱা হয় শিল্পীগৰাকীক। সেই মুহূর্তত কান্দোনত ভাগি পৰে ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ। তেওঁৰ লগত আছিল পত্নী অঞ্জলিয়েও। এটাৰ পিছত এটাকৈ মুঠ ২১টা তোপধ্বনি দি ভাৰতীয় সংগীত জগতৰ অন্যতম কিংবদন্তি কণ্ঠশিল্পীক শেষ বিদায় জনোৱা হয় ৷ স্বর্গীয় ভাগোজী বালুজী কিৰ হিন্দু শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
