পৱন খেড়াৰ অন্তৱৰ্তীকালীন জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে সম্পত্তিৰ পাহাৰ আৰু তিনিখন দেশৰ সক্ৰিয় পাছপ’ৰ্টক লৈ উত্থাপন কৰা অভিযোগত কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত তেলেংগানা উচ্চ ন্যায়ালয়ে এসপ্তাহৰ ট্ৰেনজিট এণ্টিচিপেটৰী জামিন প্ৰদানৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ। উল্লেখযোগ্য যে, তেলেংগানা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে (১০ এপ্রিল) কংগ্রেছ নেতা পৱন খেৰাক এক সপ্তাহৰ বাবে ট্রানজিট জামিন প্রদান কৰিছিল। আদালতে তেওঁক এই সময়ছোৱাত সংশ্লিষ্ট আদালতত নিয়মীয়া আগতীয়াকৈ জামিনৰ আবেদন দাখিল কৰাৰ অনুমতি প্রদান কৰে। উল্লেখযোগ্য যে পৱন খেৰাই মুখ্যমন্ত্রী ড০ শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ভিত্তিহীন অভিযোগ উত্থাপন কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে ৰিণিকি ভূঞা শৰ্মাৰ ইউএই, ইজিপ্ত আৰু এন্টিগুৱা এণ্ড বার্বুডাৰ নাগৰিকত্ব আৰু সক্রিয় পাছপ’র্ট আছে। লগতে তেওঁ ডুবাই আৰু আমেৰিকাত সম্পত্তি থকাৰ অভিযোগো কৰিছিল। এই অভিযোগসমূহক সম্পূৰ্ণভাৱে অস্বীকাৰ কৰি ৰিণিকি ভূঞা শৰ্মাই কৈছিল যে উক্ত নথিপত্রসমূহ সম্পূর্ণ ভুৱা আৰু ডিজিটেল হেৰফেৰ কৰি প্ৰস্তুত কৰা হৈছে। এই সন্দর্ভত তেওঁ অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চত পৱন খেৰাৰ বিৰুদ্ধে এক এফআইআৰ দাখিল কৰিছিল। ইয়াৰ পিছতে অসম আৰক্ষীয়ে পৱন খেৰাৰ বিৰুদ্ধে জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত গোচৰ ৰুজু কৰে। মুখ্যমন্ত্রী ড০ শর্মায়ো এই অভিযোগসমূহক ‘অসৎ উদ্দেশ্যপ্রণোদিত, মিছা আৰু ৰাজনৈতিক প্ৰেৰণাৰে কৰা’ বুলি অভিহিত কৰি কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে আৰক্ষী অভিযোগ আৰু মানহানিৰ গোচৰ দাখিল কৰাৰ হুংকাৰ দিছিল।
