বহাগ
দুলুমণি দেৱী,মাকুম
বহাগ মানেই প্রকৃতিৰ
স্নেহভৰা চাৱনি
কুলিৰ মৌ মিঠা মাতত
কেতেকীৰ হিয়া পমি যোৱা
সুৰৰ প্রতিধ্বনি….
অমিয়া গীতৰ লহৰত
নীল আকাশৰ সীমনাত
বর্ণিল ৰংৰ জিকমিকনি….
কপৌ ফুলৰ লাজুকী হাঁহিত
চিপ চিপ বৰষুণজাকেও
পাতে মিতিৰালি…..
মিঠা গীত জুৰে
কপৌ পাহি হৈ পৰে আলসুৱা ,আলফুলীয়া
বহাগ মানেই
ৰ’দৰ বসুন্ধৰা
সুকোমল প্রকৃতিৰ অপুর্ব আভা…..
