জুবিনটো বিহুত আহিবনে? – শ্ৰুতিস্মীতা দেৱী 

জুবিনটো বিহুত আহিবনে?

শ্ৰুতিস্মীতা দেৱী 

মোৰ বাঁহৰ জপনাখনত উঁইপৰুৱাই বাহৰ পাতিলে
মোৰ নাহৰ, তগৰ জোপাটো তেজৰ গোন্ধ‌ বিয়পালে
তথাপিও, জপনাখন খুলি থৈছোঁ
অবাক- অচেতন হৈছো
ৰঙালী বিহুৰ বতাহজাক আহো নাহোঁকৈ
পদূলি গচকিলে
কিন্তু নাই
তেওঁৰ পদধূলিৰ উমান ম‌ই নাপালোঁ
সেই ধূলি উৰিব‌ও নোৱাৰে দিয়াচোন
এতিয়া তেওঁ সৰগৰ সুৰ সম্ৰাট
ৰঙালীৰ বাবে ধ্ৰুৱতৰা
বহাগে আমনি কৰা
সেই কাঠৰ মঞ্চবিহুত
সেই ঐশ্বৰিক কন্ঠ আৰু শুনা নাযায়
আমোৱালে.. বুজিছ ‘
উত্ৰাৱল যুৱকৰ ৰঙীন মাতাল নিচাই
তেওঁক শান্তিৰ টোপনি নিদিলে
চকিবোৰ গছপাতৰ দৰে ভাঙি পেলোৱাই
তেওঁৰ মন অশান্ত কৰিলে
বিহুত এইবাৰ নাহৰ নুফুলে
জুবিনৰ প্ৰিয় নাহৰজোপাৰ আজি বিৰহ
কোনে ক’ব নাহৰ গছৰ তেলৰ কথা
কোনে ক’ব নিস্বাৰ্থ প্ৰেমৰ অভিলাষী গাথা
কোনে ক’ব ম‌ই লগুন চিঙি পেলোৱা বামুণ
কোনে ক’ব ম‌ই নিশাচৰ ৰাতিৰ কুসুম
নাই….
তেওঁৰ অনুৰাগীলৈ আহ্বান নাই
মৰম- সন্মানৰ মেতমৰা সম্ভাৰ লৈ
বিদায় মাগিলে সু উচ্চ শিখৰলৈ
হঠাৎ,, সাৰ পালোঁ
বৌতিয়ে মৰমৰে যাচি দিয়া জলপানৰ বাটিটো
আমৈয়ে আপ্যায়ন কৰিব খোজা
পিঠা – পনাৰ ঠালখন
আজি ঢুলীয়াইনো ঢোলত ছেও দিবনো কেনেকৈ?
আজি নাচনীয়েনো কঁকাল ভাঙিব কেনেকৈ?
আজি হুঁচৰিৰে চোতাল ভৰিবনো কেনেকৈ?
জুবিনটো বিহুত আহিবনে?
জুবিনটোক বিহুৱান যাচিমনে,?
জুবিটোৱে জলপান খাবনে?
প্ৰশ্নচিহ্ন…?