ব’হাগ মানে  এক নতুনৰ আগমন -পৰিস্মীতা বৰা 

ব’হাগ মানে  এক নতুনৰ আগমন       

                     পৰিস্মীতা বৰা 
ধোৱাছলা গড় , মাজুলী 

 নতুন বছৰক আদৰাৰ প্ৰস্তুতি ।
ব’হাগ মানে আশাৰ বতৰা
নতুন জীৱন যাত্ৰাৰ আৰম্ভণি ।।
গৰু বিহু দিনা খন ককা দেউতাই
মাহ হালধীয়ে গৰু গা ধোৱাই ।
সন্ধিয়াৰ পৰত মাখিয়তী পাতেৰে
আদৰি আনি গৰুক ন পঘা পিন্ধায় ।।
বৰমা , পেহীয়ে খোলাত বনাইছে
তিল পিঠা, ঘিলা পিঠা ।
নানা বিধ লাৰু , পিঠাৰে
ভৰি পৰিছে জুহালৰ আখল ।।
প্ৰতি অসমীয়াৰ পদুলিয়ে পদুলিয়ে
ঢোল, পেপা, গগনাৰ মাত ।
ৰঙিলী গাভৰুৱে ৰ’ৱকে নোৱাৰে
ভাঙি দিয়ে কঁকালৰ ভাঁজ ।।
ব’হাগে আনিব এনাজৰী বান্ধোন
ব’হাগে আনিব প্ৰেম প্ৰীতি ।
এনাজৰী বান্ধোনেৰে বান্ধ খাব
বৃহত্তৰ অসমীয়া জাতি ।।