প্ৰাণৰ বহাগ তুমি অনন্য – অনামিকা (সংগীতা)কলিতা

Pc StayVista

প্ৰাণৰ বহাগ তুমি অনন্য

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

অসমী আইৰ হৃদয়ৰ তিনিটা বিহুৰ ভিতৰত অন্যতম  সকলোৰে  প্ৰাণৰ প্ৰিয় বহাগ। অসমীয়া নৱ বৰ্ষৰ প্ৰথমটো খোজৰ দোকমোকালিতে তুমি আমালৈ  ঢোলে ডগৰে লৈ আহিবা অনেক আশাৰ বতৰা …! ,তোমাৰ পৰশত ধৰিত্ৰীৰ বুকুৰ  সেউজীয়া দলিচাৰ কোমল হাঁহি.কোনেনো পাহৰে .! অসমী আইৰ বুকুত সমন্বয়ৰ শলিতা গছি জ্বলাই সকলোৰে হৃদয়ত প্ৰেমৰ বীজ সিঁচাৰ সপোন দেখুওৱা তুমিয়ে ৰাঙলী জনী..! শব্দৰ মালাৰে তোমাক সজাই তোলাৰ প্ৰৱল হেঁপাহ  প্ৰতিজন অসমীয়াৰ ! সেন্দুৰীয়া কপালত চাদৰৰ আঁচলত নাচনীৰ সাজোনত জীপাল হয় আকাশ বতাহ, ঢোল  পেঁপা , গগণা মাতত অবাক হৈ পৰে দুৰ দিগন্তৰ হেঙুলী ৰহন.! মেঘৰ আচ্ছাদন ফালি বৰদৈচিলা জনী যেতিয়াই ঢপলিয়াই আহে ঠেহপাতি তুমি  পোহৰৰ ফালে  এবাৰো নোচোৱা যিমানেই পোহৰ মধুৰ নহওঁক । আশা কৰিছো,নতুন বছৰৰ প্ৰতিটো পুৱাই তুমি আমালৈ কঢ়িয়াই আনিবা নৱ সৃষ্টিৰ মধুৰ বতৰা,মনৰ সঞ্চিত দুখ বেদনা বোৰ বিকশিত কৰিবা, ৰঙীণ সুৰুজৰ আলোক সন্ধানী সৃষ্টিৰ কামনাৰে জীৱনলৈ বৈ আনিবা অমল প্ৰেমৰ ঢল,সপোন বোৰ সাৰ পাই উঠক ৰক্তৰঞ্জিত গোলাপৰ পাহিৰ দৰে,দুখ ভাগৰৰ তৃষ্ণাত সৰি পৰক হাঁহিৰ সুগন্ধি মন্ত্ৰ,জীৱন ৰঙীণ উৎস। আজিৰ এই জটিল সন্ধিক্ষণত প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ প্ৰেৰণা যোগাবা যাতে ইজনে সিজনক আকোৱালি লৈ সজাই তুলিব পাৰো জীৱনৰ দৈনন্দিন পৃষ্টাবোৰ প্ৰেম আৰু ভাতৃত্ববোধৰ এনাজৰীৰে।  শেষত তোমালৈ যাঁচিলো মোৰ হৃদয়ৰ প্ৰণিপ্ৰাত আৰু গভীৰ ভালপোৱা ।