প্ৰাৰ্থনা
পৰিতোষ চক্ৰৱৰ্তী, গৰীয়সী পুথিভঁৰাল, মিৰ্জা
দলগোমা নামৰ জকাইচুকীয়া গাওঁখনৰ পৰা শৈলনগৰীত তেতিয়াই আমাৰ প্ৰাৰ্থনাৰ ভাষা –প্ৰভু মৰম বিলাই দিয়া সকলোকে, সকলো হৃদয়তে।
নেদেখা শক্তিৰ বহুত নাম
হিন্দু-মুছলিম-খৃষ্টান ভেদে
আমাৰ ওচৰত একো
নাছিল,
আছিল মাত্ৰ – “প্ৰাৰ্থনাৰ ভাষা”
অমানুহ – চয়তানবোৰক কৃপা কৰা।
কোৱা নাছিলোঁ —
সিহঁতক ক্ষমা নকৰিবলৈ
কেতিয়াও কোৱা নাছিলোঁ
শৈলনগৰীতো বহুত বিপদ – মানুহ মৰিছিল
কলেজৰ ছাত্র মৰিছিল চয়তানৰ বন্দুকৰ গুলিত।
মই এঠাইত আছিলোঁ
মই এঠাইতে আছোঁ
সিহঁতে চোং সলাইছে
লুট কৰিব খোজে
বন্ধু হৈ – বন্ধুৰ মৰম-ভালপোৱা
বন্ধুৰ মান-সন্মান
আচলতে কথাবোৰ
কোৱা সময় নহয়
এতিয়া আকৌ সময়বোৰ দু:সময়।
পানীত ডুবি আছে আমাৰ মানুহ
এ কঁকাল পানী ঘৰৰ ভিতৰত
পানীত উঠিছে ঘৰৰ আচবাব- ফটাকানি
মানুহবোৰৰ ককবকনি
আকৌ ইমাৰজেন্সি
গো বেক ফৰেইনাৰছ্
বিৰাট সমদল, দীঘলীয়া সমদল
নো পিচ,নো সল্যুশ্যন
আকৌ আৰম্ভ
মানুহৰ মৰ্মস্পৰ্শী কান্দোন
ঘৰ জ্বলি হোৱা ছাইবোৰ লিৰিকি বিদাৰি –
সকলো নিৰুপায়
সাধাৰণ প্ৰজাগন
বিপদৰ পিছতো বিপদ আমাৰ
পানীত ডুবি আছিলোঁ
এতিয়া বুলডোজাৰেৰে ঘৰবোৰ ভাঙিয়েই আছে।
সৰু ডাঙৰ সকলো ভীতিগ্ৰস্ত
ভৱিষ্যত কি হ’ব ?
চয়তানৰ দলে অভিমত দিছে
হিচাপ চলিছে – হেনো
পাপ যিমান, ফল তেনেকুৱা
পুণ্যজন আমি,
অতি আয়াসত আছোঁ !
অসাধুৰ শাস্তি নহ’বনে
সাধু হোৱা বাবে – আমাৰ ভাল।
আচৰিত হও –
দুষ্টলোকৰ দুষ্কাৰ্য্য-
ভালতকৈ চলিছে আৰু ভাল
দুষ্টলোক পাপী – তথাপি পূণ্যজন।
সেয়ে এষাৰ চিৰাচৰিত কথা
এতিয়া ‘সময়’ – ‘দু:সময়’।
কবিতাত পঢ়িছোঁ-
দু:সময়ৰো শেষ থাকে
ক্ষমাৰ সময় – হুৰমুৰকৈ আহে
যদা-যদাহি ধৰ্মস্য গ্লানি…
মোৰ প্ৰাৰ্থনা – সেই তেতিয়াই আৰম্ভ কৰা প্ৰাৰ্থনা –
জকাইচুকীয়া দলগোমাৰ পৰা শৈলনগৰীলৈ
