অসমত তৃতীয়বাৰলৈ হ’ব বিজেপি চৰকাৰঃ নীতিন নবীন

অসমত তৃতীয়বাৰলৈ হ’ব বিজেপি চৰকাৰঃ নীতিন নবীন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ ভিন্ন প্রান্তত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নির্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে জোনাইত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় বিজেপি মিত্রজোঁটৰ বিশাল নির্বাচনী প্ৰচাৰ সভা। ৮০নং জোনাই বিধানসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ভুবন পেণ্ডৰ হৈ বিশাল নির্বাচনী প্ৰচাৰ সভাত ভাগ লয় ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। প্রায় চল্লিশ হাজাৰ জনসমাগম হোৱা বিশাল সভাত ষ্টাৰ কেম্পেইনাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কয়- আজিৰ এই জনসমাগমে প্ৰমাণ কৰে যে অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজে সিদ্ধান্ত লৈছে যে পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিম। অসম বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰা এখন ৰাজ্য। ৰাজ্যখনত থকা বড়ো, মিচিং, দেউৰী, হাজং, গাৰো, কাৰ্বি, নেপালী আদি বিভিন্ন জনগোষ্ঠীয় গীত-নৃত্যই অসমৰ হৃদয় জয় কৰে। চাওলুং চুকাফাক প্রণাম জনাই পনৰ কয়-পূৰ্বৰ বহু চৰকাৰৰ দিনত অসমত মাথোঁ আন্দোলন, হিংসাই বিৰাজ কৰিছিল, কিন্তু আমাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত অসম বিকাশৰ দিশত ধাৱমান হৈছে। আজি আমাৰ দেশ তীব্র গতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে। আয়ুষ্মান ভাৰতৰ জৰিয়তে কোটিতকৈ অধিক পৰিয়াল উপকৃত হৈছে। এটা সময়ত এনেকুৱা আছিল যে চিকিৎসা সেৱাৰ কাৰণে হাবাথুৰি খাব লগা হৈছিল দেশৰ জনতাই। উত্তৰ-পূৰ্বাঞ্চলৰ লোকে চিকিৎসাৰ বাবে দিল্লী, মুম্বাই আদিলৈ যাব লগা হৈছিল। কিন্তু বিজেপি চৰকাৰৰ দিনত অসমত বহুকেইখন চিকিৎসালয়, মহাবিদ্যালয় নিৰ্মাণ কৰি ৰাইজক উপকৃত কৰিছে। এতিয়া অসমৰ মানুহে নিজ ৰাজ্যত চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হৈছে। কৃষ্টি-সংস্কৃতিৰে ভৰা অসমক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী তথা ড° হিমন্ত বিশ্ব শর্মাই যথেষ্ট গুৰুত্ব প্রদান কৰি ইতিমধ্যে বিশ্ব ৰেকৰ্ডেৰে বিহু, বাগুৰুমবা, ঝুমুৰ নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি অসমৰ নাম উজলাবলৈ সক্ষম হৈছে বুলি কৈ কংগ্ৰেছ চৰকাৰৰ দিনত ভাৰতীয় সেনাবাহিনীক আক্রমণ কৰা সত্ত্বেও কোনো গুৰুত্ব প্রদান কৰা নাছিল। কিন্তু এইখন বিজেপি চৰকাৰে কোনোবা দুষ্কৃতিকাৰীয়ে এটা শিল যদি দলিয়ায়, তেন্তে তাৰ প্ৰত্যুত্তৰ দি নিজৰ মাতৃভূমিৰ ৰক্ষা কৰাৰ স্বাৰ্থত আৰু নিজৰ মা-ভনী ৰক্ষাৰ অৰ্থে কাম কৰি আহিছে। তদুপৰি দেশৰ মহিলাসকলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি কোটি মহিলাক লাখপতি বাইদেউ বনাবলৈ সক্ষম হৈছে। গতিকে, যি সপোন লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত নিৰ্মাণৰ চেষ্টা কৰিছে, এই সপোন পূৰাবলৈ জনতাৰ আশীর্বাদ লাগিব, সেয়ে পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰক ভোটত জয়ী কৰাবলৈ জনতাক আহ্বান জনায় ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। সভাত বিধায়ক ভুবন পেগুরে কয়-বিজেপি মিত্রজোটৰ চৰকাৰ লক্ষ্মীৰ চৰকাৰ, কিয়নো পদুম ফুল হৈছে লক্ষ্মীৰ বাহন। বিজেপি প্রার্থী ভুবন পেগুৱে পুনৰ কয়- বিজেপি চৰকাৰৰ দিনত জোনাই সমষ্টিক মথাউৰি নিৰ্মাণ কৰি বানমুক্ত, যাতায়াতৰ সু-ব্যৱস্থা, চিকিৎসা সেৱা, শিক্ষা, চাৰিশতকৈ অধিক জল জীৱন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ধৰি গ্ৰামাঞ্চলত খোৱাপানীৰ সমস্যা দূৰীকৰণ, কুলাজানৰ পৰা অয়ানলৈ ফ’ৰলেন নির্মাণ, জোনাইৰ মাজমজিয়াত বৃহৎ ৰাজহুৱা গাড়ী আস্থান, আটকধুনীয়াকৈ মিচিং কৃষ্টি ভবন নির্মাণ কৰাৰ লগতে জোনাইৰ ৰাইজে যিকোনো সভা-সমিতি, অনুষ্ঠান-অনুষ্ঠিত কৰিব পৰাকৈ মিচিং কৃষ্টি ভৱনৰ মুকলি প্রেক্ষাগৃহ নিৰ্মাণ কৰিছে। তেওঁ কয়- জোনাই অসম-অৰুণাচল সীমান্তত একলব্য আদর্শ আৱাসিক বিদ্যালয় নির্মাণ, জোনাইৰ প্ৰায় ৭৮ বছৰীয়া দুখ-যন্ত্ৰণাৰ অৱসান ঘটাই ২২ কোটি টকীয়া ব্যয় সাপেক্ষে নৱনির্মিত বহুপ্রত্যাশিত ১০০খন বিছনাযুক্ত আদর্শ চিকিৎসালয় নির্মাণ, আদর্শ মডেল অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰি শিশুসকলৰ পুষ্টি, যত্ন আৰু প্ৰাৰম্ভিক শিক্ষাৰ ক্ষেত্ৰত এক উন্নত পৰিৱেশ প্রদানকে আদি কৰি জোনাই সমষ্টিত বহু উন্নয়নমূলক কাম কৰিছোঁ। আজিৰ এই জনসভাত চল্লিশ সহস্রাধিক লোকৰ অভূতপূর্ব সমাগমে জোনাই সমষ্টিবাসী ৰাইজৰ অটল আস্থা, মৰম আৰু সমর্থনৰ সুস্পষ্ট প্রতিফলন দাঙি ধৰিছে। ৰাইজৰ এই উষ্ম সঁহাৰিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত আমাৰ জয় নিশ্চিত হোৱাৰ দৃঢ় সংকেত প্রদান কৰিছে। জোনাই বিধানসভা সমষ্টিৰ সামগ্রিক উন্নয়ন, শান্তি-সমৃদ্ধি আৰু সকলো স্তৰৰ লোকৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰে আমি দৃঢ় সংকল্প বদ্ধ। এই উন্নয়নৰ যাত্রা অব্যাহত ৰাখিবলৈ সমষ্টিবাসী ৰাইজৰ মৰম, আশীর্বাদ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। গতিকে, পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে দুই লাখ যুৱক-যুৱতীক চাকৰি দিব, দহ লাখ যুৱক-যুৱতীক সংস্থাপন দিব বুলি কৈ বিজেপি মিত্রজোটৰ চৰকাৰ লক্ষ্মীৰ চৰকাৰ, কিয়নো পদুম ফুল হৈছে লক্ষ্মীৰ বাহন। সেয়ে এইবাৰ জোনাই সমষ্টিত বিপুল ভোটত ভোট দি জয়যুক্ত কৰিবলৈ ৪০ হাজাৰ উপস্থিত লোকক আহ্বান জনায়। উল্লেখযোগ্য যে জোনাইৰ বিশাল জনসভাত মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্রী অৰুণ চাউজী, ধেমাজি জিলা বিজেপিৰ সভানেত্রী ৰূপা কামান, ধেমাজি জিলা ইউবিপিঅ’ৰ সভাপতি ৰাতিৰাম বসুমতাৰী, সমাজকর্মী অতুল পেণ্ড, শ শ বিজেপি কাৰ্যকৰ্তাৰ লগতে চল্লিশ হাজাৰ ভোটাৰ ৰাইজ উপস্থিত থাকে। আনহাতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্রার্থী ভাস্কৰ শৰ্মাৰ সমৰ্থনত এক বিশাল নির্বাচনী জনসভা সম্বোধন কৰিবলৈ লিডুত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। বৰগোলাই বাঁহবাৰী খেলপথাৰত নিৰ্ধাৰিত সময়ত ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ হেলিকপ্টাৰ অৱতৰণ কৰে। তাৰ পৰা তেওঁ পোনে পোনে নির্বাচনী সভাৰ থলী লিডু বজাৰ হাইস্কুল খেলপথাৰত উপস্থিত হয়। হাজাৰ হাজাৰ বিজেপি কর্মী আৰু স্থানীয় ৰাইজৰ ‘ভাৰত মাতা কী জয়’ আৰু ‘বিজেপি জিন্দাবাদ’ ধবনিৰে সমগ্ৰ পৰিৱেশ উত্তাল হৈ পৰে। সভাপতিগৰাকীৰ সৈতে এই গুৰুত্বপূৰ্ণ সভাত ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্রী অৰুণ চাহুও উপস্থিত থাকি দলীয় প্রার্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।