জীৱন এনেকৈয়ে
মীনাক্ষী গোস্বামী,যোৰহাট
অৱসৰী জীৱনটো সুখ আৰু শান্তিৰে পাৰ কৰিম বুলিয়েই অৰুন্ধতী বৰুৱা আৰু তেওঁৰ স্বামীয়ে আগতেই ভবিষ্যতৰ বহু কথাই অতি পৰিকল্পিতভাৱে কৰি লৈছিল।
সৰু চহৰখনৰ এটি নিৰিবিলি বসতিপূৰ্ণ এলেকাত বৰুৱাই চাকৰি কালতেই অলপ মাটি কিনি লৈ আটোমটোকাৰিকৈ ঘৰ এটা সাজিছিল। সন্মুখৰ ফুলনি বাগিচা আৰু কাষতে থকা শাকনি বাৰীখনৰে বৰুৱাৰ ঘৰখন বাটৰুৱাৰ চকুত লগা ।
দুয়োৱে অৱসৰ লোৱাৰ আগতেই ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, চাকৰি-বাকৰি আৰু বিয়া-বাৰু সকলো সম্পন্ন হৈছিল। সেয়েহে অৱসৰী জীৱনত বয়সে কেতিয়াবা উপহাৰ দিয়া সৰু-সুৰা অসুখ-বিসুখৰ বাহিৰে আন কোনো বিশেষ দায়-দায়িত্ব নাই বুলিয়েই ক’ব পাৰি।
দুয়োৰে হাতত এতিয়া অফুৰন্ত সময়। পুৱাই উঠি দুয়োজনেই অলপ খোজ কাঢ়ে, তাৰ পাছত দৈনন্দিন কামকাজ শেষ কৰি দুয়োৱে পূৱাৰ বাতৰি কাকত কেইখন অতি মনোযোগেৰে পঢ়ে। বৰুৱাৰ বন্ধুবৰ্গ, মেল-মিটিং বা ফুৰা-চকা সকলো সীমিত। অল্পভাষী বৰুৱাৰ বাবে পুৱা আৰু গধূলিৰ চাহৰ টেবুলখনেই যেন সমাজনীতি, ৰাজনীতি আৰু অৰ্থনীতিৰ গভীৰ বিষয়বোৰ আলোচনা কৰাৰ উপযুক্ত সময়।
অৰুন্ধতী বৰুৱাৰ দৰে ধৈৰ্যশীলা আৰু মনোযোগী শ্ৰোতা পালে বৰুৱাই সময়ৰ কথাও পাহৰি যায়। অৰুন্ধতীয়ে বৰ মনোযোগেৰে তেওঁৰ কথা শুনি থাকে—যদিও এই বিষয়বোৰত তেওঁৰ বিশেষ আগ্ৰহ নাই। তথাপিও স্বামীৰ ৰুচিবোধক সন্মান জনাই তেওঁ সেইবোৰ কথা ঘণ্টাৰ পিছত ঘণ্টা ধৈৰ্যৰে শুনি যায়।
সৰুৰে পৰাই অৰুন্ধতীয়ে আনৰ ভাললগা-বেয়ালগা কথাবোৰক বৰ গুৰুত্ব দি আহিছিল। হয়তো এয়া তেওঁৰ স্বভাৱতেই গঢ় লৈছিল। কেতিয়াবা ভাবিছিল—এই আচাৰ-ব্যৱহাৰবোৰ তেওঁক কোনোবাই শিকাইছিল নে জীৱনৰ পৰিস্থিতিয়ে নিজে নিজেই শিকাইছিল? উত্তৰ তেওঁ কেতিয়াও বিচাৰি নাপাইছিল। তেওঁ কেৱল জানিছিল—জীৱনত নিজৰ ভাললগা- বেয়া লগা বোৰক কিছু কিছু মূহুৰ্তত মোকাবিলা কৰিবলৈও শিকিব লাগে।
বহুতে হয়তো এই স্বভাৱক তেওঁৰ দুৰ্বলতা বুলি ভাবি সুবিধাও ল’লে। কিন্তু সেই কথা লৈ তেওঁৰ কোনো আক্ষেপ নাছিল। পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলাত অভ্যস্ত অৰুন্ধতীয়ে গমেই নাপালে জীৱনত কেতিয়ানো ভৰ দুপৰৰ তেজাল বেলিয়ে আহি পশ্চিমৰ আকাশত লহিয়ালেহি।অৱসৰী দিনবোৰত দুপৰীয়াৰ ভাত সাঁজৰ পাছত বিচনাত অলপ বাগৰ মৰাতো
তেওঁৰ নিয়ম হৈ পৰিছে। জীৱনৰ ধামখুমীয়াত তিনিকুৰি বছৰ পাৰ কৰাৰ অন্ততহে এই সময়খিনি তেওঁ একান্তই নিজৰ ববীয়াকে অনুভৱ কৰিবলৈ পাইছে।খোলা খিৰিকীৰে তেওঁ নীলা আকাশখনলৈ চায়—কিমান বছৰ যে পাৰ হৈ গ’ল এই আকাশখনৰ সৈতে একাত্ম নোহোৱাকৈ!
দুপৰীয়াৰ নিস্তব্ধতাক ভাঙি দূৰৈৰ পৰা ভাঁহি অহা কৃষ্ণপক্ষীৰ মাতত তেওঁৰ অন্তৰত এক মিঠা অনুভূতি জাগি উঠে। সেই নীলা আকাশত উৰি ফুৰা ক’লা-বগা ডাৱৰৰ মাজত তেওঁ কেতিয়াবা নিজৰ মনৰ ছবি আঁকে—যেন বহুদিনৰ পৰা অৱহেলিত সপোনবোৰ আকৌ নীৰৱে ডেউকা মেলিছে।
এই নিস্তব্ধ দুপৰীয়াবোৰতেই বহু পুৰণি স্মৃতি তেওঁৰ মনত উজলি উঠে। পাঁচজনীয়া পৰিয়ালটোত অৰুন্ধতী আছিল দ্বিতীয় কন্যা। ডাঙৰ বায়েক অৰুনিমা, তাৰ পাছত তেওঁ, আৰু সৰু ভায়েক অনিমেষ। ঘৰৰ ডাঙৰ সন্তান অৰুনিমাৰ সকলো ক্ষেত্ৰতেই গুৰুত্ব আছিল বেছি, নুমলীয়া ভায়েক অনিমেষো সকলোৰে নয়নৰ মনি।
এনেকুৱা সময়বোৰতেই সৰু বৰ বহু স্মৃতিয়েই দোলা দি যায় অৰূন্ধতীৰ মনত।
সৰু থাকোতেই অৰুন্ধতীয়ে লক্ষ্য কৰিছিল—বায়েক আৰু ভায়েকৰ জন্মদিন বোৰ মাক দেউতাকে সৰুকৈ হ’লেও লগৰ ল’ৰা-ছোৱালী কেইটামান গোটাই উদযাপন কৰিছিল। সেই বিশেষ দিনকেইটালৈ বৰ আগ্ৰহেৰে বাট চাইছিল অৰুন্ধতীয়েও হতে। হয়তো মনৰ নিৰ্ভীত কোনত এটা ক্ষীণ আশা অৰূন্ধতীয়েও পুহি ৰাখিছিল কোনো বছৰত তেওঁৰ জন্মদিনটোও উদযাপন কৰা হ’ব।
মাক-দেউতাকে অৰূন্ধতীয়েৰ জন্মদিনটো মনত ঠিকেই পেলাইছিল কিন্তু একো বিশেষ উদযাপনহে কৰা হোৱা নাছিল। কাৰণ বায়েক আৰু তেওঁৰ জন্মৰ মাহটো একে আছিল। একে মাহতে দুটা অনুষ্ঠান কৰাৰ সামৰ্থ্য সেই মধ্যবিত্ত পৰিয়ালটোৰ নাছিল। সৰুতেই মাকে অৰূন্ধতীক এই কথা বুজাই দিছিল—আৰু কনমানি অৰুন্ধতীয়ে সেই কথা নিঃশব্দে মানি লৈছিল।
বিহু-পূজাত নতুন কাপোৰ আহিলেও বায়েক আৰু ভায়েকৰ দাবী পূৰণ হোৱাৰ পাছত অৰুন্ধতী আৰু মাকৰ বাবে সৰু কিবা এটাহে থাকি যায়। অৰুন্ধতীৰো মন গৈছিল নতুন ধৰণৰ ফ্ৰক এটা পিন্ধিবলৈ, কিন্তু সীমিত আয়ৰ দেউতাকৰ অসুবিধা তেওঁ ভালকৈ বুজিছিল।
মাকে শিকাইছিল—অভাৱক লৈ অভিযোগ নকৰি সাহসেৰে আগবাঢ়ি যোৱাই প্ৰকৃত জীৱন। সেই শিক্ষা বুকুত লৈ অৰুন্ধতী আগবাঢ়ি গৈছিল।
মেট্ৰিক পাছ কৰাৰ পাছত বিজ্ঞান শাখাত নামী কলেজ এখনত পঢ়িবৰ তেওঁৰ বৰ ইচ্ছা আছিল। কিন্তু বায়েক ইতিমধ্যে বিশ্ববিদ্যালয়ত পঢ়ি আছিল, ভায়েকৰো ভৱিষ্যৎ আগত আছিল। দেউতাকৰ অসহায় অৱস্থা অনুভৱ কৰি অৰুন্ধতীয়ে নিজৰ বিদ্যালয়খনতেই কলা শাখাত নাম লগালে।
এনেদৰে পোৱা-নোপোৱাৰ মাজেৰে জীৱন আগবাঢ়ি গৈছিল। মাকে কৈছিল—“সময়ত সকলো ঠিক হ’ব।” সঁচাকৈয়ে সময়ে বহু কথা সলাই পেলালে। আজি অৰূন্ধতী হতৰ প্ৰত্যেক টো ল’ৰা ছোৱালীয়ে সমাজৰ একোজন একোজন সুপ্ৰতিষ্ঠিত ব্যক্তি। প্ৰত্যেকৰে একোখন সুন্দৰ সংসাৰ। ইয়াত নোপোৱাৰ বেদনাৰ কোনো স্থান নাই।
সুৰুচিসম্পন্ন, নম্ৰ স্বভাৱৰ বাবে অৰুন্ধতী সকলোৰে প্ৰিয়। বহু বছৰ ধৰি বহু মানুহৰ মুখে মুখে অৰূন্ধতীয়ে শুনি আহিছে—“অৰুন্ধতী বৰ নম্ৰ গুনি গ্য়ানী মহিলা।” কিন্তু এই প্ৰশংসাবোৰে তেওঁৰ অন্তৰত কোনো বিশেষ আলোড়ন তোলে নে নতুবা গৌৰৱ জগায়—সেয়া তেওঁ নিজেও বুজি নাপায়।
অৱসৰী দিনবোৰৰ নীৰৱ দুপৰীয়াবোৰে তেওঁক কেতিয়াবা লৈ যায় তাহানিৰ সেই দুকোঠলীয়া ঘৰখনলৈ—য’ত অভাৱ থাকিলেও মৰম আৰু নিৰাপত্তাৰ অভাৱ নাছিল।
তথাপিও কেতিয়াবা তেওঁৰ অন্তৰৰ গভীৰ কোণত অজানিতে এটি ক্ষীণ অপ্ৰাপ্তিৰ বেদনাই দোলা দিয়ে। বহুতেই কথাই কথাই অৰূন্ধতীক কয় পঢ়া-শুনাত ইমান ভাল আছিলা তুমি। আচলতে বহু উচ্চ পদত থাকিব লাগিছিল ইমান দিনে। অৰুন্ধতীয়ে মাত্ৰ মৃদু হাঁহি মাৰিছিল। হয়তো হ’ব লাগিছিল… মনো আছিল… কিন্তু নহ’ল আৰু।
জীৱনৰ সেই সন্ধিক্ষণতো তেওঁ পৰিস্থিতিৰ লগতেই মোকাবিলা কৰিছিল ইমান দিনে। কেতিয়াবা কোমল টোপনিৰ মাজত তেওঁ হেৰাই যায় বহু পুৰণি স্মৃতিত। এবাৰ তেওঁৰ জীৱনলৈ অহা এটি সম্পৰ্ক—যাক তেওঁ নিজেই শেষ কৰিছিল। কাৰণ মাক-দেউতাকে ভাল নোপোৱা সেই সম্পৰ্ক ধৰি ৰাখিবলৈ তেওঁ অপাৰগ আছিল।
তাৰ পাছত তেওঁ কেতিয়াও সোধা নাছিল—সেই মানুহজন ক’তনো হেৰাই গ’ল।
এবুকু সপোন আৰু এবুকু হেঁপাহ কলিতেই নিঃশব্দে সমাধি দি অৰুন্ধতী বৰুৱাই গঢ়ি তুলিলে এখন সুন্দৰ সংসাৰ। বহু মানুহৰ জীৱনৰ সপোন য’ত অপূৰ্ণ হৈ ৰৈ যায়, তাতেই তেওঁ নিজৰ সুখ-দুখ, আশা-হেঁপাহবোৰ নিঃশব্দে আঁতৰাই থৈ আনৰ সুখৰ বাবে পথ সাজি দিলে।
সমাজৰ চকুত তেওঁ এগৰাকী সফল গৃহিনী, এগৰাকী দায়িত্বশীল মাতৃ, আৰু সকলোৰে সন্মান লাভ কৰা এগৰাকী নাৰী। কিন্তু জীৱনৰ সন্ধিয়া বেলাত, নীৰৱ দুপৰীয়াৰ সেই নীল আকাশৰ তলত বহি থাকোঁতে কেতিয়াবা তেওঁৰ মনত এটি ক্ষীণ অনুভূতি নিঃশব্দে উজলি উঠে।
হয়তো এয়া কোনো ডাঙৰ আক্ষেপ নহয়…
হয়তো এয়া কেৱল জীৱনৰ অলপ অকথিত কাহিনীহে…
খোলা খিৰিকীৰে ভাঁহি অহা মৃদু বতাহে চুলিৰ আগফালটো অলপ লৰাই দিয়ে। দূৰ আকাশত উৰি যোৱা ডাৱৰৰ মাজত তেওঁ যেন নিজৰ যৌৱনৰ সপোনবোৰক আকৌ এবাৰ চিনি পায়। সেইবোৰ সপোন—যাক তেওঁ কোনোদিন কাকো উচ্চস্বৰে কোৱা নাছিল, কাৰো আগত দাবীও কৰা নাছিল।
কেতিয়াবা তেওঁ ভাবে-যদি জীৱনৰ কোনো এটা পাক চক্ৰত তেওঁ অলপ নিজৰ মনৰ কথাও শুনিলেহেঁতেন?
কিন্তু সেই ভাবনাটোৱো বেছি সময় নাথাকে। কাৰণ তেওঁ জানে- জীৱন মানেই হয়তো অকল সপোন পূৰণ হোৱাই নহয়।
কেতিয়াবা নিজৰ সপোনবোৰক নীৰৱে বিদায় দি আনৰ সুখত হাঁহি থাকিব পৰা এক গভীৰ শক্তি। অৰুন্ধতীয়ে ধীৰে ধীৰে চকু মুদি দিয়ে। দূৰৈত কৃষ্ণপক্ষীৰ আকুল মাতটো আকৌ এবাৰ শুনা যায়।
আকাশত ডাৱৰবোৰ ভাঁহি থাকে—
ঠিক তেওঁৰ জীৱনৰ নীৰৱ স্মৃতিবোৰৰ দৰেই।
সেই মুহূৰ্তত তেওঁ অনুভৱ কৰে—
সুখ আৰু অপ্ৰাপ্তি দুয়োটাই মিলিয়েই বোধহয় জীৱন নামৰ এই দীঘল যাত্ৰাটো পূৰ্ণ হয়। আৰু সেই নীৰৱ উপলব্ধিৰ মাজতেই অৰুন্ধতী বৰুৱাৰ চকুৰ কোণত এটি অতি সূক্ষ্ম, উষ্ণ পানীৰ টোপাল চিকমিকাই উঠে—যাৰ অৰ্থ হয়তো তেওঁ নিজেও সম্পূৰ্ণকৈ বুজি নাপায়… কিন্তু সেই টোপালটোৱেই যেন তেওঁৰ সমগ্ৰ জীৱনৰ নিঃশব্দ কাহিনী।
