মাজুলীৰ আদৰ্শ সমাজকৰ্মী ঘনশ্যাম শইকীয়াৰ শ্ৰদ্ধাঞ্জলি-গ্ৰন্থ উন্মোচন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ এজন স্বনামধন্য ব্যক্তি, বিশিষ্ট সমাজকৰ্মী, মাজুলী মহাবিদ্যালয়ৰ প্ৰথম দলৰ ছাত্ৰ ঘনশ্যাম শইকীয়াৰ জীৱনৰ পৰিক্ৰমা সামৰি প্ৰস্তুত কৰা শ্ৰদ্ধাঞ্জলি-গ্ৰন্থ ‘বৰেণ্য-বিভূষণ ঘনশ্যাম শইকীয়া’ আজি মাজুলী মহাবিদ্যালয়ত উন্মোচন কৰা হয়। অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মাজুলীৰ ঐতিহ্যমণ্ডিত ভোগপুৰ সত্ৰৰ অধিকাৰ দত্তদেৱ গোস্বামীয়ে। মহাবিদ্যালয়ৰ ‘সত্ৰাধিকাৰ পদ্মকান্ত দেৱগোস্বামী সভাকক্ষ’ত পুৱা ১১.০৫ বজাৰ পৰা অনুষ্ঠিত সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। সভাৰ পূৰ্বে সমাজ সংগঠক ঘনশ্যাম শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্য প্ৰদান কৰে ক্ৰমে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকা, নৰেন চন্দ্ৰ ঠাকুৰীয়া আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অন্নদা শইকীয়াই। সম্পাদনা সমিতিৰ সদস্যা, অধ্যাপিকা ৰুবী বৰাই আঁত ধৰা সভাখনি উদ্বোধন কৰে বিশিষ্ট অনাতাঁৰ গীতিকাৰ, ঘনশ্যাম শইকীয়াৰ একালৰ সহকৰ্মী প্ৰফুল্ল খাটনিয়াৰে। সভাৰ আৰম্ভণিতে সকলোকে আদৰণি জনায় শইকীয়াৰ জ্যেষ্ঠপুত্ৰ, বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ অমৃত কুমাৰ শইকীয়া আৰু কনিষ্ঠ পুত্ৰ অধ্যাপক উত্তম শইকীয়াই। গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰি আগবঢ়োৱা বক্তব্যত সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে গীতা-ভাগৱতৰ প্ৰসংগৰে মানৱ জীৱন সাৰ্থক হোৱাৰ বাটত সমাজ সেৱা এক অন্যতম মহৎ কৰ্ম বুলি অভিহিত কৰে। লগতে মাজুলীবাসীৰ অন্তৰত এতিয়াও এক বিশেষ স্থান অধিকাৰ কৰি থকা এই ব্যক্তিগৰাকীৰ শ্ৰদ্ধাঞ্জলি-গ্ৰন্থৰ দ্বাৰা অমৰ হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। সভাপতিৰ মন্তব্যত ডঃ দেৱজিৎ শইকীয়াই কয়, “অমায়িক আৰু বিনীত ভাবাপন্ন সৎ পুৰুষ, অজাতশত্ৰু ঘনশ্যাম শইকীয়া আছিল সঁচা মানৱতাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ এগৰাকী অত্যন্ত ভদ্ৰলোক। খং, অহংকাৰ, ফিতাহি আদি অপহুতা উপসৰ্গসমূহৰ পৰা যেন নিজকে নিলগাই ৰাখি সৰল-সমাহিত জীৱন যাপনতে তেওঁ বিচাৰি পাইছিল জীয়াই থকাৰ চৰম সুখানুভূতি।” পৰিয়ালৰ ফালৰ পৰা জ্যেষ্ঠপুত্ৰ, বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ অমৃত কুমাৰ শইকীয়া আৰু কনিষ্ঠ পুত্ৰ অধ্যাপক উত্তম শইকীয়াই ব্যক্তিগৰাকীৰ জীৱনৰ কিছু বিশেষ ক্ষণৰ কথা ৰাইজৰ আগত ব্যক্ত কৰে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মুকুল চন্দ্ৰ বৰা আৰু গুৱাহাটী জি এন আৰ চিৰ চিকিৎসক ডাঃ নৱনীল বৰুৱাই ঘনশ্যাম শইকীয়াৰ বৰেণ্য ব্যক্তিত্ব সম্পৰ্কে বক্তব্য আগ বঢ়ায়। সভাত ঘনকান্ত নাথ, কৰুণা বৰা, ডলী বৰুৱা, দীপক বৰা, কমল চন্দ্ৰ শইকীয়া, যোগেন দত্ত বায়ন, কৃষ্ণকমল শইকীয়া, ৰঞ্জিৎ কুমাৰ ভূঞা, নবীন শইকীয়া, সুৰেন্দ্ৰ নাথ মুদৈ, ধৰণীধৰ বৰা, কৃষ্ণ ভূঞা গায়ন, বলোৰাম কলিতা, সৰ্বানন্দ বৰা, ক্ষীৰেশ্বৰ শইকীয়া, অৰুণ কুমাৰ পাঠক, ডিম্বেশ্বৰ দত্ত, দধি বৰুৱা, থানেশ্বৰ শইকীয়া, ডিম্বেশ্বৰ শইকীয়া, ভৰত শইকীয়া, যোগেন শইকীয়া, দিলীপ শইকীয়া, উপেন শইকীয়া, দ্বীজেন দত্ত, মুক্তিনাথ দত্ত, কাজল দত্ত, দীন শইকীয়া, বিপুল শইকীয়া, মুনীন্দ্ৰ ভূঞা, যতীন শইকীয়া, ৰবীন শইকীয়া, পৰিৱেশকৰ্মী-শিক্ষাবিদ অতুল হাজৰিকা, মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, আই কিউ এ চিৰ সমন্বয়ক বসন্ত বৰা, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, জ্যেষ্ঠ অধ্যাপক ডঃ ৰাজেন চন্দ্ৰ বৰা, অপূৰ্বজ্যোতি হাজৰিকা, ডঃ ৰূপজ্যোতি বৰা, তুলসী ৰাজখোৱা, দেৱজ্যোতি খাটনিয়াৰ, দীনেশ পেগু, আচাৰ্য মোহন দাস, প্ৰজ্ঞা পাৰমিতা কৌশিক প্ৰমুখ্যে দ্বিশতাধিক লোক উপস্থিত থাকে।
