বিজ্ঞানত নাৰীঃ বিকশিত ভাৰতৰ অনুঘট – বন্দিতা শৰ্মা কন্দলি

Pc Technology Networks

বিজ্ঞানত নাৰীঃ বিকশিত ভাৰতৰ অনুঘট

বন্দিতা শৰ্মা কন্দলি

আমি সময় অনুযায়ী কিছুমান দিৱস পালন কৰোঁ! তেনে এবিধ দিৱস হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। ২৮ ফেব্ৰুৱাৰী দিনটো আমাৰ দেশত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়।এই দিনটোতে ভাৰতীয় বিজ্ঞানী চন্দ্ৰ শেখৰ ভেংকট ৰমনে পোহৰৰ বিচ্ছুৰণ সম্পৰ্কীয় প্ৰকৃতিৰ এক বিশেষ পৰিঘটনাৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল বুলি জনা যায়। এই পৰিঘটনা টোক তেখেতৰ নামেৰেই ‘ৰমন প্ৰভাৱ’ হিচাপে বিজ্ঞানী মহলত গৃহীত হয়। এই আৱিষ্কাৰৰ বাবে তেওঁ ১৯৩০ চনৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰে।

আমি জানো যে কোনো বস্তুত পোহৰ পৰি পুনৰ পোহৰৰ ৰশ্মি আমাৰ চকুত পৰিলেহে আমি বস্তু টো দেখিবলৈ পাওঁ। পোহৰে গতি কৰা পথত ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিৰ কণিকা থাকিলে পোহৰ তাৰ গতি পথৰ পৰা বিচ্যুৎ হয়। এই বিচ্যুৎ পোহৰ কাষৰ পৰা ও দেখিবলৈ পোৱা যায়। সেয়েহে পোহৰৰ বাটত বস্তু থাকিলে দেখা পাওঁ। পোহৰৰ বিচ্ছুৰণৰ বহু কথাই বিজ্ঞানী সকলে গভীৰ অধ্যয়ন আৰু গৱেষণাৰ দ্বাৰা আগতেই জানিছিল। বিজ্ঞানী ৰমণে পোহৰৰ বিচ্ছুৰণৰ ওপৰত নানান ধৰণৰ গৱেষণা ত নিমগ্ন হৈছিল । ফলস্বৰূপে ১৯২৮ চনত পোহৰৰ এক নতুন পৰিঘটনা আৱিষ্কাৰ কৰিলে। সেইটো হৈছে কোনো মাধ্যমৰ দ্বাৰা বিচ্ছুৰিত পোহৰ ৰশ্মিত মূল পোহৰৰ ৰশ্মি থকাৰ উপৰি এক নতুন তৰংগৰ পোহৰো থাকে। এই নতুন পোহৰৰ তৰংগৰ গুণাগুণ নিৰ্ণয় কৰিবৰ বাবে ৰমণে ষাঠিটা বেলেগ বেলেগ তৰল পদাৰ্থৰ ওপৰত পোহৰ পেলাই গভীৰ গৱেষণা আৰু অধ্যৱসায়ৰ বলত পোহৰৰ বিচ্ছুৰণৰ এক নতুন সুত্ৰ আৱিষ্কাৰ কৰিলে। পোহৰৰ এই বিশেষ গুণটোৰ ওপৰত কৰা গৱেষণাৰ ফলাফল গাণিতিক ভাৱে আৰু বিজ্ঞান সন্মত ভাৱে ৰামণে বিশ্লেষণ কৰি দেখুৱাইছিল । এই গৱেষণাৰ পত্ৰ খন বিজ্ঞান মহলত “ৰমণ প্ৰভাৱ ” হিচাপে গৃহীত হ’ল। ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি যোগাযোগ পৰিষদে ১৯৮৬ চনত ভাৰত চৰকাৰক প্ৰতি বছৰে ২৮ ফ্ৰেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰিবলৈ এক প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱক অনুমোদন জনাই ১৯৮৭ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে।

ৰমণ পৰিঘটনাৰ ফলত সৃষ্টি হোৱা পদাৰ্থ বিজ্ঞানৰ নতুন বিভাগ “ৰমণ বৰ্ণালীবীক্ষণ” জীৱবিজ্ঞান আৰু ঔষধৰ ক্ষেত্ৰখনত অধিক প্ৰয়োগ দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে নকল ঔষধ ধৰা, জৈৱিক কোষকলা অধ্যয়ন, ঐতিহাসিক স্মৃতি চিহ্ন মূৰ্তি আদিৰ ক্ষয় সাধন কৰাৰ কাৰণসমূহ বিশ্লেষণ কৰি সমল সমূহ সংৰক্ষণ কৰাৰ নতুন পদ্ধতি নিৰ্ধাৰণ কৰা হৈছে।

প্ৰতি বছৰে এটা নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই দিৱস পালন কৰা হয়। ২০২৬ চনৰ বিষয়বস্তু হৈছে ” বিজ্ঞানত নাৰীঃ বিকশিত ভাৰতৰ অনুঘটক বা চালিকা শক্তি”। এই বিষয়বস্তুৰ উদ্দেশ্য হৈছে বৈজ্ঞানিক প্ৰগতিৰ জৰিয়তে ২০৪৭ চনৰ “বিকশিত ভাৰত” ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি নাৰীৰ অংশগ্ৰহণ বৃদ্ধি কৰা।২০২৬ চনৰ লক্ষৰে “বিকশিত ভাৰতৰ” বাবে মহিলা সকল হ’ব অনুঘটক বা গতি প্ৰদানকাৰক। সাম্প্ৰতিক সময়ত বিজ্ঞান আৰু প্ৰযুক্তিৰ জয় যাত্ৰাত মহিলা সকলৰ অৱদানক নুই কৰিব নোৱাৰি। তাৰ বিপৰীতে আমাৰ সমাজৰ এচাম অভিভাৱকে কন্যা সন্তানক “ছোৱালী মানুহে কি বিজ্ঞান পঢ়িব” বুলি কলা শাখাত পঢ়িবলৈহে উৎসাহিত কৰা দেখা যায়। ২০২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বিষয়বস্তুৱে লিংগ বৈষম্যহীন বৈজ্ঞানিক মানসিকতাৰে মহিলাসকলক বিকশিত ভাৰতৰ অনুঘটক বা গতি প্ৰদান কাৰক হিচাপে প্ৰাধান্য দিছে। মহিলাসকল শিক্ষিত নহ’লে কোনো দেশ বা ৰাষ্ট্ৰই পূৰ্ণ বিকাশ লাভ কৰিব নোৱাৰে। কেৱল বিজ্ঞানৰ ক্ষেত্ৰতে কিয় সামাজিক জীৱনৰ প্ৰতি খোজতে কন্যা সন্তানসকলে যাতে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চাবলৈ শিকে তাৰ প্ৰতিও মহিলাসকল অনুঘটক হ’ব পাৰে।