ৰমাজান : এক বৰকতময় মাহ  – আয়শা ছিদ্দিকা

Pc Curly Tales

ৰমাজান : এক বৰকতময় মাহ 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

সম্পূৰ্ণ এটা বছৰৰ অপেক্ষাত এই বৰকতময় মাহটো আহে

ইছলামৰ গুৰুত্বপূৰ্ণ পাঁচটা স্তম্ভৰ ভিতৰত তিনি নম্বৰ স্তম্ভ হ’ল ৰোজা। সেই কাৰণে কোৱা হয় ৰোজা ইসলাম ধৰ্মৰ এক গুৰুত্বপূৰ্ণ ইবাদত,যাক পালন কৰা হয় আৰবী মাহ অনুযায়ী নৱম মাহ ৰমজান মাহত।ইয়াৰ মূল লক্ষ্য হৈছে আত্মশুদ্ধি, আল্লাহৰ ওচৰত নিজক আত্ম সমৰ্পণ কৰা আৰু দৈহিক ইচ্ছাসমূহৰ ওপৰত নিয়ন্ত্ৰণ প্রতিষ্ঠা কৰা। মুছলমানসকলে সূৰ্য্য উদয়ৰ পৰা সূৰ্য্য অস্ত যোৱালৈ সকলো ধৰণৰ খাদ্য-পনীয় আৰু অযৌক্তিক কার্যৰ পৰা বিৰত থাকি আত্মসংযম কৰি নোখোৱাকৈ থকা দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত লোকৰ দুখ-কষ্টৰ প্ৰতি সহানুভূতিশীল হ’বলৈ শিকায়।

ৰমজান মাহ এক আধ্যাত্মিক আৰু বৰকতময় মাহ। ইয়াৰ আগমনত মুছলমান সমাজে উৎকণ্ঠা আৰু হৃদয়ংগমেৰে আৰু সশ্ৰদ্ধ অভ্যৰ্থনাৰে আদৰণি জনায়। এই মাহৰ প্ৰতিটো মুহূর্ত যেন আত্মিক সঞ্জীৱনৰ এক সুবৰ্ণ সুযোগ লৈ আহে। পৃথিৱীৰ প্ৰান্তৰ প্ৰান্তৰ মুছলমানসকলে যেন এক অদৃশ্য সুত্ৰেৰে বান্ধ খাই পৰে, সকলোৰে লক্ষ্য  আৰু উদেশ্য এটাই আল্লাহৰ সন্তুষ্টি আৰু আত্মশুদ্ধি।

এই পবিত্ৰ মাহত সূৰ্য্যোদয়ৰ পৰা সূৰ্যাস্তলৈ উপবাস ৰক্ষা কৰাটো যেন  ক্ষুধা-তৃষ্ণা নিয়ন্ত্ৰণৰ এক গভীৰ আত্মশুদ্ধিৰ প্ৰক্ৰিয়া। মানুহে যেতিয়া খাদ্য-পানীৰ পৰা বিৰত থাকে আৰু  ইন্দ্ৰিয়সমূহ সংযত কৰি মনটোক সৃষ্টিকৰ্তাৰ ইবাদতত মগ্ন হয় তেতিয়া প্ৰতিটো ৰোজাদাৰে অনুভৱ কৰে যে এই সংযমৰ মাজেৰে তেওঁৰ অন্তৰাত্মা পাতল হৈ আহিছে, চিন্তা-চৰ্চা পবিত্ৰ হৈ উঠিছে। এই মাহত নফল ইবাদত-বন্দেগীৰ প্ৰতি এক স্বাভাৱিক আকৰ্ষণ জন্মে ।তাৰাবীহৰ জামাতত কুৰআনৰ মধুৰ তিলাৱত শুনি হৃদয় শাত পৰে, নিস্তব্ধ  মাজ ৰাতিত  তাহাজ্জুদত একান্তে আল্লাহৰ ওচৰত মনৰ কথা কৈ আত্মিক শান্তি লাভ কৰাৰ যে কি আনন্দ সেইয়া অবৰ্ণনীয়।

ৰমাজানৰ এক অদ্বিতীয় দান হৈছে ইয়াৰ সামাজিক সমতা আৰু সহমৰ্মিতাৰ শিক্ষা। ধনী-দুখীয়া, উচ্চ-নীচৰ ভেদাভেদ এই মাহত ম্লান হৈ পৰে। সকলোৱে একে সময়তে ছেহৰী  গ্ৰহণ কৰে, একে সময়তে ইফতাৰৰ মেজত বহে। ধনী ব্যক্তিজনে উপবাসৰ কষ্টৰ মাজেৰে দুখীয়াৰ জীৱনৰ কথাটো হৃদয়ংগম কৰিব পাৰে, ফলত সমাজত দয়া- মমতা সহানুভূতি আৰু দানশীলতাৰ এক অপাৰ সোঁত বয়। প্ৰতিটো ঘৰত ইফতাৰৰ সময়ত প্ৰতিবেশী, আত্মীয়-স্বজন, অভাৱগ্ৰস্ত লোকৰ বাবে  আয়োজন কৰা হয়।সম্পদশালী ব্যক্তিয়ে জাকাত, ফিত্ৰা, ছাদকাৰ দৰে বাধ্যতামূলক দান-ছদকাৰ জৰিয়তে নিজৰ সম্পদৰ কিছুঅংশ বিতৰণ কৰে আৰু ই সমাজৰ আৰ্থিক সমতা বিধানত গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি ক’ব পাৰি।

ৰমাজানৰ ৰাতিবোৰ এক অনন্য মহিমাময়ী। বিশেষকৈ লাইলাতুল কদৰ যাক মৰ্যাদাৰ ৰাতি বুলি সকলোৱে বিশ্বাস কৰে। এই বিশেষ ৰাতিত ইছলামৰ পৱিত্ৰ কিতাপ কুৰআন নাযিল হৈছিল। এই ৰাতিৰ আধ্যাত্মিকতা ইমানেই গুৰুত্বপূৰ্ণ যে ইয়াৰ ইবাদত হাজাৰ মাহৰ ইবাদততকৈও উত্তম বুলি কোৱা হয়। মুছলমানসকলে এই ৰাতি ক্ষমা আৰু মুক্তিৰ আশাত ইবাদতত কটায়।

আধুনিকতাৰ যুগতো ৰমাজানৰ মাহে নিজৰ গুৰুত্ব হেৰুৱা নাই। ডিজিটেল মাধ্যমবোৰে ইয়াৰ ৰূপ সলনি হৈছে মাত্ৰ। আজিকালি ভিন্ন দেশৰ মুছলমানসকলে চ’চিয়েল মিডিয়াৰ জৰিয়তে ইফতাৰৰ ছবি আদি প্ৰকাশ কৰি অনলাইন জগতত তাৰাবীহৰ নামাজ পঢ়া, আলোচনা চক্ৰ আদিৰ জৰিয়তে দূৰত থকা আত্মীয়-স্বজনৰ সৈতে ৰমাজানৰ দিনবোৰ পাৰ কৰে।

কিন্তু প্ৰকৃতাৰ্থত এইবোৰ কৰিব নালাগে।  বিশেষকৈ ইফতাৰ সামগ্ৰীৰ দৃশ্য কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত কোনোৱে নিজৰ দৰিদ্ৰতাৰ ভৰত সেইবোৰ দেখি হুমিনিয়হ কাঢ়িব লগা নহয়।

আধুনিক সময়ত বিজ্ঞান প্ৰযুক্তিৰ যুগত যদি আমি ৰোজা সম্পৰ্কে আলোচনা কৰোঁ তেন্তে ক’ব পাৰোঁ শাৰীৰিক দিশৰ পৰাও ৰমাজানৰ উপবাসে এক সুসংযত জীৱনশৈলী দান কৰে। ৰোজাই অযথা ভোজনৰ অভ্যাস শুধৰায়। চিকিৎসা বিজ্ঞানেও নিয়মতান্ত্ৰিক উপবাসৰ গুণাগমন স্বীকাৰ কৰিছে। ৰমাজানৰ সৌন্দৰ্য এয়াই যে ই শৰীৰ আৰু আত্মাৰ মাজত এক সমন্বয় স্থাপন কৰিবলৈ শিকায়।

ঐতিহাসিকভাৱে ৰমজান মুছলিম ইতিহাসৰ বহু গুৰুত্বপূৰ্ণ বিজয় আৰু ঘটনাৰ সাক্ষী। ইমান গভীৰ তাৎপৰ্য্যৰ মাজতো ৰমাজানৰ আনন্দমুখৰ দিশটো উপেক্ষিত নহয়। ইফতাৰৰ সময়ত খেজুৰ আৰু পানীৰে ৰোজা ভঙাৰ পিছত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ মাজত হোৱা ৰসাল কথোপকথন, হাঁহি-ধেমালি, বিশেষ পনীয় আদি খাদ্যৰ সমাৰোহ আদিয়ে এক একতাৰ, সমাজিকতাৰ বাৰ্তা বহন কৰে।

চন্দ্র দৰ্শনৰ ওপৰত ভিত্তি কৰি ৰমজানৰ সমাপ্তি ঘটে শ্বৱাল মাহৰ নতুন জোনৰ আগমনৰ মাজেৰে। ৰমজানৰ শেষত উদযাপন কৰা হয় ইদ-উল-ফিতৰ। ইদগাহত বিশাল জামাতত সকলোৰে মাজত সৌভ্ৰাতৃত্ব আৰু মিলনৰ বাণী বিয়পাই দিয়া হয়। নতুন কাপোৰ পিন্ধি, ইতৰ সুগন্ধি লগাই সকলে একেলগ হৈ এই আনন্দ ভাগ বতৰা কৰে। এই উৎসৱে মানুহক সোঁৱৰাই দিয়ে যে আত্মশুদ্ধিৰ যাত্ৰাটো কেৱল ৰমজান মাহতে সীমাবদ্ধ নাথাকে।এখন নিৰ্মল, ন্যায়পূৰ্ণ আৰু কৰুণাময় জীৱন-যাপনৰ দিশত এক অবিৰাম যাত্ৰাৰ আভাস দিয়ে।ৰমজানৰ শিক্ষা, তাৰ সংযম, সহানুভূতি আৰু আধ্যাত্মিক জ্যোতি যেন আমাৰ দৈনন্দিন জীৱনত সদায় জীয়াই থাকে, আমাক এক উত্তম মানুহ হিচাপে গঢ়ি তোলাত সহায় কৰে। ব্যক্তি আৰু সমাজ দুয়োটাকে এক উচ্চতৰ মৰ্যাদালৈ উন্নীত কৰাৰ সুযোগ দিয়ে এই বৰকতময় ৰমাজানে।