অসমত গঠন হ’ব অষ্টম দৰমহা আয়োগঃ মুখ্যমন্ত্ৰী

অসমত গঠন হ’ব অষ্টম দৰমহা আয়োগঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনটোতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অচিৰেই ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ইংৰাজী নৱবৰ্ষ উপলক্ষে কইনাধৰাত সাংবাদিকৰে হোৱা নতুন দিনৰ আলাপত এই ঘোষণা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ‘অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেন্দ্রীয় চৰকাৰে ঘোষণা কৰাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত ৰাজ্যিক কৰ্মচাৰীকো দৰমহা দিবৰ বাবে দেশৰ কোনো এখন ৰাজ্য চৰকাৰে এনেদৰে অষ্টম দৰমহা আয়োগ গঠন কৰা অসমেই প্ৰথমখন ৰাজ্য হ’ব।’ লক্ষণীয় যে ৩১ ডিচেম্বৰ ২০২৫ত অষ্টম দৰমহা আয়োগৰ ম্যাদ শেষ হৈছে। প্রতি দহ বছৰৰ মূৰে মূৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে চৰকাৰে নতুন দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি দৰমহা বৃদ্ধি কৰিব লাগে। অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্র দাসৰ অধ্যক্ষতাত গঠন হোৱা অষ্টম দৰমহা আয়োগৰ সিদ্ধান্তক উষ্ম আদৰণি জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। এক বিজ্ঞপ্তিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শর্মা আৰু সম্পাদক প্রধান পংকজ বৰ্মনে অসমৰ শিক্ষক, কৰ্মচাৰী সমাজৰ দীৰ্ঘদিনীয় আশা-আকাংক্ষা অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত প্রতিফলিত হ’ব বুলি আশা প্রকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰে সকলো সা-সুবিধাকে ধৰি অন্যান্য ব্যৱস্থা এই প্রতিবেদনত প্রতিফলন হ’ব লাগিব বুলিও আশা কৰিছে সংগঠনটোৰ বিষয়ববীয়া দুগৰাকীয়ে। তেওঁলোকে কয় যে চলিত বৰ্ষৰ এক জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কম সময়ৰ ভিতৰত প্ৰতিবেদন কাৰ্যকৰী কৰিব লাগিব। বিবৃতিটোত পুনৰ কোৱা হয় যে পূৰ্বৰ দৰমহা আয়োগৰ আসোঁৱাহসমূহ সমাধান হ’ব লাগিব। তেওঁলোকে বিজ্ঞপ্তিযোগে কয়, আমি আশা কৰিম যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত নহয় সমপর্যায়ত প্রতিবেদন প্রস্তুত কৰিব।