নতুন বছৰ নতুন আশা – কমলেশ কাঞ্চন

Pc TripZilla India

নতুন বছৰ নতুন আশা

কমলেশ কাঞ্চন

‌সুখ- দুখৰ মাজেৰে পাৰ হ’ল ইংৰাজী বৰ্ষ ২০২৫। বিগত ২০২৫ বৰ্ষটো অসমীয়া জাতিৰ বাবে সুখত কৈ দুখৰ বৰ্ষ হিচাপে সদায় স্মৰণীয় হৈ থাকিব। এই বছৰতে আমি হেৰুৱালোঁ আমাৰ প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গক। অচিনাকি সাগৰখনে এক পাহৰিব নোৱাৰা আঘাত দিলে অসমীয়া জাতিক। যাৰ গীতত অসমীয়াৰ ‌ৰাতি পুৱাইছিল, যাৰ সুৰত অসমীয়াই শান্তিৰে উশাহ লৈছিল সেই মহান আত্মা আজি নাই। স্পষ্টবাদী শিল্পীজনে জাতি- ধৰ্ম এক কৰি একতাৰ বাণী বিলাইছিল। তেওঁৰ মৃত্যুত এতিয়া অসমীয়াৰ হৃদয় ৰৈ ৰৈ বিনাই। এক অপূৰণীয় ক্ষতি জাতিটোৰ বাবে। একেদৰে আমাৰ মাজৰ পৰা হেৰাই গ’ল ৰাজীৱ শদিয়া, গায়ত্ৰী হাজৰিকা, দীপক শৰ্মা, ছৈয়দ ছাদুল্লা, প্ৰফুল্ল গোবিন্দ বৰুৱা, ৰামচৰণ ভড়ালী, জ্ঞানদা কাকতি, অনুভৱ তুলসী, হেমন্ত দত্ত, ফাইলাও বসুমতাৰী, তিম’থী হান্সে আদিৰ দৰে স্বনামধন্য ব্যক্তি। সংগীত, সাহিত্য, অভিনয় আদি ক্ষেত্ৰৰ পৰা আঁতৰি চাবলৈ গ’লে ৰাজনৈতিক ক্ষেত্ৰখনৰ কথা নিশ্চয় আলোচনা কৰিব লাগিব। ৰাজনৈতিক ক্ষেত্ৰখনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন সুস্থিৰ চৰকাৰ পৰিচালনা হোৱাটো পৰিলক্ষিত হয়। বিৰোধী দলেও চৰকাৰৰ কাম কাজত সহযোগ কৰা দেখিবলৈ পোৱা যায়। ২৯ নৱেম্বৰ তাৰিখে বিধানসভাৰ মজিয়াত উত্থাপন হোৱা ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলে এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ পথ মুকলি কৰে। অৱশ্যে বৰ্তমান অসমৰ পূৰ্বৰ জনজাতি সকলে ভোগ কৰি থকা সুযোগ – সুবিধাত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় এই কথাত চৰকাৰে নিশ্চিতভাৱে গুৰুত্ব দিব লাগিব। বিগত বৰ্ষত হিতাধিকাৰীৰ সংখ্যাৰ লগতে উন্নয়নো বৃদ্ধি পাইছে। হেৰুওৱা আৰু পোৱাৰ মাজতো কিছুমান জ্বলন্ত সমস্যা এতিয়াও সমাধান কৰিবলৈ বাকী আছে। যিবোৰ সমস্যা সমাধান নকৰিলে উন্নয়নত এক বৃহৎ সুৰঙা থাকি যাব।

সাম্প্ৰতিক সময়ত জলন্ত সমস্যা বুলিলে প্ৰথমতে নিবনুৱা সমস্যা বুলিয়ে ক’ব লাগিব। কাৰণ সম্প্ৰতি অসমত শিক্ষিত নিবনুৱাৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে। প্ৰত্যেক বছৰে লাখ লাখ শিক্ষাৰ্থী উচ্চ শিক্ষা লাভ কৰি নিজকে যোগ্য কৰি তুলিছে। কৰ্ম সংস্থাপনৰ অভাৱত কম মূল্যতে কিছুমান কামত নিয়োজিত হৈ থাকিবলৈ বাধ্য হৈছে। ৰাজ্যত বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত নিযুক্তিৰ পৰা আদি কৰি বিভিন্ন ব্যৱস্থা হাতত লৈছে যদিও সেয়া পৰ্যাপ্ত নহয়। অসম চৰকাৰে শিক্ষা বিভাগ আৰু গৃহ বিভাগত হাজাৰ হাজাৰ নিযুক্তি দিছে যদিও নিবনুৱাৰ সংখ্যা হ্ৰাস পোৱা নাই। অধিকাংশ চৰকাৰী বিদ্যালয়ৰ অৱস্থা এতিয়াও শিক্ষকৰ অভাৱত ভুগি আছে। একাংশ নিম্ন প্ৰাথমিক বিদ্যালয় যদি এজনীয়া শিক্ষকৰে চলি আছে, আন একাংশ মজলীয়া বিদ্যালয়ত আকৌ ৪-৫ জন শিক্ষকে পাঠদান কৰি আছে। দীৰ্ঘদিনৰ পৰা বিষয় শিক্ষকৰ অভাৱত ভুগি আছে ৰাজ্যৰ বহুতো উচ্চ প্ৰাথমিক বিদ্যালয়। বহুতো বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে বন্ধ হৈছে। দিনক দিনে প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণটোও বিশ্লেষণ কৰাৰ প্ৰয়োজন। বৰ্তমান গাঁৱে- ভূঞে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাইছে। কম দৰমহাত শিক্ষক – শিক্ষয়িত্ৰী নিয়োগ কৰি (সকলো নহয়) শ্ৰেণীয়ে প্ৰতি শিক্ষক নিযুক্তি দিব পৰাটো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এক বৃহৎ সাফল্য। আনহাতে চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ আৰু শিক্ষকক বিভিন্ন কামত নিয়োগ কৰাটোৱে কিছু সংখ্যক অভিভাৱকক আকৰ্ষণহীন কৰি তুলিছে। ফলস্বৰূপে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী নিম্নগামী হৈছে। মধ্যাহ্ন ভোজনেও শিক্ষাৰ্থীক আকৰ্ষণ কৰিবলৈ সমৰ্থ হোৱা নাই। বাঢ়ি গৈছে ড্ৰপ আউট শিক্ষাৰ্থীৰ সংখ্যা।

জাতি এটা উন্নতিৰ বাবে প্ৰথম চৰ্তটোই হৈছে শিক্ষা। শিক্ষা অবিহনে কোনো এটা জাতিয়ে বিশ্বত প্ৰতিষ্ঠিত হ’ব নোৱাৰে। নিজৰ কলা- কৃষ্টিৰ বিকাশৰ বাবে শিক্ষাইহে সুযোগ দিব পাৰে। কিন্তু বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত যি ব্যৱস্থা ল’ব লাগিছিল সেই ক্ষেত্ৰত যেন সফল হোৱা নাই। ৰাজ্যৰ অধিকাংশ বিদ্যালয়ত এতিয়াও ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নাই। শিক্ষকৰ অভাৱত পাঠদান প্ৰক্ৰিয়া ফলপ্ৰসূ হৈ উঠা নাই। ফলস্বৰূপে একাংশ অভিভাৱকে টকা খৰচ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰাইছে নিজৰ সন্তানক। ছাত্ৰ-ছাত্ৰীৰ উপস্থিতৰ অনুপাত নিম্নগামী হৈছে। প্ৰত্যেক বছৰে উন্নত মানদণ্ডৰ ঐক্য পোছাক, প্ৰত্যেক সপ্তাহে মধ্যাহ্ন ভোজনত কণীৰ ব্যৱস্থা কৰিছে যদিও চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা কিন্তু আশা কৰা ধৰণে বৃদ্ধি পোৱা পৰিলক্ষিত হোৱা নাই। সাম্প্ৰতিক সময়ৰ অভিভাৱকে বিদ্যালয়ত উন্নত আন্ত: গাঁথনি, ঐক্য পোছাক তথা খাদ্যৰ লগতে উত্তম শিক্ষাৰ কামনা কৰে; কিন্তু শিক্ষকৰ অভাৱত থকা বিদ্যালয় এখনত কি দৰে উত্তম শিক্ষা প্ৰদান কৰা হ’ব সেয়াহে চিন্তনীয় বিষয়। অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু ডাঙৰীয়াই প্ৰায়ে সংবাদ মাধ্যমৰ আগত “ৰেছনালাইজেশ্যন” প্ৰক্ৰিয়াৰ কথা কৈছিল যদিও এয়াও সম্পূৰ্ণ হৈ নুঠিল। কিছুমান জিলাত “ৰেশ্যনালাইজেশ্যন” হৈছিল যদিও ৰাজ্যৰ অধিকাংশ জিলাতে সম্পূৰ্ণ নহ’ল। এতিয়াও এনেকুৱা বহুতো বিদ্যালয় আছে য’ত শিক্ষকৰ অভাৱত পাঠদান প্ৰক্ৰিয়া স্বাভাৱিক হৈ থকা নাই। আনহাতে এনেকুৱা বিদ্যালয়ো আছে য’ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা অধিক। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই বিষয়ত পুনৰ এবাৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। অন্যথা শিক্ষা বিভাগত হাজাৰ হাজাৰ নিযুক্তি দিলেও সমস্যা সমাধান হ’ব বুলি ক’ব নোৱাৰি।

নতুন বছৰত নতুন চিন্তাৰে চৰকাৰে কৰ্ম কৰাৰ প্ৰয়োজন আছে। নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰক। কেৱল চৰকাৰী খণ্ডত নিযুক্তি দিলেই নিবনুৱা সমস্যা সমাধান নহয়। আত্ম সহায়ক গোট গঠন কৰি চৰকাৰে আৰ্থিক অনুদান আগবঢ়াই যুৱপ্ৰজন্মক আকৰ্ষিত কৰক। কৃষি ক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতিৰ ব্যৱহাৰৰ প্ৰয়োজন আছে।  উদ্যোগীকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ যত্ন কৰিব লাগিব চৰকাৰে। কাৰিকৰী শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ কৰক। অসমৰ শিক্ষিত যুৱক – যুৱতীক মীন পালন, পশু পালন আদিৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে অধিক ফলপ্ৰসূ হ’ব। মাছ, গাহৰি, কণী, ব্ৰয়লাৰ মুৰ্গী আদি বহি: ৰাজ্যৰ পৰা আমদানি কৰা উচিত নহয়। নদী মাতৃক দেশ হিচাপে অসমৰ কথা সকলোৱে জানে; তেনেক্ষেত্ৰত মাছৰ আমদানি অনৰ্থক। অসমত ১৪ টা জনজাতিৰ লোক আছে। জনজাতি লোকসকলে সাধাৰণতে গাহৰি পালন কৰে। সম্প্ৰতি অসমৰ অন্য জনগোষ্ঠীৰ একাংশ লোকেও গাহৰি পালন কৰে। গাহৰি পালন কৰা সকলক চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰক। মুৰ্গী থাকিলেই কণী থাকিব; গতিকে চৰকাৰে অসমীয়া জনগণক মুৰ্গী পালন কৰিবলৈ উৎসাহিত কৰক। দেশৰ অন্য ৰাজ্যই মাছ, গাহৰি, কণী, ব্ৰয়লাৰ মুৰ্গী উৎপাদন কৰিব পাৰিলে আমাৰ অসমে নোৱাৰাৰ কাৰণ কি? অসমৰ আন্ত:গাঁথনি নাই নেকি? যদি নাই চৰকাৰে আন্ত:গাঁথনি উন্নয়নৰ ব্যৱস্থা কৰক। আমদানিকৃত সামগ্ৰীয়ে থলুৱা বজাৰ তথা ব্যৱসায়ীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। অসমীয়াই আত্মনিৰ্ভৰ হ’বলৈ হ’লে নিজাকৈ সৃষ্টি কৰিব লাগিব। আনৰ সান্দহৰে বিহু পতা জাতি কেতিয়াও আত্মবিশ্বাসী হ’ব নোৱাৰে। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী জনৰ কৰ্মদক্ষতাত কাৰো সন্দেহ নাই, তেওঁ ইচ্ছা কৰিলে স্বাস্থ্য, শিক্ষা, মীন পালন, পশু পালন সকলো সম্ভৱ। মাথোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছাৰ প্ৰয়োজন। আশা কৰোঁ এই নতুন বৰ্ষতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰি অসমখনক স্বাৱলম্বিতাৰ দিশত আকৌ এখোজ আগবঢ়াই লৈ যাব।