নিঃসংগ প্ৰভাতৰ স্বপ্নকণা
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
নিসঙ্গ প্ৰভাতৰ নিস্তব্ধ বুকুত,
কুঁৱলীৰ আঁৰে আঁৰে
উমলি উঠে যেন এক অচিন
স্বপ্নৰ কণিকা তোমাৰ চকুত।
ইয়াতে মই বিলীন হওঁ
নিঃশব্দ আৱেগৰ এটি
অদৃশ্য ছায়াৰ কোলাত।
গোলাপৰ পাহিবোৰ উৰি যায়
তোমাৰ হাঁহিৰ নীৰৱ শব্দত;
হৃদয়ৰ বেদনাই ফুল হৈ ফুলে
মনৰ আনন্দৰ জোৱাৰত।
কুঁৱলী — ই স্মৃতি, প্ৰেম,
আৰু অন্তৰৰ অস্পষ্ট অনুভৱৰ
এক প্ৰতিমূর্তি,
যি প্ৰতিপ্ৰভাতে তোমাৰ স্মৃতিৰ ৰূপ লৈ আহে
আৰু সোণোৱালী ক্ষণবোৰ সোঁৱৰাই দিয়ে।
মায়াময় কুঁৱলীৰ আঁচল আঁতৰিলেই
আৱেগবোৰো যেন নিঃশেষ হৈ
অদৃশ্যতাৰ অন্তৰালত মিলি পৰে।
