প্ৰেমিক চৰাই মই
হাইছ উদ্দিন আহমেদ
নগাঁও
হৃদয়ত যেতিয়া সপোন সৰে
দূবৰি বন হৈ পথাৰত ঘূৰে।
নেদেখা অৰণ্যত প্ৰাণী চৰে
আকাশত জোন তৰা দৌৰে।
পুৱতিৰ নিয়ৰত টোপালবোৰে
হাঁহি হাঁহি জিলিকি থাকে।
সোণালী সোণ গুটি যেতিয়া পকে
খেতিয়কৰ মুখত হাঁহি বিৰিঙে।
বহু দিনৰ বিষাদবোৰে
ঠাই নাপায় ইফালে সিফালে
আজান লৈ গতি কৰে।
উৰিয়েই পতাকা বতাহত শব্দ কৰে
স্বাধীনতাৰ গোন্ধ নাকত লাগে।
